গাঁৱত চকু-চৰহা মানুহৰ আটক নাই

গোৰা গুৰিত খুঁত ধৰিবলৈ নাই। বাপেক অৱস্থাপন্ন মানুহ, একেজনী মাথোন ছোৱালী। ছোৱালীও দেখাই-শুনাই, বোৱাই-কটাই বেয়া নহয়। পুতেকৰ অন্তৰংগ বন্ধুৰ লগা-ভগা। ল’ৰাৰো বিয়াত সন্মতি আছে। ৰাহি-জোৰা চোওৱা হৈছে। বাজ-জোৰ। আহিছে। তদুপৰি যাচি দিয়া ছোৱালী। কি বুলিনো প্রস্তাৱটো ওভোতাই পঠিয়ায়? ছোৱালীৰ ঘৰ দূৰৈত হ’ল, বিয়াত অহাযোৱা কিছু খৰচ হ’ব। তাকো ছোৱালীৰ বাপেকৰ পৰা ল’ব পাৰি। পিছে ধন লৈ ল’ৰা বেচিবলৈ যাবনে? বংশৰ কল্যাণৰ কাৰণে সাত-পাঁচ গুণি-গাঁথি মহীকান্ত বৰুৱাই বিয়াৰ প্ৰস্তাৱত সন্মতি জনাই বাপুৰাম বৰালৈ চিঠি লিখিলে। পুতেকৰ পৰীক্ষাৰ খবৰ- বাতৰি ওলোৱাৰ পাছত দিন-বাৰ চোৱাব বুলিও জনালে। উপযুক্ত ল’ৰাক ছোৱালী গতাব পৰাটো বাপেক-মাকৰ ভাগ্যৰ কথা। ছোৱালীক উলিয়াই দিলে কেৱল সামাজিক দায়ৰ পৰাই মুক্তিলাভ নহয়, পৰিয়ালৰো পৰিসৰ বাঢ়ে। কথাতে কয় বৰ জোঁৱাই বৰ পোৰ তুল্য। বিবাহ সামাজিক পুণ্য অনুষ্ঠান। যদিও ভালেখিনি দৈৱৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। ডিব্ৰুৰ পৰা সন্মতিসূচক চিঠিখন অহাৰ লগে লগে বাপুৰামৰ ঘৈণীয়েকৰ গাত তত নোহোৱা হ’ল। আগলৈও নাই- পিছলৈও নাই, একেজনী মাথোন ছোৱালী। পূর্বজন্মৰ ভাগ্যৰ বলত কমলাকান্তৰ দৰে শিক্ষিত দবা পাইছে। চিঠি পায়ে তগৰৰ মাকে গোসাঁইৰ আগলৈ ৰূপ এটকি আগবঢ়ালে, থানলৈ সোণৰ ফুল এপাহ মানস কৰিলে। গন্ধীয়া বাপুক মাতি শনিবাৰে সন্ধিয়া সত্যনাৰায়ণৰ পূজা এভাগিও পাতিলে। গাঁৱত চকু-চৰহা মানুহৰ আটক নাই। ছোৱালীৰ মিছামিছি চৰিত্ৰদোষ উলিয়াই দৰাঘৰলৈ বেনামী চিঠি দি হ’ব খোজা অনেক বিয়া ভঙাৰ কথা বাপুৰামে শুনিছে। গতিকে দিন-বাৰ একেবাৰে ঠিক-ঠাক নোহোৱালৈকে ঘৈণীয়েকক কথাটো গোপনে ৰাখিবলৈ নিৰ্দেশ কৰিলে। মৌজাদাৰৰ ঘৰৰ পৰা কথাটো ওলোৱাৰ ভয় নাই-কিয়নো কৃষ্ণদত্তয়ে লাগি-ভাগি বিয়াৰ দিহা কৰিছে। কেইদিনমানৰ পৰা ওচৰচুবুৰীয়া সকলোৱে বাপুৰামৰ ঘৈণীয়েকৰ কথা-বার্তা, চাল-চলনৰ পৰিৱৰ্তনৰ লক্ষ্য কৰিলে। যেয়ে ঘৰলৈ আহে- তেওঁকে উলাহ-মালহ কবি বহুৱায়, তামোল-চালি দি উদাৰ আত্মীয়তাৰে মেল মাৰে। ৰঙিলী বাইক তামোলখন দি বিদায় দি কৈছে, “আমাৰ আপোন বুলিবলৈ বাই তোমালোকহে। মোক আৰু নেৰিবাহক।” মুখত তামোলখন লৈ ৰঙিলীয়ে ক’লে, “এ আই। সেই আষাৰনো ক’ব লাগিছেনে? মাছৰ সহায় পানী, পানীৰ সহায় মাছ। তহঁতকনো এৰি আমি কাৰ ওচৰত হাত পাতিমগৈ? পৰা কামখনত কেতিয়াবা জানো পাছ হোহোঁকা দেখিছ?”

“সেইষাৰ আকৌ কেলৈ ক’ম? মৰিলেও তহঁতৰ গুণ নাপাহৰোঁ।”

“পিছে দিন-বাৰ কিবা ঠিক হ’ল জানো?”

“তেনেকৈ হওতে একো ঠিক হোৱা নাই। ল’ৰাই পৰীক্ষা দিছে। পাছ-ফেল কিবা এটা নিষ্পত্তি হ’লেহে দিন-বাৰ চাব লাগিব।”

“হওকদে আই। সোনকালে উলিয়াই দিব পাৰিলেই ভাল। মই পূর্বেই কৈছোঁ নহয়- তোৰ ছোৱালী মহালক্ষ্মী। ছোৱালীৰ ভাগ্যৰ বলতহে এনে জোৰা মিলিছে!”

“তহঁতৰ আশীৰ্বাদত..।” ৰঙিলী বায়ে মুখৰ পিক পেলাই ঘৰলৈ গ’ল। বৰদলৈয়ে ছপা কৰা অসমীয়া ৰামায়ণ পুথি এখন বাপুৰাম বৰাৰ ঘৰত আছে। পুথিৰ পাত উৱলি গৈছে, মাজে মাজে দুই-এটা ছপা পাত হেৰোৱাত হাতেৰে লিখা পাতেৰে পূৰোৱা হৈছে। পাতবোৰে বৰণ সলাই মাটিৰ বৰণ লৈছে। লোকৰ ঘৰলৈ নিলে ফাটি-ছাটি পুথিৰ পিনে আধ্যা হয় বুলি বৰাই পুথিখন আনৰ ঘৰলৈ নিবলৈ নিদিয়ে। আখৰ চিনা দুই-এগৰাকী তিৰোতাই মন গ’লে কেতিয়াবা দুপৰীয়া বৰাৰ ঘৰলৈকে আহি পড়ে। মহেশ্বৰ বাপুৰ ঘৈণীয়েকে পুথি পাঠৰ পাছত বৰানীৰ লগতে শাস্ত্ৰালাপ কৰি তামোল-চালি খাবৰ দিহা কৰিছে। ওচৰতে পদ শুনি থকা তগৰক দেখি বাপুরনীয়ে সুধিলে-

“ছোৱালীটি উলিয়াই দিবৰ কিবা দিহা কৰিছাহঁকনে? আমাৰ বামুণৰ ছোৱালী হোৱা হ’লে ইমান দিনে নাতি-নাতিনীৰ মুখ দেখিলোঁহেঁতেন। এই আপদবোৰ যিমান সোনকালে পাৰি উলিয়াই দিয়াহে মংগল।” তগৰ অতর্কিতে আঁতৰি গ’ল। বাপুবনীয়ে এনে এটা প্রশ্ন কেতিয়া সোধে বৰানীয়ে মনে মনে তাকেহে গুণি আছিল। কথাটো উলিয়াবৰ সুবিধা পাই, গোপনীয়তাৰ নিমিত্তে চুঁচৰি বাপুৱনীৰ কাষ চাপি ক’লে, “ল’ৰা এটা হওঁতে ঠিক হৈছে।”

“হওক হওক, সন্তোষৰ কথা। পিছে ল’ৰানো কোনখিনিৰ?”

“ডিবুকৰ।”

“ডিবুৰুৰ? সদিয়াৰ ডিবুঝ নহয় জানো? বহুত দূৰত ছোৱালী দিবলৈ ওলালা। ওচৰে-পাঁজৰে ল’ৰা এটা নাপালানে? ইমান দূৰত ছোৱালী দি কেনেকৈ থাকিবা? বিহুবে সংক্রান্তিয়ে জী-জোঁৱাইৰ মুখ দেখাই টান হ’ব। ইমান দূৰৈত কিনো দেখি ছোৱালী দিবলৈ ঠিক কবিলা?”

“কলেজত পঢ়া ল’ৰা, বংশ ভাল।” অবিশ্বাসৰ চাৱনিৰে বৰানীলৈ চাই বাপুৱনীয়ে সুধিলে, “মৌজাদাৰৰ জোঁৱায়েকৰ সমান পঢ়িছেনে? মৌজাদাৰৰ জোঁৱায়েক আই.এ. পাছ।”

“মৌজাদাৰৰ জোঁৱায়েকতকৈ দুবছৰ বেছি পঢ়িছে। কিবা বোলে বি এ পঢ়িছে।” মৌজাদাৰৰ ছোৱালীৰ বিয়াত বাপুৱনীক ভালকৈ সোধপোছ নকৰিলে। বহিবলৈকো দিলে শুদিবণীসকলৰ লগত একে চৰাতে। মৌজাদাৰৰ ঘৰৰ ওপৰত বাপুৱনীৰ সেই খং এতিয়াও মাৰ যোৱা নাই। মৌজাদাৰৰ জোঁৱায়েকতকৈ বাপুৰামৰ হ’ব খোজা জোঁৱায়েক বেছি পঢ়া শুনি বাপুৱনীয়ে পেটে পেটে বং পাই সুধিলে, “ল’ৰাই তেনেহ’লে আমাৰ বৰুৱা জগন্নাথৰ সমান পালেগৈ। পঢ়া-শুনা চাই কামো গহীনেই হ’ব নহয়? মৌজাদাৰৰ জোঁৱায়েকে যেতিয়া কম পঢ়োঁতেই মাষ্টৰী পাইছে?” হ’ব খোজা জোঁৱায়েক কমলাকান্তৰ হাকিম, ছাব-ডেপুটী হ’বৰ সম্ভাৱনা আছে বুলি গিৰিয়েকৰ মুখৰ পৰা পাকে-প্ৰকাৰান্তে শুনিছে যদিও, আনৰ লগত কথাটো উলিয়াবলৈ বৰানীৰ সাহস হোৱা নাই। জোবায়েক হাকিম, ছাব-ডেপুটী হ’ব বুলি কলেওবা গাঁৱত বিশ্বাস কৰিব কেইজনে? বাপুৱনীক ভাল লগাবলৈ বৰানীয়ে ক’লে, “এখেতসকলৰ আশীৰ্বাদহে লাগে। আমিনো কৰোঁ বুলি কি কৰিব পাৰোঁ।” “এবা, এৰা। প্ৰভুৰ কৃপাইহে সকলো। যাৰ য’ত নির্বন্ধ। পিছে জানিবা তিৰোতাৰ ভাগ্যইহে পুৰুষৰ ভাগ্য। ছোৱালীৰ কপাল ভাল; সজ ঠাইতে পাত্রস্থ হ’ব। ছোৱালীৰ বাপেকে যেনে শিক্ষা দিছে, মহাপ্রভুৱে সেইদৰে পাত্রও উপযুক্ত মিলাইছে। ল’বাই ইমান পঢ়িছে যেতিয়া উকিল, মুক্তিয়াৰ কিবা এটা নিশ্চয় হ’বই হ’ব। তাৰ নিমিত্তে চিন্তা কৰিবই নালাগে।” অন্তৰংগৰ ভাবত বৰানীয়ে ভিতৰুৱাকৈ কথাটো কোৱাত বাপুৱনীয়ে আত্মতৃপ্তিত বিভোৰ হৈ ওলাই গ’ল। কলেজত পঢ়া ল’ৰাক ছোৱালী দিয়াৰ সৌভাগ্য যেতিয়া ঘটিছে, তেনেস্থলত যৌতুকত দিয়া কাপোৰ কেইসাজত কৃপণালী কৰিলে নহ’ব। গহনা-গাঁঠৰি, অলংকাৰ-পাতি, পেৰা-পেটাৰি ভৰাই দিব নোৱাৰিব পাৰে, কিন্তু নিজে বৈ-কাটি উলিয়াব পৰা কাপোৰৰ কি আকাল? তাতে দূৰলৈ উলিয়াই দিয়াৰ কথা। দুই-তিনি বছৰ জোৰাকৈ কাপোৰ নিদিলে, শাহ-শহুৰক খুজি পিন্ধিলেহে হ’ব? ঘৰতে দুখন তাঁতশাল থকা সত্ত্বেও তাতে সন্তুষ্ট নহৈ বৰানীয়ে যাকে য’তে পালে তাৰে হতুৱাই ভিন ভিন কাপোৰ বোৱাবলৈ দিহা কৰিলে। বৰানীয়ে নিজে প্রথমে বনকৰা মেখেলা, চাদৰ এসাজ লগালে। কিছুদিনৰ পৰা চৰকাৰী মাষ্টৰ এজনে গাঁৱৰ ছোৱালীহঁতক বঙালী শালত নতুন নতুন ফুল তুলিবলৈ শিকাইছে। মৌজাদাৰৰ চ’ৰাঘৰত চৰকাৰী লোহাব শাল এখন পতা হৈছে। গাঁৱৰ বুঢ়ী, ডেকেৰী কোনো কোনোৱে দুপৰীয়া গৈ এযোৰ-দুযোৰ ব’বলৈ শিকিছে। তাঁতশালৰ কাপোৰ তৰিয়েই বাপুৰামৰ ঘৈণীয়েকে চৰকাৰী উইভিং মাষ্টৰ ধৰণী কলিতাৰ খবৰ লোৱালে।

ধৰণী মাষ্টৰৰ ঘৰ নগাঁও জিলাত। বয়স বেছি হোৱা নাই, ল’বা মানুহ, ওখও নহয়, তেনেই চুটি-চাপৰো নহয়। সুশ্রী, সুগঠিত, সুঠাম লাহি দেহটোৰ মাজেদি প্রথম যৌৱনৰ কমনীয়তা বিয়পি পৰিল। সবল উজ্জ্বল চকু দুটাত লাজ লাজ ভাব। কোমল বয়সীয়া ধৰণী মাষ্টৰক দেখিয়েই বাপুৰামৰ ঘৈণীয়েকে ক’লে, “ইহঁতে মাষ্টৰ, মাষ্টৰ বোলে- মই বোলো বয়সীয়া মানুহ হ’বলা? পিছে ক’তা? তেনেই ল’ৰা মানুহ।”

চকুৰে হাঁহি ধৰণীয়ে তলমূৰ কৰিলে। ভিন ভিন চানেকি থকা চানেকি বহীখনৰ পাত লুটিয়াই এখন এখনকৈ আগ্রহেৰে ধৰণীয়ে বাপুৰামৰ ঘৈণীয়েকক দেখুৱালে।

চাদৰৰ কোণত কোনটো কল্কাই শুৱাব, মেখেলাৰ পাতলিত কি ফুল তুলিব, মাজত কোনটো পাতত পখিলা, ভোমোৰা দিব সেই সম্বন্ধে সৰ্গৰকৈ নির্দেশ দি ধৰণী মাষ্টৰে নিজৰ নিপুণতা আৰু কচিৰ পৰিচয় দিলে। বোৱা-কটাৰ বিষয়ে ডেকা ল’ৰা এটাৰ ইমান বিদ্যাবুদ্ধি দেখি বৰানীয়ে তবধ মানিলে। জীৱন ধবি নিজে তাঁত ব’লে, ক’ত ফুল বাছিলে- কিন্তু ধৰণী মাষ্টৰৰ চানেকিৰ লগত সেইবোৰৰ তুলনাই নহয়।

বিনয়ী আৰু লাজুকীয়া স্বভাৱৰ কাৰণে মাষ্টৰৰ প্ৰতি তগৰৰ মাকৰ প্ৰথম পৰিচয়তে মৰম উপজিল। দুই-চাৰিদিন আহ-যাহ কথা-বার্তাত বাপুৰাম বৰাৰ ঘৰৰ লগত ধবণী মাষ্টৰৰ ঘনিষ্ঠতা বাঢ়িল। মাতৃত্বৰ স্নেহেৰে বৰানীয়ে অলপ সময়ব ভিতৰতে ধৰণীক অতি আপোন কৰি ল’লে।  ঘৈণীয়েকব খেচখেচনিত বাপুৰামে খৰ্গেশ্বৰ সোণাৰীক মাতিবলৈ বাধ্য হ’ল। খৰ্গেশ্বৰে বৰাৰ ভিতৰ চোতালত শালখন পাতিলেহি। পৈতৃক দিনীয়া যি সোণ আছিল বাপুৰামে জীয়েকৰ গহনা-পাতি কৰিবলৈ উলিয়ালে। ঘৈণীয়েক কিন্তু তাতে সন্তুষ্ট নহ’ল। পেৰাত পৰি থকা নিজৰ ডাঙৰ থুৰীয়াজোৰ আৰু বহুদিন পিন্ধিবলৈ এৰা ঢোল বিৰিয়াটোও ভাঙিবলৈ সোণাৰীক উলিয়াই দিলে। মৌজাদাৰৰ ঘৰৰ পৰা কলিকতাৰ ‘গিনি হাউছ’ৰ পুৰণি কেটেলগ এখন বিচাৰি আনি তাৰ নক্সাত দুই-এপদ বঙালী গহনাও গঢ়ালে। সৌভাগ্য মানুহৰ প্রধান বিশ্বাসঘাতক। বিয়াৰ দিন ঠিক নৌহওঁতেই বতাহৰ দৰে বেগাই আহি চিলনীৰ দৰে চোঁ মাৰি মৃত্যুৱে বৰানীক লৈ গ’ল। মুহূৰ্তৰ ভিতৰতে আনন্দব অভিষেক কান্দোনৰ বোলত পৰিণত হ’ল। স্বামীৰ চকুৰ আগত পতিৱতাৰ মৃত্যু- এয়ে হ’ল পৰিয়ালৰ সান্ত্বনা। তগৰ-কমলাকান্তৰ হ’ব লগা বিয়াখন অলপদিনৰ কাৰণে পিছ হুঁহকিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top