মৰঙি আহোম ৰজাৰ সময়ৰ এখনি প্রসিদ্ধ অঞ্চল। নগা কছাৰীৰ উৎপাতৰ পৰা আহোম ৰাজ্য ৰক্ষা কৰিবলৈ চুহুংমুং ৰজাৰ দিনত মৰঙিত কোঁঠ মৰা হৈছিল। সৈন্য-সামন্ত আৰু বিষয়াৰ কুমৰ ধ্বনিত মৰঙিৰ আকাশ এদিন তোলপাৰ লাগিছিল। মৰঙিত কিন্তু আজি “নাই সেই অতীতৰ সৌন্দর্য বিকাশ”। ঠায়ে ঠায়ে মাথোন সিঁচৰতি হৈ পৰি আছে হাঁহকণীৰ কুহুমেৰে খচা অপর্যাপ্ত চটা চটা বহল ইটা, কাৰকাৰ্য মণ্ডিত পাথৰৰ বিচিত্ৰ দুৱাৰদলি। শোকতলি জোকতলি মৌজাত আছে দুই-এঘব মৰঙিখোৱা গোহাঁইৰ বংশধৰ। মৰঙি মৌজাৰ মৰঙি গাঁও আছিল সেই দিনত গোহাঁই- ফুকন, বৰা-বৰুৱা, শইকীয়া-হাজৰিকাৰ বিলাস বাসব। অতীত অভিজাত্যৰ পৰিচয় দি দুই-এঘৰ পুৰণি মানুহ এতিয়াও মৰঙিত আছে। আহোমৰ শেষ ৰজা পুৰন্দৰ সিংহৰ দিনত মৰঙি শইকীয়া বংশৰ পূৰ্বপুৰুষৰ ঘিণাই শইকীয়াই এই অঞ্চলৰ পৰা ৰাজহ তুলিবলৈ কাকত পাইছিল। সেই সূত্রেই ব্রিটিছৰ আমোলত মৰঙি মৌজাৰ ভোগ দখল কৰিবলৈ শইকীয়াৰ ঘৰৰ সৌভাগ্য ঘটিল। মৰঙিৰ মৌজাদাৰ শইকীয়াৰ ঘৰ গোটেই গোলাঘাট মহকুমাতে প্রসিদ্ধ। মৌজাদাৰৰ ঘৰৰ অনুগ্রহ লাভ নকৰা মানুহ সেই অঞ্চলত নোলাব। খাজনা আদায়ৰ লগতে ৰায়তক মিছাতে জোৰ-জুলুম কৰা, খাজনা আদায় লৈ ওৱাছিল বহীত নিলিখি বাকীজাৰি দিয়া প্রজাশোষক নীতি-নিয়মৰ লগত শইকীয়াৰ ঘৰৰ পৰিচয় নাই। বিহু-সংক্রান্তি, দৌল-উৎসৱ, তিথি-পার্বণ মৌজাদাৰৰ ঘৰে সদা-সৰ্বদাই ৰাজহুৱা হিচাপেই পাতি আহিছে। গাঁৱৰ সৰু-বৰ, ধনী-দুখী সকলো প্ৰজাৰ তাত সমানেই ভাগ। বর্তমান মৌজাদাৰ ভোগদত্তয়ো পূর্বপুৰুষৰ পথকে অনুসৰণ কৰিছে। ভোগদত্ত সৰবৰহী সৰল হৃদয়ৰ- ৰাইজৰ দহজনৰ লগৰ এজন হৈ চলা মানুহ। তেওঁৰ বৰ জীয়েক আইদেউৰ বিয়ালৈ সাতদিনহে বাকী আছে। আজিৰ পৰা মৌজাদাৰৰ ঘৰত হুলস্থূল। আগফাল-পিছফাল দুয়ো চোতালতে ৰভা দিবলৈ ৰাইজ লাগি গৈছে। বস্তু যোগনিয়াই বস্তু যোগাইছে, ভঁৰালৰখীয়াই ভঁৰাল সামৰিছে। কলপাত যোগোৱা আৰু দোনা সিয়াৰ পৰা দৈ, কোমল চাউল গোটোৱালৈকে সকলো কাম গঞাসকলে নিজৰ ভিতৰতে ভাগবাটি লৈছে। গাঁৱৰ বিয়া বুলিলেই ৰাজহুৱা উৎসৱ। তাতে মৌজাদাৰৰ ঘৰত বহুদিনৰ মূৰত এইখন বিয়া। গাঁৱৰ ল’ৰা-ছোৱালী, গাভৰ-বোৱাৰীৰ ৰং-ৰহইচ, আনন্দৰ পাৰ নোহোৱা হৈছে। ডেকা ল’ৰাহঁতে জোৰোণৰ দিনৰ পৰা বৰ বিয়াৰ ৰাতিলৈকে কি ভাওনা কৰিব তাৰ দিহাত লাগিছে। ডেকাদলৰ ইচ্ছা অভিমন্যু বধ নাইবা ৰাৱণবধ নাট মেলে। গদা-ধনুৰে যুঁজ-বাগৰ কৰিবলৈ এই দুই নাটতহে সুবিধা। বয়সস্থসকলৰ হ’লে এই ভাওনা কৰাত ভীষণ আপত্তি। বিয়া-সবাহৰ উৎসৱ আনন্দতনো যুঁজ-বাগৰ, কটা-মৰাৰ ভাওনা কৰেনে? সীতা-স্বয়ম্বৰ নতুবা কক্মিণীহৰণ নাটহে মেলিব লাগে। মদন বায়নৰ পুতেকক এই দুই নাটৰ বচনবোৰ লিখিবলৈ লগাই দিয়া হৈছে। গদা বাপুৰ সৰুটো পুতেকক লৈ বায়নে দুপৰীয়া নামঘৰত কৃষ্ণ নাচৰ আখৰা দিয়াবলৈ আৰম্ভ কৰিছে। তামোল-পাণৰ আগগুৰি কটাৰ আহিলা লৈ বৰঘৰৰ কাষৰ কোঠা এটাত আইদেউৰ সমনীয়া কেইবাজনী ছোৱালীয়ে পূপ পাতি বহিছেহি। লগে লগে হাঁহি-তামাচা, গীত-গল্পেৰে কোঠাটো সচকিত আৰু সজীৱ কৰি তুলিছে। পৃথিৱীৰ সকলো আনন্দ, সকলো হাঁহি গাভৰুহঁতৰ মাজতেই কূপ খাইছেহি। মৌজাদাৰৰ চুবুৰীয়া বাপুৰাম বৰাৰ জীয়েক তগৰে পাণত খৰিকা ভৰাই গুণ-গুণকৈ গাইছে- “পৰম পুৰুষ পীউ ভেলি মুৰাৰি, জনম সফল সখি হুরহু হামাৰি। নাহি মোহে সম সৌভাগিনী মাই-” তগৰৰ মুখৰ গীত আধাডুখৰীয়া হৈ থাকোঁতেই বাকীকেইজনীৰ ফালে চাই নুমলীয়ে হাঁহি হাঁহি মাত দিলে, “শুনাচোন, আইদেউৰ হ’ল বিয়া- তগৰ আক’ সৌভাগিনী হ’ল কেনেকৈ?” আটাইকেইজনীয়ে খিস্খিলকৈ হাঁহি নুমলীৰ কথা সমৰ্থন কৰিলে।
আইদেৱে লাহেকৈ ক’লে, “তাই বিয়া কেতিয়া হয়, তাৰ নিমিত্তে তগৰে আঙুলিৰ মূৰত সদায় দিন গণিয়ে আছে।” কি?” তগৰে টপৰাই মাত দিলে, “মই দিনহে গণিছোঁ, তোমাৰ পিছে অৱস্থা হৈছে “ঘন ঘন মুৰুচি পৰয় বৰ নাৰী ফোঁকাৰয় শ্বাস নয়ন জুৰে বাৰি।” -আৰু ক’বলৈ নাপালে, বহাৰ পৰা উঠি আহি আইদেৱে তগৰৰ মুখত সোপা দিলেহি। তামোল কটা কটাৰী হাতৰ পৰা পেলাই আটাইকেইজনীয়ে বাগৰি বাগৰি হাঁহিবলৈ ধৰিলে। হাঁহিৰ খলক নৌ মাৰ যাওঁতেই ৰঙিলী বাই কুঠৰীত সোমাল। “অ’ এইকেইজনীয়ে বাৰুকৈ হাঁহিব পাৰে। তহঁত লগ লাগিলে বিয়াতনো ঢোল-দগৰ বজাব লাগিছে কেলৈ অ’?” সুলকি পৰা খোপাটো বান্ধি, বুকুৰ ৰিহাখন টানি, মুখত এমোকোৰা হাঁহিৰে ফুলেশ্বৰীয়ে ক’লে, “আমাকনো হিংসা কৰা কিয় বাই? জীয়ৰী হৈ থকাকেইদিনহে আমাৰ মুখত হাঁহি। আইদেউকে নেদেখিছা, বিয়াৰ দিহা হোৱাৰে পৰা কান্দি-কাটি বিয়াকুল।” মূৰ জোকাৰি ৰঙিলী বায়ে সুধিলে, “কিয়? কান্দিববনো হ’ল কি?”
আউদেউৰ ফালে দুষ্টালিৰ হাঁহি মাৰি কেৰাহিকৈ চাই ফুলেশ্বৰীয়ে ক’লে, “আইদেউ ঘৰতেই থাকিব, বিয়া সোমাবলৈ মন নাই!” কথা শুনি বঙিলী বায়ে চকু মুখ পোন্দোৱাকৈ আইদেউলৈ চালে। বুঢ়ীব মুখব সোঁতোৰা-সুতুবি ৰেখাৰ মাজেদি বিদ্রূপ আৰু ঘৃণাৰ ভাব প্রকাশ পালে। মুখখন তিনি নাচ কৰি ৰঙিলীয়ে উত্তৰ দিলে, “থ, থ, গাভৰু ছোৱালীৰ মাক-বাপেকলৈ মৰমখন। তহঁত আটাইখন জিবণীয়া মৌ। বাহী বিয়াৰ দিনা উলিয়াই দিলে নখে মাটি লেখি দুৱাৰৰ্ডলিত ধৰি ধৰি কান্দিবি- হেঁচুকি দিলেও গিৰিয়েকৰ ঘৰলৈ খোজ নচলিব, উলিয়াই দিয়া বাবে মাৰ-বাপেৰক উকটি পেটে পেটে গালি পাৰিবি। কিন্তু- যেই গিৰিয়েকৰ ঘৰ পালিগৈহঁক- মাৰ-বাপেৰ সকলোকে নেওচা-কেওচা!” কথাত নহয়, ৰঙিলী বাইৰ কোৱাৰ বিকৃত মুখভংগীত আটাইকেইজনীয়ে গির্জনি মাৰি হাঁহিলে। বাইক খং তোলাই ৰং চাবৰ মনেৰে নুমলীয়ে ক’লে, “পিছে বাই, আমাৰ তগৰে হ’লে বিয়া সোমাওঁ সোমাওঁ লগাইছে।” “এস্ সোমাওঁ বুলিলেইনো ঘপৰাই ক’ত এটা দৰা পায়গৈ? আই-বোপায়ে বিচৰা নাই দৰা মইনো পাওঁগৈ ক’ত পাভ জোৰা?” “কিয় বাই, আইদেউৰ ককায়েকৰ লগত তেওঁৰ কলেজীয়া সখি অহাৰ কথা আছে নহয়? আমি তেওঁৰ সৈতে একে ৰভাৰ তলতে।” কথা শেষ নৌহওঁতেই নুমলীৰ চুলিকোচাত ধৰি তগৰে আঁজুৰিবলৈ ধৰিলে। “গেন্ধেলা মুখখন গাখীৰেৰে ধোরে, কঁকাল ভঙা বিড়ালী মণিকূটত শোবে। বোলোঁ, আইহে, চন্দ্রলৈ নেমেলিব পাও-ভবিও ভাঙিব, চন্দ্রও নেপার।” বঙিলী বাইৰ ফকৰা শুনি লাজত বঙা-চঙা পৰি তগৰ কন্দনামুৱা হ’ল। কথাৰ পাক ক’ৰবলৈ যোৱা দেখি ফুলেশ্বৰীয়ে ক’লে, “বাই, মানুহ মাতিবলৈ জানো তুমি এতিয়াই যাবা?” পাচিৰ পৰা তামোল এটা তুলি বখলিয়াই ৰঙিলীয়ে জিকাৰ মাৰি উত্তৰ দিলে, “ও এতিয়াই যামতো। আজিব পৰা নেমাতিলে বিয়াৰ দিনাও অন্ত নপৰিবগৈ। জ্ঞাতি-কুটুম্বৰেই দেখোন গোটেইখন মৌজা ভৰা।” “তেনেহ’লে বাই, যিখিনি কটা হৈছে, এতিয়া তাকে নিয়া। আমি দুপৰীয়া খাই-বৈ উঠি আটাইখিনি আগগুৰি কাটি ঠিক কৰি থ’ম।”
আগগুৰি কটা তামোল-পাণৰ ফালে চাই বঙিলীয়ে ক’লে, “এইকেইটাৰে কেইঘৰ মাতিবলৈ জুৰিব? ঘৰেপতি মতা-তিৰোতা দুভাগে মাতিব নেলাগিব হবলা? হাজৰিকাৰ ছোৱালীৰ বিয়াত এই লৈয়ে কমখন হুলস্থূল নহ’লনে?” তামোল খাবলৈ পাণ এবিৰা বিচাৰি পাচিত হাত দি ৰঙিলী বায়ে খৰিকা ভৰোৱা পাণ এজোটা চাই আচৰিত হৈ চিঞৰি উঠিল, “দেখিছা। দেখিছা। এইয়া চাৰিখনীয়াকৈ পাণত কোনে শলা মাৰিছে? এই নাতেশ্বৰী কিজনী। যুৰীয়াকৈ হবলা পাণ দিয়ে? হয় তিনিখন, নহয় পাঁচখনকৈ শলা মাৰহঁক।” ছোৱালীকেইজনীয়ে ইজনীয়ে সিজনীৰ চকুলৈ চোৱা-চুই কৰি পাচিৰ পাণবোৰ মাটিত পেলাই লৈ তিনিখনীয়াকৈ শলা ভৰোৱাত লাগিল। “যাচোন তগৰ, আয়েৰক খুজি শৰাই-ঢকাখন আনগৈ। ময়ো কলিয়াক ভাৰখন ল’বলৈ মাতি আনোঁগৈ।” মুখত এমোকোৰা তামোল পাগুলি ৰঙিলী বাই ওলাই গ’ল। মৌজাদাৰৰ বৰ পুতেক কৃষ্ণদত্তই গুৱাহাটী কলেজত বি.এ. পড়ে। কৃষ্ণৰ অন্তৰংগ বন্ধু কমলাকান্ত। দুয়ো চতুর্থ বার্ষিকৰ ছাত্র। একে হোষ্টেলৰ একে কুঠৰীত বাস। গতিকে বন্ধুতাৰ ভাবো প্রগাঢ়। কৃষ্ণদত্তৰ ভনীয়েকৰ বিয়া খাবলৈ কমলাকান্তও ওলাল। পৰীক্ষা আৰু পুথিৰ মাজত পৰি কলেজীয়া জীৱনটো মাজে মাজে দুর্বহ হৈ উঠে। উশাহ ল’বলৈ পানীৰ ওপৰলৈ মাছে নাক উলিওৱা দি কলেজৰ ছাত্ৰও বন্ধুৰ ঘৰলৈ মুকলি বতাহ ল’বলৈ আহে। গুৱাহাটীৰ ফালৰ পৰা যিখন গাড়ী আজি ৰাতি ফৰকাটিং পাবহি, তাতে দুই বন্ধু অহাৰ কথা। মৌজাদাৰে যথাসময়ত পুতেকহঁতক আনিবলৈ গাড়ী পঠালে। মৌজাদাৰনীয়ে ৰাতিলৈ খাবৰ কাৰণে দুয়োলৈকে জা-জলপান দি পঠালে। ফৰকাটিং ষ্টেছনত নামি দুই বন্ধুৱে ঘৰৰ পৰা অনা জা-জলপান খাই গাড়ীত বিছনা পাৰি দীঘল দিলে। মাঘমহীয়া জাৰত ধানখেৰৰ ওপৰত বিছনা কৰি মূৰে-গাই লেপ-কম্বল দি শুবলৈ বেছ আৰাম। যুটি দিয়া মাত্রেই মণিপুৰী গৰুৱে হৰহৰাই গাড়ী টানি নিলে। গাড়ীৰ সম্পূৰ্ণ ভাৰ বাটচিনা গৰুৰ গাত এৰি দি গাৰোৱানেও ফষ্টি জুৰি টোপনিয়াবলৈ ধৰিলে। মাজে মাজে অভ্যাসবশতঃ টোপনিতেই ঘূৰ-ঘূৰ, হেই-হেই অনুশাসনীয় শব্দ কৰি চালকৰ দৃষ্টি যে অজান গৰুৰ ওপৰত আছে, তাৰ প্ৰমাণ দিলে। ৰাতি পুৱাওঁ পুৱাওঁ, দুই বন্ধু কেৰমেৰ কৰি উঠিল- গাঁৱৰ বাট পালেই গাড়ীব পৰা নামি খোজ কাঢ়ি আগবাঢ়িবলৈ পৰামৰ্শ কৰিলে। কৃষ্ণদত্তই লেপৰ ভিতৰৰ পৰা মূৰ উলিয়াই সমুখৰ আঁৰ কাপোৰখন আঁতৰাই বাহিৰলৈ জুমি চালে। মেঘ বৰণীয়া কুঁৱলীয়ে চাৰিওদিশ ছাটি ধৰিছে। গছ-পাত, হাবি-পথাৰ একোকে চিনিবৰ উপায় নাই। হাতেৰে হেঁচুকি দিয়া সত্ত্বেও গাৰোৱানৰ সাৰসুৰ নাই। কৃষ্ণদত্তই আকৌ লেপৰ তলত উম ল’বলৈ মূৰ সুমুৱালে।
উলংগ আঁহত গছৰ শিৰত কাউৰীয়ে কোলাহলৰ সৃষ্টি কৰিছে। পথৰুৱা বগৰি জোপোহাৰ মাজত চৰাই-চিৰিকটিয়ে চি চিয়াইছে। কমলাকান্তই মূৰ উলিয়াই চালে। ধোঁৱাৰ দৰে ছাটি ধৰা কুঁৱলী লাহে লাহে আঁতৰিছে। লিংলিঙীয়া তামোল গছ, ভলুকা বাঁহৰ শাৰী গাঁৱৰ চিহ্ন পতাকাৰ দৰে দূৰৈত দেখা গৈছে। গাঁও আহি পোৱাৰ আনন্দ উৎসাহত দুই বন্ধুৱে ধৰ্মৰ কৰি উঠি জোতা ভৰিত সুমুৱাই গাড়ীৰ পৰা নামিল। দুয়োফালৰ পথাৰৰ সীমা অস্পষ্ট বাষ্পৰেখাত বিলীন হৈ পৰিছে। পথাৰত ধান নাই- দোৱা শেষ হৈছে। অৱশেষ নৰাবোৰে মৃত্যুমুখী পথাৰৰ মলিন উদং বুকু ঢাকি থৈছে। নৰাৰ গাত মেৰাই ক’লা মাহবোৰে থিয়দঙা দিব খুজিছে। দূৰৈত জলাবলৈ বাকী থকা দুই-এটা হাৰলি ঘৰ। কুঁহিয়াৰণিৰ বেৰৰ কাষে কাষে শুকান বতাৰ দ’ম। গাঁৱৰ পৰা অহা পগোৱা গুৰৰ মলমলীয়া গোন্ধে নিয়ৰত তিতা বায়ুক বলিয়া কৰিছে। বাটৰ কাষৰ আভৰণশূন্য শিমলুজোপাত ধপ্ কৰে শগুন পৰি পুৱাৰ বিনয়ী নির্জনতা খন্তেকলৈ ভাঙিছে। চাৰিওফালে পৰিসমাপ্তিৰ পৰিতৃপ্তি- মাঘমহীয়া আলস্য। পথাৰ এৰি আহি গাঁও সোমোৱা বাটটোৰ মুখতে নৱদীপ মুচীয়াৰৰ ঘৰ। নৱদীপৰ বাপেক-ককাকো এই ভেটিতেই মৰিছে। সমাজৰ ভিতৰত নহ’লেও নৱদীপ গাঁৱৰে অপৰিহাৰ্য অংগ। ডবা-খোলৰ বাকলি চোৱাৰ পৰা গাঁৱৰ মৰা গৰু টনালৈকে ভাল-বেয়া সকলো কামতে নৱদীপৰ প্ৰয়োজন। পুৱাই শুই উঠি নৱদীপে জীয়েকৰ সৈতে আগচোতালত ধানখেৰৰ জুই পুৱাইছে। ওচৰতে ঘৈণীয়েকে ফুট-ছাইৰে কাঁহী-বাটি ঘঁহিছে। ইমান পুৱাতে মানুহৰ কথা-বতৰা শুনি কেৰাহিকৈ বাটলৈ চাই মৌজাদাৰৰ ল’ৰাক দেখি দুই হাত ওপৰলৈ কৰি “চালাম হুজুৰ” বুলি অভিবাদন জনালে। ছাইৰ মাজত লেটি লৈ থকা কুকুৰটোৱে অপৰিচিত আগন্তুকৰ অস্পষ্ট মাত শুনি গা জোকাৰি থিয় দি বাটলৈ মুখ কৰি “ভু-উ-উ-ভু-উ-উ” কবি ভুকিলে। “হেই” বুলি নৱদীপে দলি এটা মৰাত “কোঁ-কো” কৰি নেজডাল পিছ ঠেঙৰ মাজত সুমুৱাই আকৌ সি পূর্ব ঠাই দখল কৰিলেগৈ। গাঁৱৰ আলিৰ দুয়ো কাষে সৰু সৰু খেৰৰ ঘৰ। ক’ৰবাত কাচিৎহে দুই-এটা টিনৰ ঘৰ আছে। প্ৰায়বোৰ ঘৰৰ সমুখফাল লাগতিয়াল-অলাগতিয়াল সকলো বিধৰ গছ-গছনিৰ বাৰীয়ে ঘেৰি আছে। কোনোবাজনৰ ঘৰ বাটৰ নিচেই কাষতে, কোনোবাজনৰ ঘৰলৈ বাঁহৰ তলৰ সৰু বাটটোৱেদি যাব লাগে। গাঁৱৰ মানুহে শুই উঠি নিজৰ নিজৰ কামত লাগিছে। কোনোরে গোহালিৰ পৰা গৰকেইটা উলিয়াই বাটৰ কাষৰ খুঁটিত বান্ধিছেহি।