ন-ছোৱালীয়ে শহুৰেকৰ ঘৰত ভয় কিয় কৰে

আগে আগে একো মুঠি ধান খেৰো ‘পুৱাৰ জলপান’ বুলি ছটিয়াই দিছে। দুই-এজনী তিৰোতাই বাটৰ কাষৰ ভেৰত গোবৰ পেলাবলৈ আহি কৃষ্ণদত্তৰ লগত অচিনাকি মানুহ এজন দেখি ওৰণিখন দীঘলকৈ মুখখন এফলীয়া কৰি কাষত এদতীয়া হৈ ৰৈছে। নামঘৰৰ ওচৰৰ লোকেল ব’ৰ্ডৰ নাদটোৰ কাষত কলহ-গাগৰী লৈ জীয়ৰী-বোৱাৰী যূপ খাইছেহি। আদবয়সীয়া এগৰাকীয়ে মূৰত কলহৰ মুখেৰে হলহলকৈ পানী ঢালি মেখেলাখন গাতেই চেপিছে। হঠাৎ আলিত ডেকা ল’ৰা দুটা দেখি লাজত বিব্রত হৈ বহুত বেলি তলমূৰ কৰি ৰ’ল। পানী আনিবলৈ অহা বাকীবোৰ তিৰোতাই সকৌতুকে মৃব তুলি চালে। ইজনীয়ে সিজনীৰ চকুলৈ চোৱা-চুই কৰি নিজৰ অনুমানৰ ওপৰতে কৃষ্ণদত্তৰ বন্ধু কমলাকান্তৰ পৰিচয় মুহূৰ্তৰ ভিতৰতে নিৰ্ণয় কৰি ল’লে। হৰিবাপুৱে নিজৰ গেলামালৰ দোকানৰ জাপ মেলিছে। লোণ, তেল, মচুৰ দাইলৰ দোকান গাঁৱত এইখনেই। কৃষ্ণদত্তই সৰুৰে পৰা হৰিবাপুৰ দোকান দেখি আহিছে। কোন চাঙত মচুৰ দাইল, কোনখনত চাহপাত, কোন চুকত লোণৰ বস্তা, কোনখিনিত কেৰাচিনৰ টিং দুটা আছে, এতিয়াও চকুমুদি কৃষ্ণদত্তই নির্ভুলভাৱে ক’ব পাৰে। গাঁৱৰ প্ৰত্যেক বস্তুতে পুৰণি সাঁচ লাগি থকাৰ দৰে আজি ইমান বছৰেও বাপুৰ দোকানব কোনো বস্তুবে একো নতুন ৰূপ ল’ব পৰা নাই। সেই একে ঘৰ, একে বস্তু, একে দাম। পইচাত তিনিটাকৈ দিয়া মৰহি পৰা ভীমকল কেইআখি, শুকান নাৰিকল জোঁটা- পূৰ্বৰ দৰে এতিয়াও জাপখনৰ খালি ঠাইৰ ডোলডালত ওলমি থাকে। আজিও দোকানৰ চোতালত পাতি থোৱা বাঁহৰ চচলিৰ চাংখনত বহি গাঁৱৰ মানুহে পুৱা-গধূলি ধঁপাত আৰু ভাঙৰ চিলিমত ছাট মাৰেহি। এৰীয়া চাদৰেৰে কাণ-মূৰ ঢাকি হৰিবাপুৰ দোকানৰ সমুখৰ চাঙত বহি ধপাত হুপি থকা মানুহকেইজনক কৃষ্ণদত্তই চিনি পালে। তাৰে ভিতৰৰ মহেন্দ্ৰ, তেওঁৰ নঙঠা কালৰে বন্ধু। তাহানি মহেন্দ্র আছিল মস্ত খেঁকশিয়াল চিকাৰী। এই মহেন্দ্ৰৰ লগতেই সৰুতে কৃষ্ণদত্তই পথাৰে পথাৰে খেঁকশিয়ালৰ গাঁত বিচাৰি ফুৰিছিল। পূর্ণিমা নিশা গাঁৱৰ মূৰৰ ডিমৰু জোপাৰ মৌবাহ পাৰিবলৈ গৈ কতদিন যে দুয়োটাৰে হাতিয়াহতি নহৈছিল। মহেন্দ্রই কৃষ্ণদত্তলৈ উৎসুক হৈ চাই কলেজীয়া বন্ধুক ‘তই’, ‘তুমি’ কি বুলি সম্বোধন কৰিব ঠিক কৰিব নোৱাৰি বিব্রত হৈ সুধিলে, “বিয়ালৈ?” “ওঁ” বুলি মূৰ জোকাৰি শলাগি কৃষ্ণদত্ত গুচি গ’ল। হাঁহি-ধেমালি, দুষ্ট-দগাবাজি কৰি জীৱনৰ সোণালী শৈশৱ যাৰ লগত কটালে, তেওঁৰ লগত আজি সংকুচিতভাৱে কথা পাতিবলগীয়া হোৱাত কৃষ্ণদত্তৰ নিজৰ শিক্ষাৰ প্ৰতি ধিক্কাৰ আৰু বিৰক্তি জন্মিল। কৃষ্ণদত্তহঁত আহি পদুলি নৌ-পাওঁতেই গোটেই ঘৰত হৈ-চৈ লাগিল। ভায়েক-ভনীয়েকহঁতে “ককাইদেউ আহিল”, “ককাউদেউ আহিল” বুলি চিঞৰ-বাখৰ কৰি পদূলিলৈ লব দিলে। পিছচোতালৰ ৰভাত কাম কৰি থকা মানুহকেইজনে হাতব দা-কটাৰী হাততে লৈ ‘বৰ বোপা’ক চাবলৈ আগচোতাললৈ ওলাই গ’ল। ভিতৰত তামোলৰ আগগুবি কাটি থকা তগৰ, নুমলী, সোণপাহীহঁতেও বৰবোপাক আগবঢ়াবলৈ দুৱাৰমুখ পালেগৈ। ককায়েক পালেহি বুলি শুনি আইদেউৰো মন নাচি উঠিল। কিন্তু আনবাৰৰ দৰে বাটলৈ গৈ হাঁহি-মাতি ককায়েকক আগবঢ়াই আনিবলৈ আইদেউক লাজ সংকোচে আৱবি ধৰিলে। আইদেউ বাটলৈ নোলাল। মৌজাদাবে পুতেকৰ অপেক্ষাত পদূলিতে থিয়া-থি কৰি আছিল। পুতেকৰ পৰা পৰিচয় নিবিচৰাকৈয়ে চিব পৰিচয়ৰ ভাবত কমলাকান্তৰ লগত কথা-বতৰা আৰম্ভ কৰিলে। গাড়ী ঠিক সময়ত ষ্টেছন পাইছিলগৈ নে নাই, গাড়ী ক’ত এৰি থৈ আহিল- এটাৰ পাছত এটা প্রশ্ন সুধি কমলাকান্তৰ মনৰ পৰা ক্ষন্তেকতে সংকোচৰ ভাব দূৰ কৰিলে। মৌজাদাৰনী ৰান্ধনি ঘৰত সোমাই আছিল। পুতেকে ভিতৰলৈ গৈ খবৰ দিয়া মাত্রেই গাত লোৱা মুগা ৰিহাখনৰে একাচল মূৰত দি বাহিৰলৈ ওলাই আহিল। কমলাকান্তব লগত মৌজাদাৰে কথা পাতি থকা দেখি খং কৰি ক’লে, “আপুনিও ভাল মানুহ। দুখে-ভাগৰে ল’ৰাটি আহিছে, ভিতৰলৈ মাতি নিয়ক ছাৰি থিয়ে থিয়ে মেলতহে লাগিল।” “অ’ দেখিছা এতিয়া? মোৰ গাতহে দায় পৰিল? ল’ৰাই ভিতৰলৈ যাওক ছাৰি লাজতে তোমাৰ আগত মূৰ তুলিব পৰা নাই।” “আহ বাছা আহ! বৰমইনাও মোৰে ল’ৰা, তয়ো মোৰে ল’ৰা। মাকৰ আগত কিহৰ লাজ।” কৃষ্ণদত্তৰ মাকৰ সহজ-সবল সম্ভাষণত, সন্তান-প্রীতিৰ দাবী আৰু মাতৃত্বৰ গৌৰৱেই প্রকাশ পালে। মাতৃস্নেহেৰে ভৰপূৰ সম্ভাষণত মুগ্ধ হৈ কমলাকান্তই সাউৎ কৰে আঁঠুকাঢ়ি মৌজাদাৰনীক সেৱা কৰিলে। “হৈছে, বোপাই, হৈছে, নেলাগে নেলাগে” বুলি বাধা দি মৌজাদাৰনীয়ে কমলাকান্তক ভিতৰলৈ আহিবলৈ নিৰ্দেশ কৰিলে। মন্ত্রমুগ্ধ সাপৰ দৰে তেওঁৰ পিছে পিছে কমলাকান্ত ভিতৰ সোমাল। বিয়াৰ দিনা কাৰ ভাগত কি কাম পৰিছে, মৌজাদাৰে আগতেই ঠিক কৰি থৈছে। কোনে কোন খেলৰ মানুহৰ খোৱাৰ যোগান ধৰিব, ভঁৰালৰ পৰা কোনে বস্তু উলিয়াই দিব- সকলোবোৰ কাম জনে প্রতি ভগাই দিয়া হৈছে। কমলাকান্তৰ গাত চহৰৰ পৰা অহা ভদ্রলোক আৰু বাতি দৰাঘৰীয়াসকলক তামোল-পাণ যোগোৱা বাবটো পৰিছে। গাঁৱত নিমন্ত্রণ খাবলৈ যোৱা চহৰীয়া ভদ্রলোকক আৰু দৰাৰ লগত অহাসকলক অভ্যর্থনা কৰাটোৱেই টান কাম। নিজব উপস্থিতিয়ে বিয়াঘৰৰ পদমর্যাদা বঢ়ায় বুলি দুয়ো দলবেই অভিমান। বৰৰ লগত অহা মানুহে সৰু কথাতে খুঁত উলিয়াই কন্যাঘৰৰ আদৰ-অভ্যর্থনাক ইতিকিং কৰা দম্ভব। ন-ছোৱালীয়ে শহুৰেকৰ ঘৰত ভয়ে ভয়ে চলাৰ দৰে বিযাৰ বাতি বৰযাত্ৰীৰ লগত কন্যাপক্ষই সংযম-সংকোচেবে চলিব লাগে। লগ্নৰ সময় বাতি বাৰ বজাত। দৰা আহি পাবৰ সময় হৈছে। দূৰৈত ঢোল, দগৰ, কালিব শব্দ শুনা গৈছে। ভিতৰ-ৰভাৰ তলত তিৰোতাসকলে উদুলি-মুদুলি লগাইছে। ছোৱালীক শেষবাৰলৈ নোৱাই-মেলি সখীয়েকহঁতে কাপোৰ-কানি অলংকাৰ-পাতি পিন্ধাবৰ দিহা কৰিছে। উদ্‌গ্রীব হৈ বাট চাই থাকোঁতেই দৰাৰ দোলা আহি পদুলিমুখত ব’লহি। আয়তীসকলে জাত নাম গাই হুৰমূৰকৈ কন্যাৰ মাকক লৈ শুৱাগুৰি তুলিবলৈ ওলাল। দৰাক ভৰি ধুৱাই আদৰি হোমৰ গুৰিত বহুৱালে। দৰাঘৰীয়া মানুহকো মাতি-বুলি বভাব তললৈ অনা হ’ল। কমলাকান্তই আথে-বেথে সকলোৰে আগত তামোল-পাণব বটা, চিগাৰেটৰ ‘কেছ’ আদি আগবঢ়াই দিছে। দৰাৰ লগত অহা ডেকা ল’ৰাসকলে কমলাকান্তৰ কলেজীয়া সাজপাৰ, চুলিকটা ফেছনলৈ লক্ষ্য কৰি ফিচিঙাফিচিং কৰিছে। একে সময়তে চাৰিওফালৰ পৰা চিগাৰেট-তামোললৈ হাত মেলি বেচাৰাক অনাহকতে ব্যতিব্যস্ত কৰি তুলিছে। এদাঁতিৰ পৰা মূৰটো আগলৈ হলাই এজনে চিঞৰিছে, “হেৰি, কলেজত নপঢ়ো বুলিনো আমি মুখত চিগাৰেট এডালো ল’ব নাপাওঁনে?” লাজত বঙা-চঙা পৰি তেওঁৰ কাষলৈ বটাটো আগবঢ়াই দিওঁতে, ওচৰৰে এজনে মাত লগাইছে, “আমাকো এডাল দলিয়াই দি যাওকচোন। মৌজাদাৰৰ বস্তু ঢুকায় বুলি ভয় কৰিব নালাগে।” কমলাকান্ত ওচৰেদি যাওঁতে দুজনমানে তেওঁ শুনাকৈয়ে কোৱা-মেলা কৰিছে, “মৌজাদাৰৰ সৰুটীৰ কাৰণে ঠিক হৈছে হবলা?” “নহ’লেনো নগাৰ দৰে এনেকৈ গেবাবি খাটিবলৈ আহেনে” বুলি এজনে কথাষাৰ কৈয়ে কেৰাহিকৈ কমলাকান্তৰ মুখলৈ চাইছে। লাজত তলমূৰ কৰি কমলাকান্তই আওকণীয়া ভাও জুৰি আনফালে আঁতৰি গ’ল। অভ্যাস নোহোৱাজনেও বিয়াঘৰত পালে তামোল-চিগাৰেটৰ শ্রাদ্ধ নকৰাকৈ নাথাকে। মুহূৰ্ততে বঁটাৰ তামোল নোহোৱা হ’ল। কমলাকান্তই বটা পূৰাবলৈ ভিতৰলৈ ঢাপলি মেলিলে। উমৈহতীয়া বিপদৰ দৰে সামাজিক উৎসরেও মানুহক সার্বজনীন শ্রেণীভুক্ত কৰে। অপৰিচিতৰ মাজবেৰখন হাঁহি-ধেমালি, আনন্দ-খলকনিৰ মাজত হুৰকৈ ঢলি পৰে। দুদিনৰ ভিতৰতে মৌজাদাৰৰ ঘৰত কমলাকান্ত নিচেই আপোনজন হৈ উঠিল। বাহিৰ-ভিতৰ ঘৰৰ সংকোচ-সেতু উৱলি গ’ল। কমলাকান্তই বৰঘৰৰ যি কোঠাৰ পৰা তামোল-পাণ আনিবলৈ গ’ল, সেই কোঠাতে গাভৰুহঁতে হাঁহি-তামাচা কৰি তামোল কাটি আছে। কমলাকান্তই দুই হাতে দুটা বটা লৈ তৰা-নৰা ছিঙি কোঠাৰ দুৱাৰমুখ পাইছেগৈহে- ভিতৰৰ পৰা হঠাতে কোনোবা এগৰাকী ওলাই আহি কমলাকান্তৰ হাতৰ বটাত খুন্দা মাৰি হামখুবি খাই মাটিত পৰিল, বটা দুটাই হাতৰ পৰা উফৰি গৈ পকা মাটিত ঠন-ঠনাই শব্দ কৰিলে। কোনোবা পৰাৰ শব্দ আৰু কাঁহৰ ঠনঠননি শুনি হাতত লেম এটা লৈ ভিতৰৰ পৰা কেইজনীমান ছোৱালীয়ে উধাতু খাই লবি আহি দেখিলে তগৰে দুৱাৰদলিতে পৰি কপালত হাত মোহাৰি উস্-আস্ কৰিছে। কলেজীয়া ডেকা কমলাকান্তই ওচৰত লাজ-সংকোচত কেঁচুটো হৈ থিয় দি আছে। মুহূৰ্তৰ ভিতৰতে ঘটনাটো কল্পনা কৰি, কমলাকান্তৰ মুখলৈ চাই আটাইকেইজনী ছোৱালীয়ে গির্জনি মাৰি হাঁহিবলৈ ধৰিলে। এই কেইদিন কমলাকান্তৰ লগত জোৰা দি লগৰ ছোৱালীবোৰে তগৰক জোকাইছে। তগৰ আৰু কমলাকান্তক সমুখাসমুখিকৈ দেখি তাহাঁতৰ মুখত হাঁহি নধৰা হ’ল। মালতীয়ে ওচৰ চাপি মূৰটো তললৈ নমাই সুধিলে, “বৰকৈ দুখ পালি নেকি অ’ তগৰ?” কপালৰ পৰা হাতখন এৰুৱাই মালতীক হেঁচুকি দি খঙেৰে ক’লে, “যা যা তহতে মৰম চেলাবলৈ আহিব নেলাগে!” “আমি যাওহঁক ব’ল। তাই এইখন মিছাকৈয়ে ভেৰাকুটি জুৰিছে। আটাইকেইজনী বহি আছিলোঁ, তাইনো কি সঁহাৰি পাই উঠি আহিছিল?” নুমলীৰ কথা শুনি আটাইকেইজনীয়ে আকৌ খিল্লিকৈ দুষ্টালিৰ হাঁহি হাঁহিলে। কমলাকান্তৰ মুখ পকা আঙঠাতকৈও ৰঙচুৱা হৈ উঠিল। আগ পিছলৈ খোজ চলাই নিজৰ জাগ্ৰত অৱস্থাৰ প্রমাণ দিবলৈকো সংকুচিত হ’ল। জঠৰ হৈ কমলাকান্ত থিয় হৈয়ে থাকিল। মালতীয়ে আকৌ তগৰৰ ওচৰ চাপি সাবটি ধৰি ক’লে, “উঠ, উঠ, কন্যা উলিয়াবৰ হৈছে। ইয়াত পৰি থাকিলেই হ’বনে?” তগৰে চকু দুটা ঢাকি কান্দোনৰ সুৰত উত্তৰ দিলে, “যাগৈ তহঁত। মই তহঁতৰ লগত নাযাওঁ যা!” নুমলীয়ে মালতীক আজুৰি দুৱাৰদলিৰ বাহিৰলৈ টানি আনি ক’লে, “তয়ো ভাল আই হেবে। এতিয়া তগৰক লগ বিচাৰিছ! তাই আৰু আমাৰ লগত যাবলৈ ওলাবনে?” -এই বুলি লগৰ ছোৱালীকেইজনীৰ মুখলৈ চালে। তগৰে উঠাৰ অলপ আয়াস কৰোঁতেই আটাইকেইজনীয়ে কথাষাৰৰ গুপুত ৰহস্য বুজি হাঁহি হাঁহি তৰল তৰংগৰ দৰে আঁতৰি গ’ল। এক মুহূৰ্তৰ ভিতৰতে ইমানখিনি ঘটনা ঘটিল যে কমলাকান্তই গমকে নাপালে। আটাইকেইজনী ছোৱালী আঁতৰি যোৱাত বেচেৰা মহা সমস্যাত পৰিল। গাভৰু ছোৱালী এজনীক আগত লৈ অকলশৰে তেনেভাবে থিয় দি থকা দৃশ্যটো নিজৰ মনতে কেনেবা কেনেবা লাগিল। ইফালে বাহিৰত তামোল-পাণৰ বাবেও মানুহে বাট চাই আছে। ছোৱালীজনীক চেৰাই দুৱাৰদলি পাব হ’বৰো সাহস হোৱা নাই। কি কৰিব কি নকবিব চিন্তাত গৰীয়া-গোসাঁইৰ দবে মুহূর্তে মুহূর্তে কমলাকান্তৰ মুখৰ বৰণ সলনি হৈছে। পিছলৈ কেৰাহিকৈ চাই চাই আঁতৰি যোৱা ছোৱালীকেইজনী চকুৰ আঁৰ হোৱাৰ লগে লগে এখোজ দুখোজকৈ আগবাঢ়ি গাটো চালি জোকাৰি সকলো শক্তি ওঁঠৰ আগলৈ টানি কমলাকান্তই সুধিলে, “তেজ ওলাল নে কি?” “কপালত তেজ ওলাইছে; চকুৰ গুৰিতো দুখ পাইছোঁ।” মুহূৰ্তৰ কাৰণে কমলাকান্তই নিজকে পাহৰি জেপৰ পৰা ৰুমালখন উলিয়াই তগৰৰ কপালত ধৰি ক’লে, “চকুত অলপ চেঁচা পানী দিলে ভাল পাবা।” বাহু দুটাত লাহেকৈ ধৰি তগৰ থিয় হোৱাত কমলাকান্তই সহায় কৰিলে। ইমানখিনি পৰিচৰ্যাৰ প্ৰয়োজন অৱশ্যে নাছিল। কিন্তু অপ্রত্যাশিতভাবে পোৱা প্রয়োজনৰ অতিৰিক্ততে মানুহৰ আনন্দ। প্রাপ্য আৰু ন্যায্যৰ ধৰা-বন্ধা অধিকাৰতকৈ ওপৰঞ্চি স্বৰূপে পোৱাখিনিতহে মানুহৰ সুখ। প্রথম অৱস্থাত কমলাকান্তৰ হাতৰ পৰশৰ পৰা বাহু দুটা এৰুৱাই নিবলৈ তগৰে কোনো চেষ্টাই নকৰিলে। গাভৰু অৱস্থাত পুৰুষৰ পৰশ পাবলৈ সকলো ছোৱালীৰ মনতে উদ্দাম বাসনা জন্মে। সমাজৰ তীক্ষ্ণ শাসন তাৰ প্রতিবন্ধক। তগৰ থিয় হোৱাৰ পাছতো কমলাকান্তৰ হাতৰ আঙুলিৰ আগকেইটাই মাকৰ ঘৰৰ পৰা উলিয়াই দিয়া ছোৱালীৰ দবে তগৰৰ পিঠিত তেতিয়াও যাওঁ-নেযাওঁকৈ আগভৰি পিছভৰি কৰি আছে। মৰমৰ অবিচাৰ হ’ব ভাবি তগবেও নিজে এৰুৱাই দিবলৈ টান টান পাইছে। খন্তেকতে তিৰোতাৰ স্বাভাৱিক বুদ্ধিয়ে তগৰক সজাগ কৰি তুলিলে। ল’ৰালৰিকৈ মাটিত পৰি থকা বটা দুটা বুটলি লৈ তগৰ ভিতৰ সোমাল। সম্বন্ধহীন গাভৰু ছোৱালী এজনীৰ লগত নির্জন আন্ধাৰ কুঠৰীত সোমাবলৈ সংকোচবোধ কৰি দুৱাৰমুখৰ পৰাই লেমটো আগবঢ়াই কমলাকান্তই ক’লে, “খাটৰ তলৰ বাকচটোত চিগাৰেট আছে, তাকো দিবা।” সকলো মাদক বস্তুৰ ভিতৰত গাভৰুৰ কোমল অংগৰ স্পর্শই ডেকাক এটি নতুন উন্মাদনা দিয়ে। তগৰৰ দেহব ক্ষণিক স্পর্শতে কমলাকান্তৰ দেহ পুলকিত হৈ পৰিল, অন্তৰত যৌৱনৰ বিজুলী বস্তি জ্বলি উঠিল। আত্মগৌৰৱৰ উৎফুল্ল হাঁহিৰে হাতত বটা লৈ কমলাকান্ত ৰভাতললৈ গ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top