কাঁহী এখনৰ ওপৰত কেইটামান কল আৰু গাখীৰ এবাটি লৈ অলপ সময়ৰ পাছতে তগৰ পুনৰ কমলাকান্তৰ কোঠাত সোমালহি। মেজৰ ওপৰত কাঁহীখন থৈ তগবে সলজ্জ হাঁহি এটাবে সুধিলে, “আকৌ দেখোন শুলে? তেনেহ’লে পাছত আনিম?” এৰীয়া কাপোৰখন গাৰ পৰা আঁতৰাই কমলাকান্ত বিছনাৰ পৰা উঠিল। মেজৰ পৰা পানীৰ গিলাচটো হাতত লৈ ক’লে, “বিয়াৰ ৰাতি বঁটাৰে খুন্দিয়াই কপালৰ তেজ উলিয়াই কষ্ট দিলোঁ, আজি আকৌ দুবাৰ চাহ কৰোৱাই কষ্ট দিবৰ ইচ্ছা নাই।” “ইস্, সেইটো কথাকে সদায় উলিয়াই.।” তগৰে লাজতে কুঁচিমুচি কথাষাৰ আধা কোৱা কৰিলে। খিৰিকীয়েদি কুলকুলিয়াই পানী পেলাই, গামোচাৰে মুখ মচি কমলাকান্তই ক’লে, “যি ঘটনা উল্লেখ কৰিবলৈ নিষেধ কবিছা, হয়তোবা সেই ঘটনাৰ কাৰণেই এদিন মোলৈ তোমাৰ মনত পৰিব। নহয় জানো?” চকীত বহিবলৈ উপক্ৰম কৰি কথাষাৰ সামৰাৰ লগে লগে কমলাকান্তই তগৰলৈ চাই হাঁহি মাৰিলে। তগবে কাঁহীখন কমলাকান্তৰ ফালে আগবঢ়াই দিওঁতে কিলাকুটি লাগি মেজব কিতাপ এখন মাটিত পৰিল। কিতাপখন লৰালৰিকৈ বুটলি মূৰত লগাই সেৱা কৰি মেজত থ’লে। তগৰৰ শ্রদ্ধা-জড়িত সহজ বিশ্বাসলৈ লক্ষ্য কৰি কমলাকান্তই ক’লে, “সেইখন দেখোন ইংৰাজী কিতাপ?”
“ইংৰাজী কিতাপত জানো সৰস্বতী নাথাকে?”
“ওহো।”
“ইস্, ইংৰাজী কিতাপ জানো শাস্ত্র নহয়?”
“কিয় হ’ব?”
“যাওক, আপুনি ধেমালি কৰিছে।” অনুযোগৰ সুৰত কথাষাৰ কৈ তগৰে তলমূৰ কৰিলে। বাকলি আধা একরাই লোৱা কলটোৰ একামোৰ মুখত লৈ কমলাকান্তই সুধিলে, “শাস্ত্র জানো তুমি মানা?” “ওঁ আই, শাস্ত্র নেমানিম কিয়?” প্রশ্ন শুনি তগৰ জিকাৰ খাই উঠিল। কমলাকান্তৰ কুঠৰীলৈ সোমাই আহোঁতেই তগৰৰ শেষ কথাষাৰ মৌজাদাৰনীৰ কাণত পৰিল। দুৱাৰমুখত ভৰি দিয়েই তেওঁ ক’লে, “অ’ এই হবলা তোমাৰ লগত শাস্ত্রব বিষয় লৈ তর্ক কৰিবলৈ আহিল?” কমলাকান্তই অপ্রস্তুত হৈ চকীৰ পৰা উঠিল। তগবে লাজতে তলমূৰ কৰিলে। “বহা, বহা, বোপা। তোমাক চাহ-জলপান দিলেনে নাই, তাকেহে চাবলৈ আহিলো। তর্কত লাগিলে তাই সকলো পাহবে।” কথাষাৰৰ লগে লগে হাঁহি মাৰি মৌজাদাৰনীয়ে তগৰৰ ফালে চালে। গুণানুকীর্তন আৰু হয় বুলি মৌজাদাৰনীৰ কাষেদিয়েই তগৰ লাহেকৈ ওলাই গ’ল। “কাম-কাজত ছোৱালীজনী পাকৈত। পুথি-পাঁজিও ভালকৈ পঢ়িব পাবে। পাঠশালা পাছ কবি বৃত্তিও পাইছিল, কিন্তু মুখখনহে লাওপাত কচুপাত।” কমলাকান্তৰ মুখত হাঁহিয়ে উকি মাৰিলে। “বাপেকে আকৌ ইংৰাজী পঢ়াবলৈ ওলাইছিল, আমিহে হাক দিলোঁ।” গাখীৰৰ বাটিত মুখ দি কমলাকান্তই ক’লে, “জাত যায় বুলি?” “এহ, বিদ্যা অর্জাতনো কি জাত যোৱা কথা? পিছে আমাৰ গাঁৱলীয়া ছোৱালীয়ে ইংৰাজী পটি কিনো বিদ্যাখন শিকিব? শিকিব লগা জানিব লগা কথা আমাৰ ভাষাৰ শাস্ত্রত নাই জানো?”
চকুরে মুখে প্রতিবাদব বেখা ফুটি ওলালেও প্রতিবাদ কৰিবলৈ কমলাকান্তব সাহে নুকুলালে, নিশ্চল হৈ শুনি গাখীৰৰ বাটিত মুখ দিলে। “ছোৱালীক বেছিকৈ পঢ়াই শুনাইনো কি লাভ? ঘৰ-গৃহস্থালিৰ কামখিনি পৰিপাটাকৈ শিকিলে বুজিলেই হ’ল। কি কোৱা, নহয় জানো?” কমলাকান্তই মৌজাদাৰনীৰ কথাত বাধ্য হৈ “হয়” বুলি শলাগিলে। “আইদেউক উলিয়াই দিয়া দেখি তগৰৰ মাকৰো চিন্তা লাগিছে। পাৰিলে কালিলৈকে ছোৱালীজনী বিয়া দিয়ে। হওঁতে আইদেউতকৈ তগৰ দেড় বছৰমানৰ সৰু হ’ব।” আনৰ ল’ৰা-ছোৱালীতকৈ নিজব ল’ৰা-ছোৱালীৰ বয়স কমাই কোৱা মাক-বাপেকৰ অভ্যাস। কৃষ্ণদত্তৰ মাকৰ সেই কথাত ব্যতিক্রম দেখি কমলাকান্তই বিস্ময় মানিলে। একেবাৰে নিমাত হৈ থকা সমীচীন নহয় ভাবি কমলাকান্তই ক’লে, “এতিয়াইনো মাকে বিয়াৰ কথা কিয় ভাবিছে?” “এ নক’বা বোপা, উলিয়াই দিব লগা জীয়ৰী ছোৱালী ঘৰত থাকিলে মাক-বাপেকৰ চিন্তা-ভাবনাৰ ওৰ নাই। উঠন ছোৱালী বাঢ়িবলৈ ধৰিলে বাৰিষাৰ বানপানী। যিমান সোনকালে পাৰি এই আপদবোৰ উলিয়াই দিয়াহে ভাল।” কমলাকান্তই হাঁহিলে। “তগৰৰ ল’ৰা এটা চাই-চিতি দিবলৈ মাকে তোমাক ধৰিবলৈ কৈছে। বৰমইনা আৰু তুমি লগ লাগি দৰা এটা চোৱা। এই অঞ্চলত হওঁতে বহুতো ল’ৰা ওলায়। পিছে মাকৰ ইচ্ছা ক’ৰবাত কিজানি পঢ়া-শুনা জনা ল’বা এটা পায়েই।” “ভাল” বুলি কমলাকান্তই শলাগিলে। “জীয়ৰীৰ কপালে, ফুটালাওরে সমান। শেষত গৈ ক’ত পৰেগৈ কোনে জানে? তথাপি মাক-বাপেকৰ মন।” “কৃষ্ণই চেষ্টা কৰিলে পঢ়া-শুনা জনা ল’ৰা এটা পাবলৈ টান নহ’ব।””তোমাকো কৈ থ’লোঁ মনত ৰাখিবা। বহা, মই আহোঁ, তগৰ যাবলৈ ওলাইছে হবলা- তাইৰ হাতত মাকলৈ পাণ দুবিবামান দি পঠাওঁগৈ।” কথাৰ লগে লগে কাঁহীখনত বাটিটো তুলি মৌজাদাৰনী ওলাই গ’ল।
কৃষ্ণদত্তহঁতৰ গুৱাহাটীলৈ উভতি যোৱাৰ দিনা কালিলৈ পুরা ঠিক হৈছে। আবেলি চাহ-জলপান খাই দুয়ো বন্ধু ফুৰিবলৈ ওলাই গৈছে। সন্ধিয়াব আগে আগে কমলাকান্ত ঘূৰি আহিল, কৃষ্ণদত্ত পেহাকৰ ঘৰত মাত লগাবলৈ সোমাল। কমলাকান্তই কামিজটো সোলোকাই আলনাডালত থৈ বিছনাৰ পিছফালে থকা ছুটকেছটো মেলি কাপোৰ-কানিবোৰ ঠিক লগাই ভৰাবলৈ দিহা কৰিছে। ছুটকেছটোৰ সমুখত আঁঠু কাটি, ভিতৰৰ পৰা দুই-এখন কাপোৰ উলিয়াই একান্তমনে চাইছে। তাবে দুখনমান কাপোৰ আইদেউৰ বিয়াত উঠা। বিয়াত উঠা কাপোৰ আত্মীয়-স্বজন সকলোৰে প্ৰাপ্য। আইদেৱে যাবৰ সময়ত নিজে বোৱা পাটৰ কাপোৰ এখন আৰু ফুলাম গামোচা এখনেৰে কমলাকান্তক সেৱা কৰি গৈছে। গামোচাৰ ফুলকেইটালৈ চাই মাজত লুকাই থকা ভাই-ভনীৰ মধুৰ সম্পৰ্কৰ কথা ভাবি কমলাকান্তৰ অন্তৰ আনন্দত আপ্লুত হৈ পৰিল।
এনে সময়তে কাগজেবে নুবিওৱা টোপোলা এটা হাতত লৈ তগৰ কোঠাটোত সোমালহি। তাত কোনো নাই বুলিয়েই তগৰৰ অনুমান হৈছিল। মেজত টোপোলাটো থৈ উভতিব খোজোঁতেই হঠাতে ওচৰত থকা চকীখনত তেওঁৰ হাত লাগি এটা শব্দ হ’ল। ঘপহকৈ ছুটকেছটো বন্ধ কৰি কমলাকান্তই ঘূৰি চালে। সেই একে মুহূর্ততে উভতিব খোজা তগৰৰো চকু চুকত থকা কমলাকান্তৰ ওপৰত পৰিল। কমলাকান্তক দেখি বেচাৰী য’তে আছিল ত’তে থৰ দি ৰ’ল। গামোচাখন ছুটকেছৰ ওপৰত পেলাই মাটিৰ পৰা উঠি কমলাকান্ত আগবাঢ়ি আহিল। মেজৰ ওপৰত টোপোলাটো চাই প্রসন্ন হাঁহিৰে সুধিলে, “এইয়া মোলৈকে উপহাৰ নে?” লাজত তলমূৰ কৰি তগৰে একো নমতাকৈ থাকিল। কাগজখন এৰুৱাই কমলাকান্তই টোপোলাটো মেলিলে। চাৰিওফালে সূতাৰে কাম কৰা এখনি ধুনীয়া টেবুল ক্লথ। ভালকৈ মেলাত দেখিলে, এটি পদুম পাতৰ আঁৰত ফুল আৰু এটা কলি। পাত, ফুল আৰু কলি- তিনিওটা ভিন ভিন সূতাৰে তোলা। যিগৰাকী শিপিনীয়ে তুলিছে তেওঁৰ যে কেৱল চিত্ৰকেইটাৰ যথাস্থিত অৱস্থাৰ বিষয়েহে জ্ঞান আছে এনে নহয়, বং সামঞ্জস্যৰ জ্ঞানৰ পৰিচয়ো তাৰ মাজেদি প্রকাশ পাইছে। চাৰিওকাষৰ লতা পাতৰ চিত্ৰৰ মাজেদি শিপিনীৰ অন্তৰৰ ভাব সুন্দৰ ৰূপেই ফুটি ওলাইছে। লাহে লাহে ভাঁজ দি জাপি কমলাকান্তই সুধিলে, “এইখন মোক দেখুৱাবলৈ আনিছা নে কি?” “দেখুৱাবলৈ আনিম কিয়?” “ইমান ধুনীয়াকৈ ফুল তোলা কাপোৰখন লোকক দিবলৈ তোমাৰ বেয়া নালাগিবনে?” “বেয়া লগা হ’লে নিদিলোঁহেঁতেন। কাপোৰখনত ফুল তোলোঁতেই কাৰোবাক দিম বুলি ভাবিছিলোঁ। নিজৰ নিমিত্তে ইমান কষ্ট কৰি ফুল তুলিম কিয়?” “সেই কোনোবা নিশ্চয় মই নহওঁ চাগৈ।” “কোনোবা অনিশ্চয়বাচক সর্বনাম। গতিকে আপুনি হ’বও পাবে নহ’বও পাবে। এতিয়া আপুনিয়েই যেতিয়া বস্তুটো পালে, ধৰক, আপোনাৰ কাৰণেই যেনিবা এই ফুল তুলিছিলো।” কথাষাৰ কোৱাৰ পাছত তাৰ অর্থ ভাবি তগৰে লাজ-সংকোচত থতমত খালে। বুজা-নুবুজা এটি দুর্দান্ত বাসনাই কমলাকান্তৰ অন্তৰ তোলপাৰ কৰিলে। বতাহত কীচক বেণু আপোনা-আপুনি বাজি উঠাৰ দৰে কমলাকান্তৰ অন্তৰো অজান আনন্দত নাচি উঠিল। পুলকত বিভোৰ হৈ সকলো দ্বিধা-শংকা, বাধা-বিঘিনি মুহূর্তলৈ পাহবি তগৰৰ হাতখন নিজৰ হাতলৈ আনি নিজৰ আঙঠিটো সোলোকাই তগৰৰ আঙুলিত পিন্ধাই দিলে। ঘটনাটো ইমান সোনকালে ঘটিল যে তগৰে প্ৰথম অৱস্থাত টলকিবই নোৱাবিলে। আঙঠিটো যেতিয়া আঙুলিত সোমাল- হাতখন কোঁচাই নিবলৈও ইচ্ছা নগ’ল। গোটেই ঘটনাটোৰ ওপৰত আনন্দৰ ৰহণ বোলাবলৈ চেষ্টা কৰি ক্ষীণ হাঁহি মাৰি কমলাকান্তই ক’লে, “মোব প্রতিদান এয়ে।” চাদৰৰ আগটোৰে চকুৰ লাজ ঢাকি ফেকুৰি ফেকুৰি তগবে ক’লে, “আপুনি মোৰ সৰ্বনাশ কৰিলে কিয়?”
কমলাকান্ত অপ্রস্তুত হ’ল। ভয় আৰু আশংকাত শৰীৰ শিয়ৰি উঠিল। ব্যগ্রভারে সুধিলে, “তোমাৰ সৰ্বনাশ ?” “মই মানুহৰ আগত কেনেকৈ মুখ দেখুৱাম?” উচুপি উচুপি ক’লে। বুকুত হেঁচামাৰি ধৰা শিলচটাক উত্তৰটোৱে আঁতৰাই পেলালে। কমলাকান্তই লাহে লাহে ক’লে, “তাৰ ব্যৱস্থা মই কৰিম। তোমাৰ ইচ্ছা হ’লে আঙঠিটো মোক ঘূৰাই দিব পাৰা।” “আঙঠি ঘুবাই দিব নাপায়। বাৰু কওকচোন, আপনি মোক এনেভাবে অপমান কিয় কবিলে?” আৰু ক’ব নোৱাৰিলে, ক্ষোভ দুখত তগৰৰ হৃৎপিণ্ডৰ ক্ৰিয়া যেন ক্ষন্তেকলৈ বন্ধ হৈ গ’ল।
দীঘল উশাহ টানি কমলাকান্তই উত্তৰ দিলে, “ভালপোৱাই মান-অপমানৰ বিচাৰ নকবে, বিধি অনুষ্ঠানলৈ বাট চাব নোখোজে, তাৰ পুৱা-গধূলি নাই। ভালপোৱাৰ দুৰ্দাম বানে আজি মোৰ অন্তৰ যেনেকৈ ঢৌৱাই নিছে, তাত ডুব নিদিয়া হ’লে হয়তোবা পাৰৰ শুকান বালিত বহি চিৰদিনৰ কাৰণে তাৰ বাবে বৃথা প্রতীক্ষাই কৰিব লাগিলহেঁতেন-কোনে জানে?”
“দেউতাক নোকোৱাকৈ আপুনি মনে মনে কি কামটো কৰিলে?” তগৰৰ দুখৰ হুমুনিয়াহৰ নিশ্বাসে কমলাকান্তৰ অন্তৰ কঁপাই তুলিলে। তগৰৰ আত্মসন্মানৰ কোনখিনিত নির্মমভাবে আঘাত কৰিলে, কমলাকান্তই বঢিয়াকৈ উপলব্ধি কৰিলে। সামান্য ছোৱালী এজনীৰ আত্মসন্মানৰ এনে উগ্র প্রীতি দেখি কমলাকান্তৰ অন্তৰ তগৰৰ প্ৰতি গভীৰ শ্রদ্ধাত উপচি পৰিল। সমুখ দুবাৰেদি বিচাৰি যিটো বস্তু সসম্মানে লাভ কৰিব পাৰি, তাৰ নিমিত্তে পিছ দুৱাৰেদি সিন্ধি খান্দি অপযশৰ দুর্বহ বোজাটো ব’বলৈ তেওঁ কিয় গ’ল? তগৰৰ হাতখন পুনৰ নিজৰ হাতত লৈ মিনতিৰ সুৰত ক’লে, “যি হৈ গ’ল তাৰ নিমিত্তে দুখ কৰিলে কি হ’ব? মানুহৰ জীৱনত দুর্বল মুহূৰ্তবোৰ আছে দেখিয়েই আজি মানুহ তেজ-মঙহৰ হৈ আছে- অশৰীৰী দেৱতালৈ ৰূপান্তৰিত হোৱা নাই। ভুল কৰা মানুহৰ যেনেকৈ দোষ, তাৰ সংশোধন সেইদৰে শ্রেষ্ঠ গুণ। ভুলৰ স্বীকাৰত শান্তি আছে, অপযশ নাই।” ক্ষন্তেকলৈ থমকি বৈ গভীৰ ভাবাবেগত তেওঁ আকৌ কৈ গ’ল, “গোপনে আজি যি ভুল কৰিলোঁ, প্রকাশ্যে তাৰ প্রায়শ্চিত্ত অচিবেই কবিম। আজিৰ এই ঘটনা মোৰ উন্মত্ত যৌৱনৰ বলিয়ালি নহয়, মোক তুমি বিশ্বাস কবিবা।” লাহে লাহে তগৰৰ হাতখন ঢিলাই এৰি দিলে। নিজৰ অজ্ঞাতসাবেই তগৰে কমলাকান্তৰ ভৰি চুই সেৱা কৰি বিজুলীবেগেৰে কোঠাটোৰ পৰা ওলাই গ’ল। চপলা চঞ্চলা তগৰৰ মুখত নিমিষতে বয়সৰ গাম্ভীর্যই ডাঠ ওৰণি টানি দিলে। খিৰিকীৰ মাজেদি বাহিৰৰ অন্ধকাৰলৈ কমলাকান্তই স্তব্ধভাবে চাই ব’ল। সন্ধিয়াৰ নিস্তব্ধতা তেওঁৰ সমুখত মুখৰিত হৈ উঠিল।
কমলাকান্তৰ পিতাক মহীকান্ত বৰুৱা ডিব্ৰুগড় কাছাৰীৰ কেবাণী। ইংৰাজ আমোলত অসম দেশৰ ৰূপ আৰু ৰাজধানী সলনি হোৱাৰ লগে লগে মহীকান্তৰ পূর্বপুৰুষৰ পদবী আৰু বাসস্থানবো পরিবর্তন ঘটিল। দলৈ নোহোৱা পুৰণি দেৱালয়ৰ শিলপাথবে ভঁৰালৰ গাধৰিৰ তলত ঠাই পোৱাৰ দৰে বজা নোহোৱা আহোম পদবীসমূহে যাকে য’তে পালে তাৰ নামৰ লগত সংযুক্ত হৈ পদবীৰ সন্মান নবঢ়ালেও নিজ নামৰ সন্মান বঢালে। তাৰে ভিতৰৰ সাৰ্বজনীন বৰুৱা পদবীটোৰ বিলাই-বিপত্তি নোহোৱা হোৱাত কিছুমানে যেনিবা তাক আশ্রয় দিলে। কমলাকান্তৰ ককাক পদ্মকান্তই নিৰাশ্রয় বৰুৱা পদবীটোক নিজৰ নামত সংযুক্ত কৰি ভৱিষ্যৎ বংশধৰসকললৈ খ্যাতি ৰাখি গ’ল। পদ্মকান্ত আছিল পাঠশালাব পণ্ডিত। সেইদিনত ছয়টকীয়া দৰ্মহাৰে সসন্মানেৰেই গাঁৱত দিন চলি গৈছিল। সভ্যতাৰ মাপ-কাঠী অভাৱৰ সংখ্যাৰ তালিকা নিজে নিজে দীঘল কৰি তাবে সমাধানত জীৱনব্যাপি তুমুল সংগ্ৰামৰ প্ৰয়োজন নহৈছিল। পদ্মকান্তৰ পুতেক মহীকান্তই জিলাৰ হাইস্কুলৰ অষ্টম মানলৈকে পঢ়ি প্রথমতে কাছাৰীত নকল-নবিচৰ কামত সোমাল। কিছুদিনৰ পাছত চিৰস্তাদাৰক গাখীৰ গুৰৰ টেকেলিৰে সন্তুষ্ট কবি কেৰাণী কামত স্থায়ীভাৱেই মকবল হ’ল। কামত সোমোৱা দিনৰে পৰা লোকৰ বাৰীত জুপুৰি এটা সাজি মহীকান্তই জিলাতে থাকিবলৈ লৈছিল যদিও, মাহেকে-পষেকে চাউলকঠা, খৰিভাৰ আনিবলৈ গাঁৱৰ ঘৰলৈকো অহাযোৱা কৰি ভাই-ককাই বংশ-পৰিয়ালৰ লগত সম্বন্ধটো ৰাখি আছিল। কিন্তু কেৰাণী কামত স্থায়ী হৈয়ে গাঁৱৰ অস্থাৱৰ বিষয়-সুখৰ মায়াজাল কাটি আমোলাপট্টিত নিজাকৈ চূণকাম কৰা ঘৰ-বাৰী পাতি আশাশুধীয়াকৈ বাজসেৱাত মন দিলে। মহীকান্ত নিজে মিতব্যয়ী। গাঁৱৰ ছোৱালী কাৰণে ঘৈণীয়েকৰ লগতো চহৰীয়া অপ্রয়োজনীয় ব্যয়ব পৰিচয় নঘটিল। দহজন আমোলাৰ দৰে, গুচৰীয়া পদকীয়াৰ পৰা যি দুই চাৰিঅনা দান-দক্ষিণা পায়, মহীকান্তই তাৰেই সংসাৰ চলায়। অর্থই মূল ভাবি মাহৰ মূৰত পোৱা টকা আঢ়ৈকুৰি আনৰ হাতলৈ চক্রবৃদ্ধিত এৰি দিয়ে।
কমলাকান্তও বাপেক ককাকৰ ফুটতে উঠা ল’বা। যোগ আৰু পূৰণৰ নিয়ম নিয়াৰিকৈ আয়ত্ত কৰিলেও বিয়োগ আৰু হৰণৰ অংক পৰিপাটীকে নিশিকিলে। মেট্রিকুলেছন পৰীক্ষাত বৃত্তি ধৰি কমলাকান্ত গ’ল গুৱাহাটীৰ কলেজত পঢ়িবলৈ। চাওঁতে চাওঁতে বি.এ. পৰীক্ষা দি কলেজৰ শিক্ষা একৰকম শেষ কৰিলে। ল’ৰাই বি.এ. পাছ কৰিলে স্কুলৰ মাষ্টৰীত কেনেকৈ সমুৱাব পাৰি, মহীকান্তই পেটে পেটে তাকে চিন্তিলে।
বি.এ. পৰীক্ষাৰ বাতৰি ওলাল। কমলাকান্তই দর্শনত প্রথম শ্রেণীব অনাৰ্ছ পাইছে। কাছাৰী ঘৰত বাতৰিটো ৰাষ্ট্ৰ হ’বলৈ সৰহ সময় নেলাগিল। বৰৰ পৰা সৰুলৈ সকলো আমোলাই মহীকান্তক ওলগ জনালে। চন্দ্র উকিলো মোকদমা এটাৰ নম্বৰ বিচাৰি মহীকান্ত কেৰাণীৰ কাষ চাপিল। দক্ষিণা নহ’লে মহীকান্তৰ পৰা দলিলৰ নম্বৰ উলিওৱা টান। চতুৰ চন্দ্ৰ উকিলে এই সুবিধাতে মুখত এমোকোৰা হাঁহি লৈ মহীকান্তৰ কাষ চাপি ক’লে, “বুজিছে বৰুৱা, এতিয়া হাত সাবটি বহি থাকিলে নহ’ব। কমলাকান্তক চিি ছাৰ্ভিচৰ কাৰণে চেষ্টা কৰিবলৈ কওক। আমাৰ জিলাৰ পৰা কেইবাবছৰো হিন্দু পোৱা নাই, আমি আছোঁ। এইবাৰ ভালকৈয়ে মুভূ কৰা যাব।”
চন্দ্র উকিল নতুনকৈ স্থাপিত হোৱা সনাতন ধর্মসভাৰ লোকেল ছেক্ৰেটৰী। ভৱিষ্যতৰ সহায়ৰ আশাত নানা নথি-পত্র ঘাটি-ঘুঁটি মহীকান্ত কেৰাণীয়ে তেতিয়াই কাগজ এখনত নম্বৰটো টুকি চন্দ্ৰ উকিলক দিলে।
পৰাশ কটকীয়ে গ্রেজিঙব ফাইলটো আগত মেলি ঢেলা পৰি যোৱা বিমৰ চমাযোৰ কপালত তুলি সম্মুখৰ শাৰীত বহা গজেন তামুলীলৈ চাই সুধিলে, “হেবা গজেন, বি.এ পৰীক্ষাত আকৌ অনাৰ্ছ কিহে?” গজেন তামুলী কামত সোমোৱা সৰহদিন হোৱা নাই। কলেজত আই.এ লৈকে পঢিছিল। কলেজৰ শিক্ষা সম্বন্ধে যথার্থতে একাষাৰ ক’ব পাৰোঁতা বুলি অফিচত আছিল গজেন তামুলীহে। সেই গৌৰৱতে উৎফুল্লিত হৈ লিখি থকা ড্রাফ্টখন ব্লটিঙেবে হেঁচা মাৰি ধৰি গজেন তামুলীয়ে ক’লে, “অনাৰ্ছত এটা বিষয় পঢ়িব লাগে। মেট্রিকুলেছনত এডিছনেল বিষয় লোৱাৰ দবেই।” পৰাশ কটকীয়ে চাদৰৰ কোণেৰে চকুৰ কোণৰ ফেঁচকুৰি মচি মূৰ দুপিয়ালে। জীৱন ভূঞাই দলিল এখন কপি কৰিছিল, লাহেকৈ মূৰটো তুলি উৎসুকভাবে গজেন তামুলীক সুধিলে, “অনাৰ্ছত ফার্স্ট ক্লাছ কি দিয়ক তামুলী?” “ফার্স্ট ডিভিজন।” পৰাশ কটকীয়ে গহীনাই কথাষাৰ কৈ সন্মতিৰ বাবে গজেন তামুলীৰ মুখলৈ চালে। “ফার্স্ট ডিভিজনকে বুলিব পাৰি। চাৰিখন পেপাৰ। প্রত্যেক পেপাৰত এইটা পাৰচেণ্ট পাব লাগে।” “এইটা পাৰচেণ্ট পোৱাটো সহজ কথা নহয়। বৰুৱাৰ ল’ৰাই বেছ নাম কৰিয়েই পাছ কৰিছে।” জীৱন ভূঞাই ক’লে। মেজৰ তলত মেলি দিয়া ভৰি দুখন জোকাৰি জোকাৰি পৰাশ কটকীয়ে উত্তৰ দিলে, “ক’বহে লাগিছেনে, কলিকতা ইউনিভাৰছিটিত বঙালী ল’ৰাৰ মাজত ফার্স্ট হোৱা মুখৰ কথানে? বৰুৱাৰ এইটি ল’ৰা নহয়, এচপৰা সোণ।” মণ্ডল বিভাগৰ কেৰাণী পীতাম্বৰ তামুলীয়ে দূৰৰ পৰাই কাণ খজুৱাই খজুৱাই শুনি আছিল। কলমৰ আগত অহা কাণৰ মলিখিনি টেবুলৰ ওপৰৰ ব্লটিঙত মচি ক’লে, “চাই থাকিব, বৰুৱাৰ ল’ৰাই আমাৰ আগতে হাকিমৰ চকীত বহিবহি।” ইফালে-সিফালে চাই গজেন তামুলীয়ে ক’লে, “হ’বহে লাগে, এনে ল’ৰাহে হাকিমৰ লায়ক। এতিয়া আমি যি কেইজনহে পাইছোঁ, তিনি চাৰিবাৰ কাটকুট নকৰাকৈ ড্রাফ্ট এখনকে লিখিব নোৱাৰে। জাজমেন্ট ঘৰত লিখি আনিব লাগে।” ভাল ড্রাফ্ট কৰিব পাৰে বুলি তামুলীৰ নাম আছে। ফাইলটোৰ নথিত চকু ফুৰাই পৰাশ কটকীয়ে ক’লে, “এৰা আজিকালি দেখোন গ্রেজুরেট হে গ্রেজুরেট। কিন্তু আগৰ দৰে ইংৰাজী লিখিব পৰা ডেকা দেখা নাই। আমাৰ বিদ্যা উকিলে খচাখচ যি ইংৰাজী লিখিব, তেওঁৰ লগত আজিকালিৰ গ্রেজুবেটে কিবা ফেৰ মাৰিব পাৰিবনে? বিদ্যা উকিল তেও মেট্রিক পাছহে।” আটাইকেইজনে কথাটো শলাগিলে। আন বস্তুৰ দবে বিদ্যাৰো দাম পুৰণি হ’লেহে বাঢে- সঁচা কথা। চিৰস্তাদাৰ ধৰণী ফুকন অহাৰ শব্দ হ’ল। প্রত্যেকে নিজৰ কামত লাগিল। পবাশ কটকীয়ে টেবুলত কিলাকুটিৰ ভৰ দি ভেবা লাগি কথা শুনি থকা মিঠাৰাম পিয়দাক ফাইলটো নি চিৰস্তাদাৰৰ মেজত থৈ আহিবলৈ ক’লে। আগদিনাই বৰ চাহাবৰ ওচৰলৈ যাব লগা ফাইল। ধৰণী ফুকনে নির্দিষ্ট চকীত বহি দুর্গা দুর্গা স্মৰি মূৰৰ ক’লা কেপটো মেজৰ ওপৰতে থলে। ইটো-সিটো ফাইল লিৰিকি-বিদাবি চাওঁতেই মিঠাৰাম পিয়দাক দেখি মহীকান্ত বাবু আছেনে নাই সুধিলে। ডিঙিবন্ধা কোটটোৰ ডিঙিৰ গুদাম খুলি চিৰস্তাদাৰ থিয় হ’ল। দুয়োফালে থকা কেবাণীৰ শাৰীলৈ লক্ষ্য নকৰি চিৰস্তাদাৰ পোনে-পোনেই মহীকান্তৰ টেবুলৰ কাষ পালেহি। মাটিব ছেট্লমেন্টৰ বিষয়ে ড্রাফ্ট এখন কৰিবলৈ মহীকান্তৰ ওপৰত কালিৰেই নির্দেশ আছিল। পুতেকৰ পাছকৰা টেলিগ্রাম অহাত, কালি চাবি নৌবাজোঁতেই মহাকান্তই অফিচ এৰিলে। আজি আহি লৰালৰিকৈ তাতেই ধৰিছে, কিন্তু আগৰ দৰে সৰসৰকৈ ইংৰাজী ড্রাফ্টৰ গৎটো অহা নাই। ইফালে ইজনে-সিজনে পুতেকৰ বিষয়ে নানা কথা সোধাত ড্রাফ্টৰ ফালে মনোযোগ দিবও পৰা নাই। চিৰস্তাদাবে তাকে বিচাৰি আহিছে বুলি মহীকান্তৰ ভয় হৈছে। কিন্তু আজি বিধি সুপ্রসন্ন। চিৰস্তাদাবে মহীকান্তক কংগ্রেচুলেছন্ন জনাবলৈ আহিছে। কমলাকান্তই ফার্স্ট ক্লাছ অনাৰ্ছ পোৱাত তেওঁ যে কিমান আনন্দ পাইছে- নিজৰ ল’বায়ো এনে ব্রিলিয়েন্ট ৰিজাল্ট কৰাহেঁতেন চিৰস্তাদাৰৰ সেই আনন্দ নহ’লহেঁতেন। যদিও চাৰিবাৰৰ মূৰতো তেওঁৰ ল’ৰাই আই এ পাছ কৰিব নোৱাৰি এতিয়া ব্যৱসায়ত ধৰিছে। “তোমাৰ ল’ৰাৰ যে বিজাল্ট ভাল হ’ব মই পূর্বেই কৈছিলোঁ। বাপেক চাইহে পুতেক। কেৰাণী হ’লা বুলিয়েই যে তোমালোকৰ বুদ্ধি-সুদ্ধি নাই এনে কথা আছেনে? উকিলসকলে চাওক কেৰাণীৰ ঘৰতো কেনে ব্রিলিয়েন্ট ল’ৰা ওলাইছে। এতিয়া এটা কাম কৰা, ল’ৰাটোৰ হতুৱাই চিভিল ছাৰ্ভিচৰ কাৰণে দৰ্খাস্ত এখন দিয়াওৱা। আমাৰ এই জিমছন চাহাব থাকোঁতেই ভাল বিকমেন্ডেছন এটা লোৱাওঁ। এওঁ ছুটীত যোৱাৰ কথা উঠিছে, তাৰ আগেয়ে ল’ব লাগিব। সেইটো বাৰু মই কৰাব পাৰিম।” বৰ চাহাবৰ অফিচিয়েল আৰু ঘৰৱা ছিক্রেট সকলো চিৰস্তাদাৰে জানে বুলি প্রবাদ আছে। বৰ চাহাবক চিৰস্তাদাৰে হাতৰ মুঠিত ৰাখিছে- সিয়ো কেৰাণীমহলৰ গল্প। যিজন চিবস্তাদাবে মহীকান্তক “তুমি আণ্ডাৰ মেট্রিক। অফিচৰ কামত সাৱধান হাবা। আজিকালি আণ্ডাৰ মেট্রিক কামত নেৰাখিবলৈ গবর্ণমেন্টে চার্কুলাৰ দিছে” বুলি সদায়েই গুজবি-গুমবি থাকে, তেঁৱেই উপযাচি কমলাকান্তক বৰ চাহাবৰ বিকমেন্ডেছন দিয়াব বুলি আশ্বাস দিয়াত মহীকান্তই দিঠকতে পুতেক হাকিম হোৱাৰ সপোন দেখিলে। পুতেকৰ প্রতি আনে যে এনে উচ্চ মত পোষণ কৰিছিল, সকলোবেই যে কমলাকান্তক হাকিম স্বৰূপে পাবলৈ উদগ্রীর হৈ আছে, এই কথা মহীকান্তই সপোনতো ভবা নাছিল-বৰ বেছি, বি এ পাছ কবি পুতেক কেনেবাকৈ যদি স্কুলত সোমাব পাৰে। সুবিধা হ’লে কমলাকান্তক স্কুলত এটা চান্স দিবলৈ সিদিনা জর্জ ইনষ্টিটিউছনৰ হেডমাষ্টাৰ শ্রীযুক্ত ফুকনকো অনুৰোধ কৰিছিল। বাপেক হৈ পুতেকৰ উজ্জ্বল ভবিষ্যত এনেদবে নষ্ট কৰিবলৈ অভিসন্ধি কৰাত মহীকান্তই নিজৰ বুদ্ধিত নিজেই লাজ পালে।
নিজৰ ইচ্ছা নহ’লেও হিতাকাঙক্ষীসকলৰ উৎসাহতে কমলাকান্তই চিভিল ছার্ভিচৰ ফর্ম ফিল্-আপ কৰিলে। দৰ্খাস্তৰ লগত দুই-চাৰিজন গণ্যমান্য লোকৰ চার্টিফিকেট গাঁথি দিব লাগে। ডিব্ৰুগড়ৰ প্ৰাৰ্থীৰ নিমিত্তে ৰায়বাহাদুৰ মাণিক হাজৰিকাৰ চার্টিফিকেট অতি মূল্যৱান। কাম পোৱাৰ ভালেখিনি ৰায়বাহাদুৰৰ চাৰ্টিফিকেটেই থিৰ কৰে। বৰ চাহাব, কমিছনাৰৰ পৰা স্বয়ং লাটবাহাদুৰলৈকে সকলোৰে লগত তেখেতৰ পাৰ্ছনেল পৰিচয় আছে। ৰায়বাহাদুৰ মাণিক হাজৰিকা নিজৰ অধ্যৱসায়ত চহকী হোৱা মানুহ। মানুহৰ মুখে শুনা কথা- প্রথম অৱস্থাত মাণিক মহৰী আছিল হিন্দুস্থানী আৱকাৰী মহলদাৰৰ গোমস্তা। হিন্দুস্থানী মহলদাৰ দেশলৈ উভতি যোৱাত সেই মহলদাৰৰে অৰ্থ-সাহায্যত মাণিক মহৰীয়ে পাছলৈ নিজৰ নামতে আফিঙৰ মহল ল’লে। সেই দিনত অসমীয়া মানুহে আৱকাৰী মহল লোৱা অপমানবোধ কৰি তাৰ ওচৰকে নাচাপিছিল। কিন্তু চোৰাং কানি বেচাই হৈছে ধনী হোৱাৰ সহজ উপায়। ধন ঘটাৰ উজু উপায়টোৱেই যেতিয়া মাণিক মহৰীৰ আয়ত্তলৈ আহিল, ঘোঁৰা দৌৰৰ বেগী ঘোঁৰাৰ দৰে টকাও লৰি আহি তেওঁৰ চন্দুক পূৰাবলৈ সৰহ দিন নালাগিল। যিয়ে ব্যৱসায়ত ধন ঘটে, তেওঁহে সেই ধন ব্যৱসায়ত খটুৱাবলৈ সাহস কৰে। নিজে কেন্দ্ৰত থাকি মকৰাই চাৰিওফালে জাল বিস্তাৰ কৰাৰ দৰে, হাজৰিকায়ো আৱকাৰীৰ মাজত থাকি বিভিন্ন ব্যৱসায়ৰ জাল তৰিলে। ভাগ্যই মাণিক মহৰীক সদায় অযাচিত অনুগ্রহ কৰি আহিছে। চাওঁতে চাওঁতেই আৱকাৰী মহলদাৰ টি প্লেণ্টাৰলৈ ৰূপান্তৰিত হ’ল। মানুহক যেতিয়া ধনৰ সৌভাগ্যই লাগ দিয়ে, মান, যশ, পদৰ গৌৰৱে মাকৰ লগত পোৱালিৰ দৰে আপোনা-আপুনি তেতিয়া কাষ চাপেহি। মিউনিচিপেলিটি, লোকেল ব’র্ড, কাউন্সিল আদিৰ নমিনেটেড মেম্বাৰ হৈ ৰাইজ-বজা দুয়ো ঘৰতে ৰায়বাহাদুৰ মাণিক হাজৰিকাৰ প্রতিপত্তি বাঢ়িল। ঢৌৰ ওপৰত পালতৰা নাৱৰ দবে মাণিক মহৰী জীৱনসমুদ্রত নাচি নাচি ওপঙি গ’ল। বায়বাহাদুৰ মাণিক হাজৰিকাৰ যশ-গৌৰৱ, প্রতিপত্তি-চালচলনৰ বিষয়ে কমলাকান্তই সত্য আৰু অতিৰঞ্জিত বহুত কথাকে শুনিছে। কিন্তু কেৰাণীৰ ল’ৰা কমলাকান্তৰ সেইবোৰৰ কনটেক্টত আহিবলৈ সৌভাগ্য ঘটা নাছিল। স্কুলত পঢ়া দিনৰে পৰা কমলাকান্তই ৰায়বাহাদুৰৰ ঘৰৰ সমুখেদি নানা সময়ত অহা-যোৱা কৰিছে। কিন্তু সেই বৃহৎ বঙলাৰ সমুখেদি যাব লগা হ’লে নিজৰ অজ্ঞাতসাৰেই নিঃশব্দে অতি সংকোচেৰে তলমূৰ কৰি যায়। কমলাকান্তই নামঘৰৰ চাঙৰ ওপৰত তুলি থোৱা পুথিখন দেখা নাই- তাক মেৰাই থোৱা ফুলাম গামোচাখনহে দেখিছে। তেনেকৈয়ে ৰায়বাহাদুৰৰ ঘৰৰ বাহিৰৰ পকী ‘ৱাল’কেইখনহে দেখিছে- তাৰ ভিতৰত কি আছে জনা নাছিল আৰু জানিবলৈকো আগ্রহ হোৱা নাছিল। ইজনে-সিজনৰ পৰা কমলাকান্তই জানিলে যে ৰায়বাহাদুৰক পুৱাতে লগ ধৰিব পাৰিলে ভাল। টি মার্কেটৰ উঠা-নমা নাইবা কেৰাণী-মহৰীৰ দোষত্রুটিৰ সম্বাদে ৰায়বাহাদুৰক পুৱাতে স্পর্শ নকৰে। গতিকে মেজাজটো সেই সময়ত বৰদা মুদ্রাত থাকে