মোৰ মন উৎফুল্লিত

প্ৰান্তৰ পৰা লোক আহিছিল। আমাৰ ঘৰলৈ অহা মাকুমৰজনৰ আচল ঘৰ মাকুমত নাছিল, তেওঁ লখিমপুৰৰ ফালৰ আছিল। তেওঁ আমাৰ ঘৰলৈ আহোঁতে খাকী ৰঙৰ দীঘল পেন্ট এটা পিন্ধি আহিছিল। আমাৰ ঘৰত থকা দুদিনতে পেহীৰ সৈতে অলেখ কথা পাতিছিল। কি পাতিছিল নাজানো; কিন্তু দুয়ো জীৱনৰ মনোবম সময়খিনি উপভোগ কৰিছিল। দ্বিতীয় দিনা মানুহজনে খাকী পেন্টটো আৰু এটা বগা হাফ … Read more

খেতি-পথাৰলৈ ৰূপান্তৰ কৰাটো সম্ভৱপৰ নাছিল

বেতনিত হাবি ভাঙি গাঁও পতাৰ কেইবছৰমানৰ পিছতে অকন্তিৰ বিয়া হৈছিল। পিছে ককাৰ প্ৰথমখন বিয়া নিটিকিল। কাবণ অকন্তিৰ ঘৈণীয়েকৰ প্ৰথমটো সন্তান জন্ম দিয়াৰ সময়ত প্রসবজনিত ব্যাধিত মৃত্যু হৈছিল, মৃত্যু হৈছিল সন্তানটিৰো। প্রথমা পত্নীৰ মৃত্যুৰ পাছত গাঁৱৰ মানুহে অকন্তিক আকৌ বিয়া পাতিবলৈ উপদেশ দিছিল। গাঁৱৰ ধনীৰামেই ছোৱালী চাই দিছিল। ধনীৰামৰ সম্বন্ধীয় ভনীয়েক এজনী- নাহৰকটীয়াৰ চাচনিত ঘৰ। ফলত … Read more

এলার্ম ঘড়ীৰ দৰে বাজি উঠা দেউতাৰ কৰ্কশ মাতত সাৰ পাওঁ

এলার্ম ঘড়ীৰ দৰে বাজি উঠা দেউতাৰ কৰ্কশ মাতত সাৰ পাওঁ। -‘সৰুদৌ উঠ। ডাঙৰ দৌ উঠ।’ দেউতাই চিঞৰিছে। এবাৰ, দুবাৰ… মায়ে কৈছে- ‘ইমান মৰ টোপনি নে তহঁতৰ?’ অনিচ্ছা সত্ত্বেও চাং এৰোঁ আমি। মধুময় টোপনিৰ কোলাৰ পৰা নামি আহি মাটিত ভৰি থওঁ। জাৰৰ দিনত মজিয়াৰ মাটি ইমান চেঁচা। মা-আইতাই বৈ দিয়া ডাঙৰী সূতাৰ চাদৰ এখন গায়ে-মূৰে মেৰিয়াই … Read more

মোৰো এটা সপোন আছে

বহল চাংখনৰ কাষতে দীঘল টেবুলখন। চাৰিটা খুঁটা পুতি বাঁহেৰে বনোৱা টেবুলখন আচলতে এখন চাঙেই। টেবুলৰ ওপৰত নির্দিষ্ট স্থানত থাকে মোৰ, বাইদেউ আৰু ককাইদেউৰ কিতাপ-পত্র, বহী। কণ আৰু মুন তেতিয়াও স্কুল যাবৰ হোৱাই নাই। সন্ধিয়া হ’লেই টেবুলৰ সন্মুখত ৰৈ আমি আটায়ে প্রার্থনা জুৰোঁ। কেতিয়াবা কণ-মুনেও উলাহতে যোগ দিয়ে। কিন্তু সিহঁতে প্রার্থনাৰ গাম্ভীর্য তেতিয়াও বুজা হোৱা নাই। … Read more