জনজাতীয় লোকসকল আমাৰ

কিমান আপোন

এই বড়ো কছাৰীসকলে বৰ্তমানৰ অসম বুলি পৰিচিত ভূখণ্ডটোৰ পুৰণি বাসিন্দা। ঐতিহাসিক সমলে প্ৰমাণ কৰিব পৰা যুগৰ আগৰ পৰাই এইসকল লোকে ইয়াত বাস কৰি আহিছে। অৱশ্যে ‘বড়ো’ শব্দটো উনৈশ শতিকাৰ পৰাহে ব্যৱহৃত হোৱা দেখা যায়। বহু পণ্ডিতে কছাৰীসকলকে ধৰি আন আন বহু জাতি-জনগোষ্ঠীকে কিৰাত বুলি অভিহিত কৰিব বিচাৰে। কছাৰী মূলৰ পৰাই কোঁচ, ৰাভা, বৰাহী, মৰাণ, চুতীয়া, মেছ, হোজাই, ডিমাচা, গাৰো, ৰাভা আদি জনগোষ্ঠীৰ সৃষ্টি হৈছে। এই সকলোবোৰ জনগোষ্ঠীৰ লগতে মিচিংসকলৰো অসমীয়া সত্বাটোক সমৃদ্ধ কৰাত বৃহৎ ভূমিকা আছে। তদুপৰি প্ৰতিটো জনগোষ্ঠীয়েই নিজৰ ৰীতি-নীতি, ঐতিহ্য, পৰম্পৰাক লৈ যথেষ্ঠ সচেতন। তেওঁলোকৰ সৰ্বাত্মক সচেতনতাবোধৰ পৰা বৰ্তমাৰ অসমীয়াভাষীসকলে বহু কথা শিকিবলগীয়া আছে। তাৰ একমাত্ৰ পূৰ্বচৰ্ত হৈছে অদৰকাৰী শুচিবায়ুগ্রস্ততাক পৰিহাৰ কৰি উদাৰতাক আঁকোৱালি লোৱা। তদুপৰি সচেতন বাবেই জনজাতীয় মূলৰ লোকসকলৰ স্বাভিমানো যথেষ্ট বেছি। সেই স্বাভিমানী মনটোৰ পৰাও অসমীয়াভাষীসকলে বহু শিকিব পাৰে। স্বকীয়তা আৰু স্বাভিমান অবিহনে অসমীয়া জাতি মর্যাদাসম্পন্ন জাতি ৰূপে কেতিয়াও বাচি থাকিব নোৱাৰে। সেই কাৰণে আমাৰ নিজৰ ভৱিষ্যৎ মর্যাদাপূর্ণ আৰু সুৰক্ষিত কৰাৰ স্বাৰ্থতে জনগোষ্ঠীয় মূলৰ মানুহসকলৰ প্ৰতি থকা সকলো পুৰণি অৱজ্ঞাৰ ভাব আঁতৰাই সম্প্ৰীতিৰ ভাব গঢ়ি তুলিব লাগে। জনগোষ্ঠীয় মূলৰ স্বাভিমানী লোকক বাদ দি অসমীয়া স্বাভিমানৰ সন্ধান পর্ব কেতিয়াও সম্পূর্ণ হ’ব নোৱাবে।

কমতাপুৰ, কোঁচৰাজ্য আৰু ভূঞাসকল অসমীয়াৰ স্বকীয় চিন্তা-চেতনাক এটা নতুন গতি দিয়াত কমতাপুৰ ৰাজ্যৰ এজন ৰজাই আগবঢ়োৱা অৱদানক কেতিয়াও পাহৰিব নোৱাৰি। কমতাপুৰ ৰাজ্যখন কোঁচসকলৰ আগতে পশ্চিম অসমত গঢ় লৈ উঠিছিল। এইখন ৰাজ্যই বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰ, মৈমনসিংহকে ধৰি এটা ডাঙৰ অঞ্চল সামৰি লৈছিল। এই ৰাজ্যৰে ৰজা দুৰ্ল্লভনাৰায়ণে অসমীয়া সাহিত্য-সংস্কৃতিৰ বিকাশত বৃহৎ ভূমিকা গ্রহণ কৰিছিল। প্ৰাক্‌শংকৰী যুগতে আৰম্ভ হোৱা অসমীয়া গ্রন্থ-যাত্রাক নতুন গতি দিছিল হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, ৰুদ্ৰ কন্দলি, কবিৰত্ন সৰস্বতী, মাধৱ কন্দলি আদি কবিয়ে। হেম সৰস্বতী আৰু হৰিবৰ বিপ্র উভয়ে দুৰ্ল্লভনাৰায়ণৰ কথা খুব প্রশংসাসূচকভাবে লিখিছে। বোধকৰোঁ তেওঁৰ পৃষ্ঠপোষকতাতে অসমীয়া ভাষাত বহু পুথি পাঁজি কবিসকলে ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰৰ কথা উল্লেখ কৰোঁতে দুৰ্ল্লভনাৰায়ণৰ কথাও আহি পৰিছে। গুৰুচৰিত কথাত দুল্লভনাৰায়ণৰ ৰাজ্যলৈ কামেশ্বৰ ধৰ্মনাৰায়ণে সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ পঠোৱাৰ কথা উল্লেখ আছে। এই সাতঘৰ কায়স্থৰ ভিতৰত শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰো আছিল। প্রাক্‌শংকৰী যুগত বৰাহী ৰজা মহামাণিক্যৰ ৰাজকবি মাধৱ কন্দলিয়ে অসমীয়া কাব্যিক চেতনাক সর্বোচ্চ শিখৰলৈ লৈ যায়। মাধৱ কন্দলিয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়া ভাষালৈ ভাঙনি কৰে। সপ্তকাণ্ড ৰামায়ণৰ তেওঁ ৰচনা কৰা মাজৰ পাঁচকাণ্ডহে বর্তমান উপলব্ধ। প্ৰথম আৰু শেষৰটো খণ্ড পোৱা নাই। ড° সত্যেন্দ্রনাথ শর্মাই ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ গ্রন্থত লিখিছে -“উত্তৰ ভাৰতৰ প্ৰান্তীয় ভাষাত ৰচিত ৰামায়ণৰ ভিতৰত মাধৱ কন্দলিৰ ৰামায়ণেই প্রাচীনতম। মাধৱ কন্দলিৰ ৰামায়ণ ৰচনাৰ প্ৰায় এশ-ডেৰশ বছৰ পিছতহে হিন্দী,

বঙালী, উৰিয়া আদি ভাষালৈ ৰামায়ণ অনূদিত হয়, কিন্তু ইমান প্রাচীন হ’লেও মাধৱ কন্দলিৰ ভাষা আৰু ৰচনাশৈলীত ভাব প্রকাশৰ অক্ষমতা বা দুর্বলতা দেখা নাপাওঁ, বৰং তেওঁৰ সৰল আৰু সতেজ ভাষাত আৰু ৰচনাভংগীত পূর্ণবিকশিত সাহিত্যিক ঠাচ এটাৰ নিদর্শন পাওঁ।” অসমীয়া কবিৰ বৌদ্ধিক উচ্চতাক মাধৱ কন্দলিয়ে নিজ সৃষ্টিৰে প্ৰমাণ কৰি থৈ গৈছে। মাধৱ কন্দলিৰ ৰামায়ণক লৈয়ে এটা বিৰল বৌদ্ধিক সততা আৰু পূর্বসূৰীজনক সন্মান জনোৱা প্ৰৱণতা দৃষ্টিগোচৰ হয়। আগতেই কোৱা হৈছে যে মাধৱ কন্দলিয়ে অনুবাদ কৰা ৰামায়ণৰ প্ৰথম আৰু শেষৰ খণ্ডটো শংকৰদেৱৰ সময়তো উপলব্ধ নাছিল। চৰিত পুথিত পোৱা যায় সেই বিষয়ে হোৱা এটা আলোচনাত গুৰুজনাৰ একান্ত অনুগামী অনন্ত কন্দলিয়ে মাধৱ কন্দলিৰ ৰামায়ণখন নস্যাৎ কৰিবলৈ শংকৰদেৱক কৈছিল। কিন্তু বৌদ্ধিক সততাৰ এটা অভূতপূর্ব নিদর্শন দাঙি ধৰি শংকৰদেৱে মাধৱ কন্দলিৰ সৃষ্টিক নস্যাৎ কৰাতো দূৰৰে কথা বৰং ‘পূর্বকবি অপ্রমাদী’ রূপে অভিহিত কৰিলে। পূর্বসূৰীজনৰ প্ৰতি প্রদর্শন কৰা এনে সন্মান মধ্যযুগৰ ভাৰতত আছিল অত্যন্ত বিৰল। তদুপৰি ৰামায়ণ পুথিভাগ অসমীয়াত সম্পূৰ্ণ কৰি তুলিবলৈ শংকৰদেৱে উত্তৰাকাণ্ড ৰচনা কৰে আৰু মাধৱদেৱৰ হতুৱাই আদিকাণ্ড ৰচনা কৰোৱাই। প্রতিজন অসমীয়াই যথার্থতে গৌৰৱ কৰিব পৰা শংকৰদেৱৰ এই বহল আৰু উদাৰ মনটোক আমি কিমানে বুজিবলৈ চেষ্টা কৰিছোঁ? আন্তৰিকতাৰে সেইফেৰা কাম নকৰা বাবেই আজি আমাৰ এই অবস্থা। অসমীয়া মানুহৰ স্বকীয়তা শক্তিশালী কৰি তোলাত কোঁচ ৰজাসকলবো গভীৰ অৱদান আছে। বীৰত্ব আৰু পৰাক্ৰমত এওঁলোক কম নাছিল বাবে আহোমকে ধৰি বিভিন্ন শক্তিশালী ৰজাৰ লগত কোঁচসকলৰ যুদ্ধ হৈছিল। মধ্যযুগত বিশ্বসিংহই কোঁচ ৰাজ্য প্ৰতিষ্ঠা কৰে। এই ৰাজ্যৰ পশ্চিম দিশত আছিল কৰতোৱা নদী আৰু পূব দিশত আছিল বৰনদী। সেইসময়ত ব্রহ্মপুত্র উপত্যকাত সৰু সৰু স্বাধীন ৰজাৰ অধীনত থকা অঞ্চলসমূহৰ বাদেও তিনিখন ডাঙৰ ৰাজ্য আছিল। পূবত আছিল অসম, মাজৰ অঞ্চলত কামৰূপ ৰাজ্য আৰু পশ্চিমত কোঁচ ৰাজ্য। ইতিমধ্যে ঠন ধৰি উঠা অসমীয়া ভাষাৰ জৰিয়তে এই তিনিখন ৰাজ্যত মানুহৰ এটা উমৈহতীয়া সাংস্কৃতিক পৰিচয়ো গঢ় লৈ উঠিছিল। শংকৰদেৱৰ মহাজীৱনৰ বিষয়ে অধ্যয়ন কৰিলে আমি গম পাওঁ কিদৰে সেইগৰাকী মহাপুৰুষে এই তিনি ৰাজ্য ভ্ৰমি ফুৰি একশৰণ হৰি নামধৰ্মৰ অমোঘ বাণী প্ৰচাৰ কৰি সকলো মানুহকে একতাৰ ডোলেবে বান্ধিছিল। অর্থাৎ ৰাজনৈতিকভাবে সম্পূর্ণ হৈ নুঠা আমাৰ স্বাভিমানী সত্ত্বাটোক নতুন প্রাণ দান দিছিল শংকৰদেৱে, এটা বিস্ময়কৰভাৱে পৰিপক্ক সাংস্কৃতিক আন্দোলনৰ দ্বাৰা। বাজশক্তিবোৰৰ বাবে ভাষিক বা সাংস্কৃতিক পৰিচয়ৰ গুৰুত্ব কম আছিল। সেয়েহে আমি কোঁচ আৰু আহোমৰ সংঘাতৰ কথা বুৰঞ্জীত পঢ়িবলৈ পাওঁ। আনহে নালাগে কোঁচ আৰু আহোমৰ প্ৰথম যুদ্ধত আহোমৰ সৈন্যক সহায় কৰিছিল মুছলমান চুলতানৰ শাসকে। চুহুংমুং দিহিঙ্গীয়া ৰজাৰ দিনত আহোম সৈন্যই তুৰ্বকক হৰুৱাই আহোম সেনাৰ মনোবল বৃদ্ধি কৰে। তাৰ পাছতে অৱশ্যে চুলতানৰ সৈন্যৰ সহায় লৈ কোঁচ ৰজা বিশ্বসিংহক আক্রমণ কৰে। বিশ্বসিংহই তেতিয়া আহোম ৰজাক সন্ধিৰ প্ৰস্তাৱ দিয়ে। মধ্যযুগতো যে উদাৰতা আৰু সহিষ্ণুতা অসমীয়া মানুহৰ চৰিত্ৰৰ অন্যতম ভূষণ আছিল সেই কথা হৃদয়ংগম কৰাতো কঠিন নহয়। ড’ নগেন শইকীয়া পূর্বোক্ত গ্রন্থত লিখিছে – “বিশ্বসিংহ হিন্দুধৰ্মৰ পৃষ্ঠপোষক আছিল আৰু নিজে শির আৰু দুর্গাভক্ত হ’লেও বিষ্ণু ভক্তসকল, পুৰোহিতসকল আৰু জ্যোতিষী সকলকো সমান মর্যাদা দিছিল। তেওঁ নীলাচল পাহাৰত থকা কামাখ্যাদেৱীৰ মন্দিৰ নতুনকৈ নিৰ্মাণ কৰাইছিল আৰু কনৌজ, মিথিলা, নৱদ্বীপ, গৌড় আৰু বাৰানসীৰ পৰা ব্রাহ্মণ অনাই তান্ত্রিক আৰু পৌৰাণিক পদ্ধতিৰে পূজা-পাতলৰ ব্যৱস্থা কৰিছিল। তেওঁৰ ওঠৰটা ল’ৰাৰ ভিতৰত মল্লদেৱ আৰু শুক্লধ্বজ বিশ্বসিংহৰ গৌড়দেশীয় পত্নীৰ সন্তান আছিল।” বিশ্বসিংহৰ পাছত ৰজা হৈ মল্লদের নৰনাৰায়ণ নামেৰে আৰু শুক্লধ্বজ চিলাৰায় নামেৰে বিখ্যাত হয়। নৰনাৰায়ণ আৰু চিলাৰায়ৰ বিপুল অৱদানৰ কথা ইতিহাস অধ্যয়নৰ লগত কিঞ্চিতভাবে জড়িত থকা মানুহৰ বাবে নজনা কথা নহয়। মই তেওঁলোকৰ বীৰত্ব, কূটনৈতিক বিচক্ষণতাৰ বিস্তৃত বাখ্যালৈ নগৈ মূল কেইটামান বিষয়হে স্পৰ্শ কৰিব বিচাৰিছোঁ। দিল্লীস্থিত মহাপৰাক্ৰমী মোগল সম্ৰাটৰ লগত খুব কম ৰাজশক্তিয়েহে বন্ধুত্বমূলক সম্পর্ক স্থাপন কৰিব পাৰিছিল। দিল্লীৰ ৰাজপাটত আকবৰ থাকোঁতে নৰনাৰায়ণে তেওঁৰ লগত মধুৰ সম্পৰ্ক গঢ়ি তুলিছিল। এই দুয়োটা ৰাজশক্তি মিলিয়েই গৌড়ৰ সম্ৰাটক পৰাভূত কৰিছিল। ১৫৪৬ খ্ৰীষ্টাব্দত কলিয়াবৰত হোৱা যুদ্ধত চিলাৰায়ৰ সৈন্যই আহোমক পৰাভূত কৰে। কিন্তু যুদ্ধ জয়তকৈও গুৰুত্বপূৰ্ণ কথা যে সঠিক পৰিবহণ ব্যৱস্থা, সেই কথা নৰনাৰায়ণ-চিলাৰায় দুয়ো উপলব্ধি কৰিছিল। নৰনাৰায়ণ-চিলাৰায়ৰ কনিষ্ঠ ভাতৃ গোহাঁইকমলৰ তত্ত্বাৱধানত কোচবিহাৰৰ পৰা লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰলৈকে ৩৫০ মাইল দীঘল এটি পথ নিৰ্মাণ কৰা হয়। মাত্ৰ এটা বছৰৰ ভিতৰত নিৰ্মাণ সম্পূর্ণ হোৱা ঐতিহাসিক গোহাঁইকমল আলিয়ে অসমীয়া মানুহৰ কষ্টসহিষ্ণুতা, পৰিশ্ৰমী স্বভাৱ আৰু দক্ষতাৰ আভাস দিয়ে। চিলাৰায়ৰ দৰে বীৰপুৰুষৰ সান্নিধ্যলৈ নহা হ’লে অসমীয়া স্বাভিমানৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ শংকৰদেৱৰ সৃষ্টিকৰ্ম আৰু ধর্মপ্রচাৰ দুয়োটাই কিছু ক্ষতিগ্রস্ত হ’লহেতেন। বৈবাহিক সম্পৰ্কৰ দ্বাৰাও চিলাৰায় আৰু শংকৰদেৱৰ মাজত আত্মিক নৈকট্য বৃদ্ধি পাইছিল। শংকৰদেৱৰ ভতিজী ছোৱালী কমলাপ্রিয়া ওৰফে ভুবনেশ্বৰীক দেখি চিলাৰায় মুগ্ধ হৈছিল আৰু তেওঁক বিয়া কৰাই মুখ্য পটেশ্বৰী কৰিবলৈ মন মেলিছিল। কিন্তু কমলাপ্ৰিয়াৰ দেউতাক তথা শংকৰদেৱৰ ভাতৃ ৰামৰায়ে সেই বিবাহৰ বাবে মাস্তি হোৱা নাছিল। কিন্তু শংকৰদেৱৰ অদ্বিতীয় উদাৰতাৰ বাণীৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ৰামৰায়ে পাছত সন্মতি প্রদান কৰিবলৈ বাধ্য হ’ল। এই সম্পৰ্কৰ দ্বাৰা শংকৰদেৱ চিলাৰায়ৰ চকুত অতিকৈ সন্মানীয় হৈ পৰে। চৰিতপুথিত এনে কিছু ঘটনাৰ উল্লেখ আছে, যিয়ে নৰনাৰায়ণ চিলাৰায়ৰ মাজৰ সংঘাতৰো আভাস দিয়ে। শংকৰদেৱক লৈয়ে দুয়োৰে মনোমালিন্য হৈছিল। চিলাৰায়ে শংকৰদেৱৰ মহত্ত্ব প্ৰথমতেই উপলব্ধি কৰিব পাৰিছিল। কিন্তু এচাম কুচক্রী ব্রাহ্মণ পুৰোহিতৰ কথা শুনি শুনি নৰনাৰায়ণ শংকৰদেৱৰ প্ৰতি আৰু তেওঁ প্ৰচাৰ কৰা ধৰ্মীয় পদ্ধতিটোৰ প্ৰতিও ভীষণভাৱে বিতুষ্ট হৈ আছিল। পাছত ৰাজসভাতে সকলো ব্রাহ্মণ পণ্ডিতক নিজৰ সুগভীৰ পাণ্ডিত্য আৰু অকাট্য যুক্তিৰে পৰাভূত কৰাৰ পাছত নৰনাৰায়ণে শংকৰদেৱৰ ওচৰত শৰণ ল’বলৈ বিচাৰে। নিজৰ অসাধাৰণ পাণ্ডিত্যৰে ৰাজশক্তিৰ মত পৰিৱৰ্তন কৰিব পৰাতো আছিল শংকৰদেৱৰ ডাঙৰ কৃতিত্ব। নৰনাৰায়ণ ৰজাই শংকৰদেৱৰ প্ৰতি সদয় হোৱাৰ সময়ৰে দুটা ঘটনাই অসমীয়াৰ বৌদ্ধিক উচ্চতাৰ আৰু শৈল্পিক নিপুণতাৰ কথা দাঙি ধৰে। এবাৰ ৰাজসভাত বজাই পণ্ডিত আৰু কবিসকলক ভুৰুকাত হাতী ভৰাবলৈ ক’লে। ৰজাৰ আদেশ শুনি সকলোৰে পেটত হাত-ভৰি লুকাল। শংকৰদেৱে কিন্তু একে ৰাতিৰ ভিতৰতে ভাগৱতৰ কৃষ্ণলীলাৰ কাহিনীৰ সাৰ ভাগ লৈ গুণমালা পুথি ৰচনা কৰি ৰজাক প্ৰদান কৰে। এই ঘটনাই শংকৰদেৱৰ বিস্ময়কৰ মহাপ্ৰতিভাৰ কথা কোঁচ ৰাজসভাত পুনৰ প্ৰতিষ্ঠা কৰে। ৰজাৰ অনুৰোধতে শংকৰদেৱে তাঁতীকুছিৰ (বৰ্তমানৰ বৰপেটা) নিপুণ শিল্পীসকলৰ দ্বাৰা এশ বিছ হাত দীঘল আৰু যাঠি হাত বহল বৃন্দাবনী বস্ত্র বৈ উলিয়ায়। কৃষ্ণলীলাৰ কাহিনী নান্দনিকভাবে তুলি ধৰা এইখন বস্ত্ৰৰ এটা অংশ বৰ্তমান লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত আৰু প্রদর্শিত হৈ আছে। গুণমালা পুথি আৰু বৃন্দাবনী বস্ত্র হ’ল অসমীয়া স্বাভিমানক অধিক সতেজ কৰি তুলিব পৰা এনে দুপদ বস্তু যাৰ সৃষ্টি সম্পূর্ণ হৈছিল কোঁচ ৰাজপৰিয়ালৰ সহযোগিতাত। নৰনাৰায়ণ এজন বিদ্যানুৰাগী ব্যক্তিও আছিল। শংকৰদেৱৰ উপৰিও তেওঁৰ ৰাজসভাত মাধৱদেৱ, অনন্ত কন্দলি, ৰামসৰস্বতী, পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্তবাগীশ, বকুল কায়স্থ আদিৰ দৰে পণ্ডিত কবিয়ে শোভাবর্ধন কৰিছিল। সংগীতৰ প্ৰতি গভীৰ ভাৱে অনুৰাগী চিলাৰায়ে সংগীতজ্ঞ সকলক পৃষ্ঠপোষকতা কৰিছিল। জয়দেৱৰ ‘গীতগোবিন্দ’ৰ আধাৰত ‘সাৰৱতী’ নাম দি চিলাৰায়ে টীকা ভাষ্য লিখিছে। কোঁচ ৰাজ্যত যে প্রজাসকলে পশু হত্যা নকৰিছিল আৰু ৰজাই পশু চিকিৎসালয় পাতি দিছিল সেই কথাও নৰনাৰায়ণৰ ৰাজত্ব কালত কোঁচ ৰাজ্যলৈ অহা ৰাল্‌ল্ফ ফিছ নামৰ ইংৰাজ পৰ্যটকজনৰ চমু টোকাটোত পোৱা যায়। এনেদৰে সৰ্বদিশৰে পৰা মধ্যযুগত অসমীয়া মানুহৰ স্বকীয় ঐতিহ্যৰ ভঁৰালটো মেটমৰা হৈ উঠিছিল। মধ্যযুগৰ অসম বুৰঞ্জীত ভূঞা সকলৰ ৰাজনৈতিক ভূমিকা খুব সুদূৰপ্ৰসাৰী নহয়। খুব ডাঙৰ ৰাজ্যৰ অধিকাৰীও ভূঞাসকল নাছিল। একোখন গাঁও বা তাতকৈ ডাঙৰ অঞ্চলৰ অধিপতিহে আছিল তেওঁলোক। তেওঁলোকৰ নেতৃস্থানীয় লোকক শিৰোমণি ভূঞা বুলি কোৱা হৈছিল। শংকৰদেৱে নিজেও কিছুদিনৰ বাবে শিৰোমণি ভূঞাৰ দায়িত্ব পালন কৰিছিল। ভূঞা শব্দটোৰ অৰ্থ হৈছে ভূমিৰ অধিকাৰী। বাজনৈতিকভাবে তেওঁলোকৰ প্ৰভাৱ সীমাবদ্ধ হ’লেও সাংস্কৃতিকভাবে ভূঞাসকলৰ বহু অৱদান আছে। শংকৰদেৱৰ অনবদ্য অৱদানৰ কথাবোৰক মই ভূঞাসকলৰ লগত মিশ্রিত কৰিব বিচৰা নাই। বাৰভূঞা পৰিয়ালত জন্ম গ্রহণ কৰি নিজৰ অতুলনীয় মহাপ্রতিভা আৰু অনবদ্য অৱদানেৰে অসমৰ জাতীয় জীৱনৰ জনকত পৰিণত হোৱা শংকৰদেৱৰ অনন্য চিন্তাধাৰাক সুকীয়াকৈ আলোকপাত কৰিম। কিন্তু শংকৰদেৱক বাদ দিও ভূঞাসকলৰ আন কেতবোৰ অৱদান অনস্বীকার্য। সংস্কৃত শিক্ষা আৰু শাস্ত্রীয় নৃত্য-গীতৰ চৰ্চা ভূঞাসকলৰ মাজত বহু যুগ ধৰি চলি আহিছিল। শংকৰদেৱৰ বুঢ়ীমাক খেৰসুতীয়ে শিশু শংকৰক বাৰ বছৰ বয়সলৈকে ধিতিঙালি কৰি ফুৰা বাবে যিধৰণে ভর্ৎসনা কৰিছিল তাৰ দ্বাৰাই স্পষ্ট হয় যে তেওঁলোকৰ উপৰিপুৰুষসকল বিদ্যানুৰাগী লোক আছিল। শংকৰদেৱে নিজেও পিতৃ কুসুম্বৰ ভূঞাৰ উল্লেখ কৰোঁতে ‘গন্ধর্ব’ অৱতাৰ বুলি অভিহিত কৰাৰ কথা ড° নগেন শইকীয়াই লিখি গৈছে। শিক্ষাৰ লগতে কৃষিৰ ক্ষেত্ৰতো ভূঞাসকল আগবঢ়া আছিল বুলি বিভিন্ন উৎসৰ পৰা জানিব পাৰি। বৰ্মন বংশৰ সময়ৰ পৰা অসমৰ সমাজজীৱনত আর্যভাষা আৰু সংস্কৃতিৰ যি প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছিল, ভূঞাসকলৰ প্ৰয়াসত সেই প্রভাবে স্থানীয় উপাদানৰ লগত মিলি এক স্বকীয় আৰু সজীৱ ৰূপ ধাৰণ কৰিছিল। পাছৰ কালত সেই প্রেক্ষাপটতে জন্ম লভিছিল সর্বতোকালৰ সৰ্বশ্রেষ্ঠ অসমীয়া মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে। অসমীয়া স্বাভিমানক অত্যন্ত পৰিশীলিতভাবে সর্বোচ্চ শিখৰলৈ লৈ যোৱা এইজনা যুগন্ধৰ ব্যক্তিৰ কথা আমি স্থানান্তৰত আলোচনা কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top