স্বাভিমানৰ তিৰবিৰণি
অসমৰ গৌৰৱোজ্জ্বল ইতিহাস চৰ্চাৰ সময়ত চুকাফা, লাচিত বৰফুকন, গদাধৰ সিংহ, ৰুদ্ৰসিংহ, আতন বুঢ়াগোহাঁই আদিৰ বীৰত্ব, শৌর্য-বীৰ্যৰ কথাৰ লগতে মহাপুৰুষ দুজনাক যিমান শ্ৰদ্ধাৰে স্মৰণ কৰা হয়, সিমান শ্রদ্ধা আৰু আগ্রহেৰে কিন্তু চুতীয়াসকলৰ বা মৰাণসকলৰ কথা আলোচনা কৰা সাধাৰণতে দেখা নাযায়। কিন্তু অসমীয়া মানুহৰ স্বাভিমান বৃদ্ধি কৰিব পৰা যিমানবোৰ ঐতিহাসিক সমল আছে, সেইক্ষেত্ৰত চুতীয়াসকলৰ অৱদানো বেছ গুৰুত্বপূৰ্ণ। আন বহু জাতিৰ দৰে চুতীয়া জাতিৰ ইতিবৃত্ত বেছিকৈ খুঁচৰিলে অতীতটো ৰূপকথা আৰু অতিকথাৰ মাজত সোমাই পৰেগৈ। সেয়ে তেনেবোৰ বিষয় বাদ দি তেওঁলোকৰ কেইটামান অৱদানৰ কথা ক’ব বিচাৰিছোঁ। আহোমসকল অহাৰ আগৰে পৰা চুতীয়াসকলে বৰ্তমানৰ উজনি অসমৰ এটা অংশত ৰাজত্ব কৰিছিল। শদিয়া অঞ্চলটোক কেন্দ্ৰ কৰিয়েই চুতীয়া জাতিৰ ৰাজনৈতিক শক্তি আৰু সাংস্কৃতিক চেতনা গঢ় লৈ উঠিছিল বুলি বিভিন্ন ঐতিহাসিকসকলৰ পৰা উপলব্ধি কৰিব পাৰি। চুতীয়া সকলে প্রায় তিনিশ বছৰ কাল ৰাজত্ব কৰাৰ পাছত ষোল শতিকাৰ আৰম্ভণিতে আহোমসকলৰ হাতত পৰাস্ত হয় আৰু তেওঁলোকৰ ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হৈ পৰে। ঐতিহাসিক কনকলাল বৰুৱাই চুতীয়াসকলৰ বিষয়ে লিখিছে- “আমি আগেয়ে কৈ আহিছোঁ চুতীয়াবিলাক হিন্দুবিলাকৰ এটা ডাল। তেওঁলোক সম্ভৱতঃ শাক্ত আছিল। শদিয়াৰ উজনিৰ ফালে তেওঁলোকৰ চাৰিটা দেৱ মন্দিৰ আছিল। ইয়াৰ প্ৰধান মন্দিৰটিৰ নাম তাম্ৰমন্দিৰ বা ‘তামৰ ঘৰ’। এই তাম্ৰ মন্দিৰত বছৰি বছৰি নৰবলি আৰু অন্য মন্দিৰত বগা ম’হৰ বলিও দিছিল। এই তাম্ৰ মন্দিৰটো বৰ বিখ্যাত থান এখন আছিল। পর্বতীয়া জাতি আহোম, হিন্দু
সকলোৱে এই তাম্র মন্দিৰৰ অধিস্থাত্ৰী দেৱীক সমানে উপাসনা কৰিছিল। এনেকি, চীন তিব্বত আৰু হিন্দুস্তানৰ পৰাও এই তামৰ ঘৰলৈ যাত্রী অহা যোৱা কৰা কথাৰ উল্লেখ আছে।” অসমীয়া সংস্কৃতিত চুতীয়া সকলৰ প্ৰভাৱৰ গভীৰতাৰ কথা আঙুলিয়াবলৈ গৈ বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই এটা তাৎপর্যপূর্ণ কথা কৈছে। তেওঁৰ মতে “Scratch a Russian, you will find him a Tartar.” এইদৰে উজনি অসমৰ সৰু ভাগটি অসমীয়াক Scratch কৰক অৰ্থাৎ বখলিয়াই বা বাঁকুহি চাওক দেখিব, তেওঁ আচলতে চুতীয়া। কথাষাৰ তুলা কমোৱাদি কমাই ক’লে এইদৰে হ’ব ময়েই এতিয়া মোৰ নামৰ পাছত আছে শর্মা উপাধি। শর্মা বুলিলে কি বুজায় সকলোৱে জানে। তথাপি মোৰ ঐতিহাসিক মনোবৃত্তি ৰীতি-নীতি আৰু সংস্কৃতি, সভ্যতা, ল’ৰাৰ পৰা ডাঙৰ হোৱালৈকে পুহি অহা ভাব আৰু কৰি অহা ধেমালিবোৰ টংকৈ চালে দেখিবলৈ পাওঁ মোৰো এফালে দেখোন চুতীয়া।” ১৫২৩ খ্রীষ্টাব্দলৈকে স্বাধীনভাবে ৰাজ্য চলাবলৈ সমর্থ হোৱা চুতীয়াসকল শেষত আহোম ৰজাৰ হাতত পৰাস্ত হ’ল যদিও তেওঁলোকৰ জীৱন ধাৰণৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ উপাদান আহোমসকলৰ যোগেদি সমগ্র অসম বিয়পি পৰে। ইয়াৰ ভিতৰত চুতীয়াৰ সৌন্দৰ্যবোধ, উচ্চমানৰ শৈল্পিক কাৰুকাৰ্য আদি গুৰুত্বপূৰ্ণ। চুতীয়াসকলক পৰাস্ত কৰি আহোমে প্রায় হাজাৰ হিলৈ আনিছিল বুলি বুৰঞ্জীত পোৱা যায়। তাৰ ভিতৰত মিঠা হোলোং বোলা বৰতোপটোৱেই সর্বোৎকৃষ্ট আছিল। মণিৰাম দেৱানৰ মতে তাৰ আগতে অসমত বৰতোপ ব্যৱহাৰ হোৱা নাছিল। তোপ্ আৰু খাৰ বাৰুদ তৈয়াৰ কৰাত পাৰ্গতালি দেখিয়েই মীৰজুমলাৰ লগত অহা জন বেপ্টিছ টেৱার্নিয়েৰে অসমতে খাৰ কলাই তৈয়াৰ হৈছিল বুলি মত পোষণ কৰি গৈছে। মেকুৰী মাৰিলে সিপুৰীত সোণৰ মেকুৰী দিব লাগিব বুলি বর্তমানেও অসমীয়া সমাজত প্রচলিত বিশ্বাসটো চুতীয়াসকলৰ পৰাই আহিছে। পূৰ্বতে চুতীয়াই মেকুৰীক সৎকাৰ কৰিছিল। শ্যাম বুৰঞ্জীত আছে- সৌমাৰত শ্যাম বিলাক প্রবেশ কৰোঁতে চুতীয়াবিলাকেহে কেৱল লেখা পঢ়াৰ চৰ্চা কৰিছিল। বহু অসমীয়া মানুহে বৈদিক ৰীতি মতে ধর্মীয় কাম-কাজ সম্পাদন কৰাৰ সময়ত নিজৰ গোত্ৰৰ কথা মনত পেলায়। যাৰ কোনো গোত্ৰ নাথাকে তেওঁলোকে কাশ্যপ গোত্র বুলি ভাবি লৈ ধর্মীয় কাম কাজবোৰ সম্পাদন কৰে। চুতীয়া জনশ্রুতি মতে এই কাশ্যপ মুনিয়ে চুতীয়া ৰাজ্যৰ অন্তৰ্গত হাবুঙত থাকি ব্রাহ্মণত্ব লাভ কৰিছিল।
ধেনু কাঁড়ৰ প্ৰতি যৌৱনাৱস্থাত বহু লোকে প্রদৰ্শন কৰা আগ্ৰহৰ লগতে পেঁপা, মুঝলি, সুতুলি, গগনা বজাই গীতমাত গোৱা আৰু নাচবাগৰ প্ৰতি থকা হাবিয়াসবোৰকো প্রাচীন চুতীয়া পৰম্পৰাই প্ৰভাৱান্বিত কৰিছে। অসমীয়া সমাজত প্রচলিত অলেখ বিয়ানাম, আইনাম, গৰখীয়া নাম, ফকৰা যোজনা আৰু খণ্ড বাক্যৰ মাজতো চুতীয়া প্ৰভাৱ স্পষ্ট। খনিকৰী বিদ্যাটো চুতীয়াৰ আছুতীয়া সম্পত্তি বুলি বেণুধৰ শমাই কৈ গৈছে। শমাই তেওঁৰ নিজস্ব শৈলীৰ অতুলনীয় গদ্যৰে শেষত যিকেইটা কথা কৈ গৈছে সেয়া বর্তমান সময়ত অসমীয়াৰ স্বকীয়তা সন্ধানৰ যাত্ৰাত অংশীদাৰ হোৱা সকলোকে সাহস দিব পাৰে। তেওঁ লিখিছে “অন্তৰত আগ্রহ ওপজাওক, প্রাণত চেতনা দিয়ক আৰু জাতীয়তাৰ বিস্তাৰ কৰক দেখিব অসম আকৌ সেই পুৰণি গৌৰৱদীপ্ত অসম হৈ উঠিব, তাৰ কোলাতেই চুতীয়া সংস্কৃতি জলমলাই থাকিব।” চুতীয়াসকলৰ কথা ক’বলৈ গৈ সতী সাধনীৰ বিষয়ে একো উল্লেখ নকৰাটো কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে। শেষৰজন চুতীয়া ৰজা নীতিপালৰ পাটৰাণী সাধনী সমস্ত অসমীয়া নাৰী জাতিৰেই আদর্শ হোৱা উচিত। প্রখ্যাত ঐতিহাসিক ড° স্বর্ণলতা বৰুৱাই লিখিছে – “সতী সাধনীৰ যি ত্যাগ আৰু মনোবল, যি সন্মানবোধ আৰু স্বাধীনতা প্রেম, সি অসমীয়া তথা সমস্ত মানৱ জাতিৰ গৌৰৱৰ বিষয়, আমাৰ জাতীয় অনুপ্ৰেৰণাৰ পৰম উৎস। সতী সাধনীৰ মহৎ আদর্শ, সম্মানবোধ, ত্যাগ আৰু স্বাধীনতাপ্রেম সকলো জাতিৰ বাবেই স্মৰণযোগ্য।” ষোল শতিকাত শাসনভাৰ চলোৱা চুতীয়া ৰজা ধৰ্মধ্বজপালৰ বহু দিনলৈকে সতি-সন্ততি হোৱা নাছিল। বহু পূজা-অৰ্চনাৰ পাছত তেওঁৰ এটি কন্যা সন্তানৰ জন্ম হয়। সাধি সাধি লাভ কৰাৰ কাৰণে ছোৱালী জনীৰ নাম সাধনী ৰখা হয়। শিক্ষা-দীক্ষা আৰু সংগীতৰ ক্ষেত্ৰতো সাধনী নিপুণ আছিল। সাধনীৰ বিয়া হৈছিল এজন সাধাৰণ যুৱকৰ লগত। নিতাই নামৰ যুৱকজনে সাধনীৰ পিতৃ ধৰ্মধ্বজপালৰ মৃত্যুৰ পাছত নীতিপাল নাম লৈ সিংহাসনত উঠে। কিন্তু সামর্থ্য আৰু অভিজ্ঞতা দুয়োটা দিশতে দুর্বল হোৱা বাবে আহোম ৰজা চুহুংমুঙৰ হাতত তেওঁ পৰাজয় বৰণ কৰে। পত্নী আৰু খুলশালিয়েক সাধক নাৰায়ণৰ সৈতে চন্দনগিৰি পৰ্বতত পলাই থকা সময়তে নীতিপাল আহোম সৈন্যৰ দ্বাৰা বন্দী হয়। কিন্তু সাধনীয়ে শত্রু পক্ষৰ হাতত বন্দী হোৱাতকৈ নিজক নিঃশেষ কৰি দিয়াটোকেই শ্রেয় বুলি ভাবিলে। পৰ্বতৰ পৰা তললৈ জঁপিয়াই দি সাধনীয়ে আত্মহত্যা কৰে। মনত গভীৰ দৃঢ়তা আৰু বুকুত সুতীব্র স্বদেশানুৰাগ নথকা হ’লে
সাধনীয়ে এনেদৰে প্ৰাণত্যাগ কৰিব নোৱাৰিলেহেঁতেন। সাধনীৰ এই বিৰল আত্মত্যাগে মধ্যযুগত অসমীয়া নাৰীয়ে নিজৰ সন্মানৰ বাবে হেলাৰঙে প্রাণ বিসর্জন দিব পৰা সাহস আৰু সামর্থ্যৰ বিষয়ে আভাস দাঙি ধৰে। সাধনীৰ মৃত্যুত পাছতে চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হৈ পৰে। অৱশ্যে বহু চুতীয়া সাংস্কৃতিক সমলে আহোমসকলৰ যোগেদি সমগ্র উজনি অসমতে বিস্তাৰ লাভ কৰে।
বৰ্মন বংশৰ পতনৰ পাছত কামৰূপত শাসনভাৰ লয় ক্রমে শালস্তম্ভআৰু পাল বংশৰ ৰজাসকলে। পাল বংশৰ ৰজাসকলে দ্বাদশ শতিকাৰ আৰম্ভণিলৈকে শাসন চলাইছিল। ইয়াৰ পাছৰ সময়ছোৱাৰ ইতিহাস পূৰ্বতকৈ কিছু ধূসৰ হৈ পৰে। ছেগা-চোৰোকাকৈ মুছলমানসকলৰ প্ৰথম আক্ৰমণৰ কথাবোৰ আমি গম পাওঁ যদিও বহু বিষয় ঐতিহাসিক সমলৰ অভাৱৰ বাবে স্পষ্ট হৈ উঠা নাই। সেই যুগৰ কামৰূপৰ পূব দিশে বা পূব সীমাত মৰাণ, বৰাহী, চুতীয়া আৰু বাৰ ভূঞাসকলৰ ৰাজত্ব চলিছিল। ইয়াৰ ভিতৰত বৰাহীসকলৰ কথা বৰ্তমান সময়ত বিশেষ জনা নাযায়। চুকাফাই অসমলৈ আহি প্ৰথম বৰাহীসকলকে পৰাভূত কৰি নিজৰ ৰাজ্যৰ ভেটি শক্তিশালী কৰিছিল। ঐতিহাসিক সমলবোৰে মৰাণসকলৰ বিষয়েও বিস্তৃতভাৱে একো কোৱা নাই। বিক্ষিপ্তভাবে চুকাফাই তেওঁলোকক বশ কৰাৰ কথাৰ লগতে আহোম ৰজালৈ হাতী যোগান ধৰা আৰু আহোমৰ লগত হোৱা বৈবাহিক সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰিব পাৰি। তদুপৰি স্বাধীনচিতীয়া মনৰ মৰাণসকল নিজৰ পৰিচয় আৰু সংস্কৃতি লৈ সাংঘাতিক ধৰণে স্বাভিমানী আছিল বুলি ধাৰণা কৰিব পাৰি। তেওঁলোকৰ স্বাভিমানৰ শক্তি আহোম ৰাজত্বৰ শেষৰ ফালে সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ সময়তো পৰিলক্ষিত হয়।
১২২৮ খ্ৰীষ্টাব্দৰ আহিন মাহৰ ১৬ তাৰিখে চুকাফাৰ নেতৃত্বত প্রায় ন হেজাৰ সৈন্যই পাটকাই পৰ্বত পাৰ হৈ অসমৰ সমতল ভূমিত প্ৰৱেশ কৰে। আহোমসকলৰ অসম আগমন সমগ্র জাতিটোৰ ইতিহাসত এটা জলচ্ছেদ ঘটনা। ড° সূৰ্য কুমাৰ ভূঞাৰ মতে ৪০জন আৰু ড° নগেন শইকীয়াৰ মতে ৩৯জন আহোম স্বৰ্গদেউৰ ছশ বছৰীয়া ৰাজত্ব কালত বৰ্তমান অসমীয়া সমাজৰ বহু উপাদান তিৰবিৰাই উঠিছিল। আহোম বুৰঞ্জীৰ কথাবোৰ মোটামুটিভাৱে সচেতন সমাজৰ জ্ঞাত বাবে আমি কেইটামান বিশেষ বিষয়তহে আলোকপাত কৰিবলৈ চেষ্টা কৰিম। নক’লেও হ’ব অসমীয়াৰ স্বাভিমান সন্ধানৰ যাত্ৰাত যিবোৰ সমলে আমাক উৎসাহিত কৰিছে, সেইবোৰকে গুৰুত্ব প্রদান কৰি আমি আমাৰ মনৰ কেন্দ্ৰীয় বিষয়টো দাঙি ধৰিবলৈ চেষ্টা কৰিম। বহু পণ্ডিতৰ দীর্ঘদিনীয়া আলোচনা-বিলোচনাৰ পাছত এতিয়া এটা কথা কিছু ডাঠি ক’ব পৰা হৈছে যে আমাৰ অতিকে আপোন ‘অসম’ বাজ্যখনৰ নামটোও আহোমৰ পৰাই উদ্ভৱ হৈছে। ‘আহোম’ শব্দটোক ড’ নগেন শইকীয়াই ‘অসমীয়া মানুহৰ ইতিহাস’ গ্রন্থত ‘অসম’ আৰু ‘অসমীয়া’ শব্দৰ উৎস বুলি যুক্তিৰে দেখুৱাইছে। পূর্বোক্ত গ্রন্থত তেওঁ লিখিছে- “আহোমসকলৰ আগমন নঘটা হ’লে এই দেশখনৰ নামো ‘অসম’ আৰু ইয়াৰ মানুহ, ভাষা আৰু সংস্কৃতিৰ নামো ‘অসমীয়া’ নহ’লহেঁতেন। যদিও আহোমসকল অহাৰ আগতো ব্ৰহ্মপুত্ৰ উপত্যকাত বিভিন্ন গোষ্ঠীৰ আৰু ফৈদৰ মানুহ আছিল প্রায় সকলোবোৰেই বিচ্ছিন্ন হৈ আছিল। বিভিন্ন জনগোষ্ঠী পৃথকে পৃথকে দলবদ্ধ হৈ বসবাস কৰিছিল। এনে জনগোষ্ঠীবোৰৰ নিজৰ দলপতি বা ৰজাও আছিল। আহোম ৰাজত্বৰ সময়ছোৱাত শদিয়াৰ পৰা কোঁচবিহাৰপৰ্যন্ত কোঁচ, কছাৰী, চুতীয়া আদি ৰজা সকলৰ উপৰি বাৰভূঞা আৰু সৰু সৰু অনেক ৰজা পোৱালি আছিল। ভূঞা আৰু এনে ৰজা পোৱালিবিলাকৰ উপৰি কাষৰীয়া পৰ্বত-পাহাৰতো বিভিন্ন জনগোষ্ঠীৰ বসতি আছিল। সুদীর্ঘ আহোম শাসনৰ কালছোৱাত ব্রহ্মপুত্র উপত্যকাত থকা ৰাজ্যসমূহ আহোম ৰজাসকলে নিজৰ অধীনলৈ আনিলে আৰু ওচৰ চুবুৰীয়া অনেক সৰু সৰু ৰাজ্যৰ ৰজাক ‘থাপি-সাঞ্চি থ’লে’। ত্ৰিপুৰা, বংগ আদি দেশৰ লগত মিত্রতা স্থাপন কৰিলে। ৰাজনৈতিকভাবে সমগ্র ব্রহ্মপুত্র উপত্যকাত এখন ৰাষ্ট্ৰলৈ পৰিণত কৰিলে।” জাতিটোৰ পৰিচয়মূলক বৈশিষ্ট্য দান কৰাৰ ক্ষেত্ৰত আটাইতকৈ বলিষ্ঠ ভূমিকা লোৱা আহোমসকলৰ এইক্ষেত্ৰত আগবঢ়োৱা অৱদানবোৰৰ বিষয়ে অধিক ব্যাখ্যাৰ হয়তো প্রয়োজন নাই। কিন্তু জাতিৰ ৰাজনৈতিক, আর্থসামাজিক আৰু সাংস্কৃতিক চেতনা বৃদ্ধি কৰাৰ বাবে সেই ছশ বছৰত লোৱা কিছু কাৰ্যৰ আৱেগিবিৱৰ্জিত ৰোমন্থনৰ প্ৰয়োজন আছে। অসমৰ জলবায়ু ধানখেতিৰ বাবে অতিকৈ উত্তম। আঘোণ মাহত অসমৰ পথাৰবোৰত দেখা যায় কেৱল সোণগুটি। এনে সাৰুৱা আৰু উৰ্বৰা ভূখণ্ডত ভৰি থৈয়েই সেয়েহে আহোম সকলে ইয়াক সোণৰ দেশ (মুংডুন-চুন-খাম) বুলি অভিহিত কৰিছে। ইয়াক অসমৰ কৃষিক্ষেত্ৰৰ অন্যতম গুৰুত্বপূর্ণ স্বীকৃতি বুলি নিঃসন্দেহে অভিহিত কৰিব পাৰি।
চুকাফাৰ লগত অহা বাহিনীটোত মহিলা নাছিল বাবে ৰাজ্য স্থাপন কৰি তেওঁলোকে স্থানীয় নাৰীৰ লগতে বৈবাহিক সম্পর্ক স্থাপন কৰে। চুকাফাই নিজে বৰাহী আৰু মৰাণৰ চাৰিগৰাকী কুঁৱৰী আনিছিল। প্রথমাৱস্থাত আহোমসকলে
নিজৰ মাজত টাই ভাষাতেই কথা পাতিছিল যদিও স্থানীয় মানুহ আৰু নিজৰ পত্নীসকলৰ লগত আন্তৰিকতাপূর্ণ সম্পর্ক স্থাপন কৰিবলৈ খুব সোনকালেই তেওঁলোকে থলুৱা ভাষাৰ ব্যৱহাৰ আৰম্ভ কৰে। উল্লেখযোগ্য আহোমসকল অহা সময়লৈ অসমীয়া ভাষাই ইতিমধ্যে এটা বিশেষ মাত্ৰা আহৰণ কৰিছিল। পাছত লাহে লাহে কেৱল ৰাজকীয় আৰু ধর্মীয় কামৰ মাজতে আহোম ভাষা আবদ্ধ হৈ পৰে।
বুৰঞ্জী ৰচনা কৰাটোও আহোমসকলৰ আন এক উজ্জ্বল কৃতি। বুৰঞ্জী সমূহ প্রথমে টাই ভাষাত ৰচিত হৈছিল যদিও পাছত অসমীয়া ভাষাত ৰচিত হ’বলৈ ধৰে। বুৰঞ্জী থকা নথকা কথাটোৰ ওপৰত এটা অভিজাত আহোম পৰিয়ালৰ সন্মান নিৰ্ভৰ কৰিছিল। অসমীয়া মানুহৰ ইতিহাস অধ্যয়ন কৰোঁতে আহোম যুগত ৰচিত বুৰঞ্জীসমূহে আটাইতকৈ বেছি সহায় কৰে। ৰজা বা ডা-ডাঙৰীয়াকেন্দ্রিক হ’লেও বুৰঞ্জীবোৰৰ মাজেদি তদানীন্তন সমাজৰ বিভিন্ন ক্ষেত্ৰৰ গতি-প্রকৃতি বুজাত যথেষ্ট সহায় হয়। ড° নগেন শইকীয়াই পূর্বোক্ত গ্রন্থত লিখিছে- “আহোমসকলৰ আগমনৰ পাছত থলুৱা মানুহৰ লগত ঘটা সংযোগ আৰু সংমিশ্রণে অসমীয়া মানুহ, অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিক নতুন মাত্রা দান কৰিলে। অসমীয়া মানুহটো এই সকলোৰে উত্তৰাধিকাৰী হৈ গঢ় লৈ উঠিল।”
আহোমৰ ছশ বছৰীয়া শাসন কালত অনেক বাৰ পশ্চিম দিশৰ পৰা বৰ্তমান মূল ভূখণ্ডৰ শাসকগোষ্ঠীয়ে আক্রমণ কৰে। বেছিভাগ সময়তে আহোম সকলে বীৰত্বৰে যুঁজ দি বাহিৰৰ শতৰুক প্রতিহত কৰিবলৈ সক্ষম হৈছিল। এনেকুৱা এখন যুদ্ধত প্ৰবল পৰাক্ৰমেৰে যুঁজ দি মূলাগাভৰুৱে প্রাণ ত্যাগ কৰে। গৌড় বাদশ্বাহৰ সেনাপতি তুৰ্বকৰ অসম আক্ৰমণৰ সময়ত মূলাগাভৰুৰ স্বামী ফ্রাচেনমুং বৰগোহাঁই যুদ্ধলৈ ওলাই গৈছিল। কিবা কাৰণত মূলাগাভৰুৱে নিজৰ স্বামী সন্মুখসমৰলৈ যোৱাৰ আগতে কৱচ কাপোৰ বৈ দিব নোৱাৰিলে। বৰগোহাঁইৰ যুদ্ধত মৃত্যু হোৱা বার্তাটো পাই মূলা গাভৰুৱে নিজৰ অপাৰগতাৰ বাবে স্বামীক হেৰুৱাবলগীয়া হ’ল বুলি ভাবি লৈছিল। সেয়েহে স্বামীৰ মৃত্যুৰ শোক মাৰ নাযাওঁতেই তেওঁ যুদ্ধলৈ ওলাই গ’ল আৰু শত্ৰুৰ লগত মহা পৰাক্ৰমেৰে যুঁজ দি মৃত্যু বৰণ কৰিলে। যুদ্ধক্ষেত্ৰত অত্যন্ত সাহসেৰে মাতৃভূমিৰ স্বাভিমান ৰক্ষা কৰিবলৈ যুঁজ দিয়া মূলাগাভৰু কেৱল অসমীয়া নাৰী সমাজৰেই নহয়, বৰং সমগ্র জাতিটোৰে শৌর্য-বীৰ্যৰ শক্তিশালী প্রতীক। পাছৰ পৰ্যায়ৰ যুদ্ধত তুৰ্বকৰ পৰাজয় ঘটিল আৰু অসমেও কিছু কাললৈ বিদেশীৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিল। সোতৰ শতিকাৰ আৰম্ভণিতে আহোম ৰজাৰ জ্যেষ্ঠ বিষয়া মোমাই তামুলী বৰুৱাই এটা ভৱিষ্যদর্শী অর্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰিছিল। প্ৰতিটো থলুৱা পৰিয়াল বা প্ৰতিখন ঘৰেই অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ মোমাই তামুলী বৰুৱাই আশাশুধীয়া চেষ্টা চলাইছিল। ১৬২০ খ্রীষ্টাব্দত তেওঁক স্বৰ্গদেউ প্রতাপ সিংহই বৰবৰুৱা উপাধি প্রদান কৰে। আহোম শাসন কালত বৰবৰুৱা উপাধি লাভ কৰা তেৱেঁই আছিল প্রথম ব্যক্তি। বৰবৰুৱা হোৱাৰ পাছত গড়গাঁৱৰ সমীপৰ হাতীসুৰীয়া বিলৰ কাষত তেওঁ নিজাকৈ এটা ঘৰ সাজি লৈছিল। ঘৰটোৰ লগতে ফল-ফুলে ভৰি থকা এখন বাৰীও পাতি লৈছিল। বাৰীৰ ভিতৰত থকা পুখুৰীটোত নানাবিধ মাছো পুহিছিল। মোমাই তামুলী বৰবৰুৱাই স্থাপন কৰা আদৰ্শ বাৰীৰ দৰে অসমৰ গ্ৰামাঞ্চলত প্রায় প্রতিটো পৰিয়ালৰ ঘৰত একোখন বাৰী থকা পৰিলক্ষিত হয়। এই বাৰীখন কেৱল অসমীয়াৰ স্বকীয় অর্থনৈতিক চিন্তাৰে প্ৰতীক নহয়, বৰং বাৰীখনৰ মাজত ঘৰখনক অর্থনৈতিকভাৱে লাভৱান কৰিব পৰা বীজো লুকাই থকা বুলি ক’ব পাৰি। এই মোমাই তামুলী বৰবৰুৱাৰে সুযোগ্য পুত্ৰ আছিল পাছলৈ আহোম সেনাপতিৰ ভাৰ লোৱা লাচিত বৰফুকন। লাচিত বৰফুকনৰ নামটো উচ্চাৰিত হোৱাৰ লগে লগে প্রতিজন অসমীয়াৰে হৃদয় উদ্বেলিত হৈ উঠে। মন হৈ পৰে বলিষ্ঠভারে আশাবাদী। অসমীয়া স্বাভিমানৰ মৰ্মস্থলক উজ্জীৱিত কৰিব পৰা বীৰ লাচিতৰ বীৰত্বৰ গাথা আজি সকলোৰে জ্ঞাত। যুদ্ধক্ষেত্ৰত এই লাচিতৰে সোঁহাত আছিল ইছমাইল ছিদ্দিকি ওৰফে বাঘ হাজৰিকা। ইছলাম ধৰ্মাৱলম্বী লোক হৈও তেওঁ যিটো পৰাক্ৰমেৰে শৰাইঘাট যুদ্ধত স্বধর্মীয় মোগলৰ বিৰুদ্ধে যুঁজ দিছিল, সিয়ে প্ৰমাণ কৰে প্ৰকৃত অসমীয়াৰ বাবে ধৰ্মৰ পৰিচয় আছিল সদায় গৌণ। ধর্মীয় পৰিচয়ক সোতৰ শতিকাতে গৌণ কৰি ৰাখিব পৰাতো আছিল অসমীয়া সমাজৰ এটা বৈপ্লৱিক প্রাপ্তি। অসমীয়া স্বাভিমানক সাহ-পিত দিবলৈ এই ধৰ্মনিৰপেক্ষ চেতনাৰো যথেষ্ট সামর্থ্য আছে বুলি আমি ভাবোঁ। মোগলৰ লগত চলা এই যুদ্ধত লাচিত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। আনকি তেওঁৰ ৰজায়ো বিভিন্ন সময়ত সন্দেহৰ ভাব পোষণ কৰিছিল। কিন্তু তেনে সময়ত বিৰল বিচক্ষণতাৰ পৰিচয় দাঙি ধৰি ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁয়ে লাচিতক প্ৰদান কৰিছিল বাস্তৱমুখী পৰামৰ্শ। আৱেগতকৈ যুক্তিৰ দ্বাৰা পৰিচালিত হ’বলৈ বেছি ভাল পোৱা আতন বুঢ়াগোহাঁইৰো শৰাইঘাট ৰণত আহোমক জয়ী কৰোৱাত ডাঙৰ ভূমিকা আছে। স্বৰ্গদেউক কোনবোৰ বাৰ্তা দিব লাগে আৰু কোনবোৰ বাৰ্তা দিব নালাগে সেই বিষয়েও আতন বুঢ়াগোহাঁয়ে লাচিত বৰফুকনক সজ পৰামৰ্শ দি যুদ্ধৰ কৌশল ৰচনা কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দিছিল। শৰাইঘাট ৰণত আহোম সেনাই মোগলক পৰাভূত কৰাৰ কথাটো সৰ্বজনবিদিত। কিন্তু ৰাতিটোৰ ভিতৰতে গড় বান্ধি উলিয়াব নোৱৰা বাবে লাচিতে নিজৰ মোমায়েকক কাটিছিল নে আন কোনোবা সৈন্যক কাটিছিল সেই বিষয়লৈ বর্তমান সময়ত যথেষ্ট বিতর্ক হৈছে। অর্থাৎ লাচিতে মোমায়েকক মৃত্যুদণ্ড বিহা কথাটো বিতর্কাতীত নহয়। কিন্তু অসমীয়া সেনাৰ প্রবল পৰাক্ৰম, সাহস, কষ্টসহিষ্ণুতা আৰু বিচক্ষণতাৰ কথাবোৰত বিতৰ্কৰ কোনো বেশ নাই। তাৰ প্ৰমাণ মোগল সম্রাট ঔৰংগজেৱৰ বিশ্বস্ত সেনাপতি ৰামসিংহই লাচিতৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে যুঁজা অসমীয়া সেনাৰ বিষয়ে পোষণ কৰা মতামতটো। ৰামসিংহই অসমীয়া সেনাৰ যুদ্ধ-বিক্রম দেখি কৈছিল- “প্রত্যেক অসমীয়া সেনাই নাও বাব পাৰে, কাঁড় মাৰিব পাৰে, মাটি খান্দিব পাৰে, আৰু তোপ-হিলৈ মাৰিব পাৰে। এনেকুৱা সকলো কামতে নিপুণ সেনা ভাৰতবৰ্ষৰ কোনো ঠাইতে মই দেখা নাছিলোঁ।” শত্রু পক্ষৰ সেনাপতিয়ে অসমীয়া সেনাৰ বীৰত্বক উচ্চ প্রশংসা কৰা কথাবোৰে জানো আমাৰ স্বাভিমান বৃদ্ধি নকৰে? কিন্তু এটা কথা জলজল পকৈ ওলাই আছে যে অসমীয়াৰ স্বাভিমানক কুঠাৰাঘাত কৰিবলৈ অসমৰ মাজতেই যিদৰে বৰ্তমান সময়তো ঘৰ শত্রু বিভীষণ আছে ঠিক তেনেদৰে লাচিত বৰফুকনৰ নিজৰ ককায়েক লালুকসোলায়ো ক্ষমতা লাভৰ বাবে নিজৰ সন্মান আৰু মর্যাদা বিসর্জন দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। আৰু তেওঁক এইক্ষেত্ৰত বাৰণ কৰিবলৈ চাইছিল এগৰাকী অসমীয়া নাৰীয়ে, যিয়ে ছবছৰ বয়সতে ঔৰংগজেৱৰ পুত্ৰ আজমতাৰাৰ হাৰেমত ৰাণী হ’ব লগীয়া হৈছিল। মোগল অন্তেষপুৰত ৰহমৎ বানু বেগম নাম লোৱা কন্যাগৰাকী আছিল স্বৰ্গদেউ জয়ধ্বজ সিংহৰ একমাত্ৰ জীয়ৰী। দেউতাক-মাকে তাইৰ নাম থৈছিল ৰমণী গাভৰু। ৰমণী গাভৰুৰ মাক আছিল আকৌ লাচিত বৰফুকন আৰু লালুকসোলাৰ আপোন ভগ্নী। সেই ৰমণী গাভৰুয়ে যেতিয়া উপলব্ধি কৰিলে যে লাচিতৰ মৃত্যুৰ পাছত লালুকসোলাই মোগলৰ সহায়ত ৰজা হোৱাৰ কু-অভিসন্ধি ৰচিছে আৰু তাৰ বাবে নিজৰ স্বামী আজমতাৰাৰ ওচৰত গুৱাহাটী এৰি দিয়াৰ কথা চিন্তা কৰিছে, তেতিয়া তেওঁ মোমায়েকলৈ পত্র লিখি তেনে কাম নকৰিবলৈ সকীয়াই দিছিল। কিন্তু লালুকসোলাই ভাগিনীয়েকৰ কথা নুশুনি কেৱল ৰজা হোৱাৰ সপোনতে গুৱাহাটী মোগলক দান কৰে। এগৰাকী নাৰী কিমান দৃঢ়, দেশপ্রেমী আৰু স্বাধীনমনা হ’লে নিজৰ স্বামীৰ বিৰুদ্ধে মোমায়েকক সকীয়াই দিব পাৰে, এই লালুকসোলাই কিছুদিন পাছত ল’ৰা ৰজা বা চুলিকফালৈ নিজৰ কন্যা বিয়া দি শাসনৰ বাঘজৰী পৰোক্ষভাৱে নিজৰ হাতলৈ আনে। সেইখিনি সময়তে ল’ৰাৰজাৰ সিংহাসন নিষ্কণ্টক কৰিবলৈ বহু যোগ্য আৰু সুঠাম আহোম ৰাজকুমাৰক অংগক্ষত কৰাৰ দুৰভিসন্ধি কৰে। গদাপাণিৰ দৰে সিংহাসনত বহাৰ বাবে সম্পূর্ণ উপযুক্ত যুৱকে নিজৰ পৰিয়ালক এৰি পলায়ন কৰিব লগীয়া হয়। গদাপাণিক ধৰিব নোৱাৰি লালুকসোলাৰ নিৰ্দেশত তেওঁৰ পত্নী জয়মতীক জেৰেঙা পথাৰত অবর্ণনীয় অত্যাচাৰ চলোৱা হয়। প্রায় চৈধ্য দিনৰ নিদাৰুণ নিৰ্যাতনৰ পাছত জয়মতীৰ মৃত্যু হয় আৰু তেতিয়াৰে পৰা তেওঁ সতী জয়মতী বুলি বিখ্যাত হৈ পৰে। বৰ্ণনাতীত দৃঢ়তা, মনোবল আৰু কষ্টসহিষ্ণুতাৰে চাওদাঙৰ নিষ্ঠুৰ অত্যাচাৰৰ পাছতো নিজ স্বামী গদাপাণিৰ সম্পর্কে একো নকৈ জয়মতী অসমীয়া মানুহৰ মনোজগতত অমৰ হৈ পৰে। অসমীয়া স্বাভিমানৰ ৰূপৰেখা বিচাৰ কৰিলে জয়মতীৰ চৰম আত্মত্যাগৰ গাথায়ো অগ্রণী স্থান লাভ কৰিব। অসমীয়াৰ স্বকীয়তাক গচকি-ফেনেকি পেলোৱা লালুকসোলা বৰফুকনক শেষত নগঞা ভোটাই ডেকাই এদিন নিশা নিজৰ ঘৰতে খুঁচি মাৰে। ইয়াৰ পিছত গদাপাণিয়ে গদাধৰ সিংহ নাম লৈ সিংহাসনত বহে আৰু লাচিতে আৰম্ভ কৰা আৰু লালুকসোলাই আদবাটতে বিধি-পথালি প্ৰদান কৰা কামটো সম্পূৰ্ণ কৰে। শৰাইঘাট ৰণ দৰাচলতে মোগলৰ বিৰুদ্ধে অসমৰ শেষ ৰণ নাছিল। শেষ ৰণ আছিল ইটাখুলিৰ ৰণ। এইখন ৰণত মোগল সেনাপতি মনচল খাঁক গদাধৰ সিংহই পৰাভূত কৰে আৰু মোগল সৈন্যক মানাহলৈকে খেদি নি তাতে অসমৰ পশ্চিম সীমা নির্ধাৰণ কৰে। ১৬৮২ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত হোৱা ইটাখুলিৰ যুদ্ধত নিৰ্ধাৰিত হোৱা অসমৰ পশ্চিম সীমা ব্রিটিছ অহালৈকে অপৰিৱৰ্তিত হৈ আছিল। ইয়াৰ উপৰিও শাৰীৰিক পৰিশ্ৰমৰ ভয়ত সত্ৰত ভকত হৈ এলেহুৱা জীৱন কটোৱা এদল লোকক নিয়োগ কৰি গদাধৰ সিংহই প্রায় ২১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ধোদৰ আলি নিৰ্মাণ কৰোৱাই প্ৰমাণ কৰে যে মন কৰিলেই ছন, বাকৰি মাটিতেই ধন। শ্রেষ্ঠ আহোম ৰজাৰ সন্মান যদিও গদাধৰ সিংহ আৰু জয়মতীৰ পুত্ৰ ৰুদ্ৰসিংহক দিয়া হয়, মোৰ বোধেৰে তীব্র প্রত্যাহ্বানমূলক পৰিস্থিতিত প্ৰবল পৰাক্ৰমেৰে আৰু দৃঢ়তাৰে লোৱা কেতবোৰ ভৱিষ্যদর্শী সিদ্ধান্তৰ বাবে গদাধৰ সিংহহে শ্রেষ্ঠতম আহোম স্বৰ্গদেউ। তদুপৰি অসমীয়া স্বাভিমানৰো তেওঁ এটি উজ্জ্বল জ্যোতিষ্ক।