জাতিৰ ভূমিকা
কৈৱৰ্তসকল অসমৰ অতি পুৰণি কালৰে বাসিন্দা। বহু পণ্ডিতে এই জনগোষ্ঠীটো অসমৰ সবাতোকৈ প্রাচীন জনগোষ্ঠী বুলিও দাবী কৰিছে। সেই দাবী সম্পূর্ণভাৱে গ্রহণযোগ্য হয় নে নহয় সেয়া এক অন্য প্রসংগ। কৈৱৰ্তসকলক দ্রাবিড়ীয় মূলৰ মানুহ বুলি জনা যায়। বিভিন্ন তুচ্ছাৰ্থক শব্দৰে সততে বহু অসমীয়া মানুহে অৱজ্ঞা কৰি অহা এই কৈৱৰ্তসকলৰ মাজতে আধুনিক কালৰ সৰ্বশ্রেষ্ঠ অসমীয়া ড° ভূপেন হাজৰিকাৰ জন্ম। সংখ্যাত তাকৰ হ’লেও এচাম জাত্যভিমানী অসমীয়া মধ্যবিত্তই কৈৱৰ্তকে মুখ্য কৰি নাথ যোগী, সূত আদি বিভিন্ন জাতিৰ মানুহক দীর্ঘদিন ধৰি উপলুঙা কৰি আহিছে। জাতিৰ স্বাভিমানৰ সন্ধান পর্বত ই সৃষ্টি কৰিছে একো একোটা ভয়ংকৰ গতিৰোধকৰ। সেই গতিৰোধক সৃষ্টিকাৰী বর্ণবাদী মানুহবোৰে মনত ৰখা ভাল যে কৈৰ্বতসকলৰ কেইবাজনো ৰজাই প্রাচীন আৰু মধ্যযুগত অসমৰ বিভিন্ন অঞ্চলত শাসন কৰিছিল। অসমীয়া লিখিত সাহিত্যৰ প্রথম নিদর্শন চর্যাপদ সমূহৰ কেইজনমান লেখকৰ কৈৱৰ্ত কুলতে জন্ম। প্রখ্যাত সাহিত্যিক মেদিনী চৌধুৰীয়ে অসমীয়া ভাষাৰ জৰীডাল কৈৱৰ্তসকলেই অসমলৈ লৈ আহিছিল বুলি কৈ গৈছে। অসমীয়া ভাষাৰ লিপি উদ্ভাৱনত কৈৱৰ্তসকলৰ ভূমিকাৰ কথা সশ্রদ্ধভাৱে সুঁৱৰিছে বিশিষ্ট পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাই। ‘কথাগুৰুচৰিত’ত পোৱা যায় কিদৰে শংকৰদেৱে কৈৱৰ্ত ভীমা আৰু গন্ধিয়া গোবিন্দক বায়ন আৰু গায়ন হিচাপে স্বীকৃতি দিছিল। “ভীমা ভবানন্দক কহে তুমিসে বায়ন, গন্ধিয়া গোবিন্দ হোৱা তুমিসে গায়ন।” একাংশ পণ্ডিতে এইটোও দাবী কৰে যে অসমত মৰাশ অগ্নিদগ্ধ কৰি সৎকাৰৰ নিয়ম প্রচলিত কৰিছিল কৈৱৰ্তসকলেই। ইয়াৰ আগেয়ে শ মাটিত পুতি সমাধিস্থ কৰাৰহে নিয়ম আছিল। এই দাবীৰ সত্যতা অন্য এক বিষয়। কিন্তু কৈৱৰ্তসকলৰ অৱদানৰ কথাবোৰ বৌদ্ধিক ক্ষেত্ৰখনতো আপেক্ষিকভাবে আনালোচিত হৈ থকা কথাবোৰে এচাম অসমীয়া মানুহৰ মুখাবোৰ খুলি দিয়ে। জাতিৰ স্বাভিমানৰ কথা সততে আওৰাই থকা দল-সংগঠনবোৰেও কেতিয়াবা কেতিয়াবা কৰা আন্তৰিকতাহীন চর্বিত-চৰ্বণে বিষয়টোৰ গুৰুত্ব হ্রাস কৰে। অসমীয়া জাতিৰ স্বাভিমানৰ নানাৰঙী উপাদানবোৰক তুলি ধৰিবলৈ হ’লে সকলোৰে প্ৰতি সমমর্যাদাৰ ভাব ৰাখি আগবাঢ়িব লাগিব। উনৈশ শতিকাত অসমলৈ প্ৰৱেশ ঘটে দুটা বৃহৎ জনসমষ্টিৰ। নিজৰ অর্থনৈতিক উত্তৰণৰ বাবে অসমলৈ অহা এই দুটা গোষ্ঠী হ’ল ক্রমে চাহ জনগোষ্ঠী আৰু পমুৱা মুছলমানসকল। এওঁলোকৰ জনসংখ্যাৰ বিশালতাই (বিশেষকৈ পমুৱা মুছলমানসকলৰ) খিলঞ্জীয়া অসমীয়ালোকৰ মনলৈ বৰ্তমান সময়ত যুক্তিসংগত কাৰণতে সংশয় নমাই আনিছে। এতিয়াৰ আলোচনাত মই অৱশ্যে সেইটো বিষয়লৈ যাব খোজা নাই। চাহ জনগোষ্ঠীৰ লোকৰ মাজত বিভিন্ন নৃ-গোষ্ঠীৰ লোক আছে। আৰু তেওঁলোকৰ মাজতো ভাষিক আৰু সাংস্কৃতিক যথেষ্ট পার্থক্য আছে। অপ্রিয় হ’লেও এটা সঁচা কথা ক’বই লাগিব যে চাহ জনগোষ্ঠীৰ বৃহৎসংখ্যক লোকে লোকপিয়লৰ সময়ত নিজৰ নিজৰ মাতৃভাষা অসমীয়া বুলি কোৱা বাবে অসমীয়া ভাষীৰ সংখ্যা এতিয়াও এটা পৰ্য্যায়ৰ তললৈ যোৱা নাই। চাহ জনগোষ্ঠীৰ অৱদানক সুঁৱৰি ড° নগেন শইকীয়াই পূর্বোক্ত গ্রন্থত লিখিছে-” তুলনামূলকভাবে পলম হ’লেও চাহবাগিচাৰ বনুৱাসকল অসমীয়া মানুহৰ অন্তর্বৃত্তত অন্তর্ভুক্ত হৈ অসমীয়া মানুহৰ ইতিহাসক আধুনিক কালত নতুন সমৃদ্ধি দান কৰিছে। তদুপৰি বাগিচাৰ পৰা আঁতৰি অনেক কৃষিজীবী জীৱনো গ্ৰহণ কৰিছে।….. ‘চাহ জনজাতি’ লোকসমষ্টিৰ মাজত শিক্ষাই পেলোৱা প্ৰভাৱৰ ফলত শিক্ষিতসকলে স্বাভাৱিকভাৱেই অসমীয়া অন্তবৃত্তত প্রৱেশ কৰিছে। ভাষিক সাংস্কৃতিক সামাজিকভাবে চাহ জনজাতিৰ লোকসকল সাম্প্রতিক কালত অসমীয়া সমাজ-ভুক্ত সম্প্রদায় স্বৰূপে প্রতিস্থিত। তেওঁবিলাকৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন ঊনবিংশ শতিকাত ঘটিছিল; আৰু অসমীয়া মানুহৰ ইতিহাস ৰচনাত তেওঁবিলাক এশ বছৰৰ ভিতৰৰ এটা প্রধান অংশীদাৰ গোটত পৰিণত হ’ল।” পূর্ববংগৰ পৰা অহা মুছলমান খেতিয়কসকলৰ প্ৰৱেশৰ কথাটো বেছ স্পৰ্শকাতৰ। বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা বেছিকৈ আহিবলৈ লোৱা এইসকল দাঁতিকাষৰীয়া দ অঞ্চলত প্রধানকৈ থাকিবলৈ লয়। স্বাধীনতাৰ আগৰ আৰু পাছৰ কেতবোৰ আৰ্থ-ৰাজনৈতিক কাৰকে এই অনুপ্রবেশক আৰু তীব্ৰ কৰি তুলি খিলঞ্জীয়া জনসাধাৰণৰ মনত শংকা আৰু ক্ষোভৰ জন্ম দিয়ে। ১৯৭৯ চনৰ পৰা এই অবৈধ বাংলাদেশীৰ অবাধ অনুপ্রবেশ বন্ধ কৰাৰ লগতে পূৰ্বতে অহা বিদেশী বহিষ্কাৰৰ দাবীত ঐতিহাসিক অসম আন্দোলনৰ আৰম্ভণি হ’ল আৰু ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে স্বাক্ষৰিত ত্রিপাক্ষিক চুক্তিৰ জৰিয়তে ইয়াৰ পৰিসমাপ্তি ঘটিল। এই আন্দোলনত ৮৫৫জন তেজাল অসমীয়াই প্রাণ আহুতি দিলে, কিন্তু চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰ পাৰ হোৱাৰ পাছতো বহু কথাৰ উত্তৰ নোলাল। বৰং ভাৰত বাংলাদেশ সীমান্ত সম্পূর্ণ ছীল নোহোৱা বাবে বর্তমানেও অবৈধ অনুপ্রবেশকাৰীৰ প্ৰৱেশ ঘটিয়েই আছে বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে কৈ আহিছে। এই সমগ্র ঘটনাৱলীৰ ফলত পূর্ববংগীয় মূলৰ খাটিখোৱা এচাম মানুহৰ মনতো শংকা-সন্দেহৰ সৃষ্টি হ’ল। এই বিষয়টো দৰাচলতে ইমানেই স্পৰ্শকাতৰ যে খুব সোনকালে ইয়াৰ মীমাংসালৈ আহিব নোৱাৰি। ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে অসমলৈ আহি অসমীয়া ভাষাক খুব আন্তৰিকতাৰে মাতৃভাষা বুলি পৰিচয় দিয়া পূর্ববংগীয় মূলৰ মানুহখিনিক আমি এতিয়া ভিন্ন দৃষ্টিৰে চোৱা অনুচিত। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা লোকসকলক যিদৰে বহিষ্কাৰ কৰিবলৈ আমি অটল (অৱশ্যে কেনেকৈ এইটো কাম কৰা হ’ব আৰু কেতিয়াকৈ হ’ব তাৰ সদুত্তৰ কাৰো হাততে নাই), ঠিক তেনেদৰে তাৰ আগৰ মানুহখিনিক আমাৰ জীৱনৰ মাজত জীন যাবলৈ সুবিধা দিব লাগে। ইয়াৰ অন্যথা ব্যাখ্যাতীত বর্ণনাতীত সন্দেহ-সংশয়ৰ ভাবে দুয়োটা পক্ষকে বিশেষকৈ খিলঞ্জীয়া লোকসকলক বিপদত পেলাব পাৰে। পূর্ববংগীয় মূলৰ মানুহৰ একাংশই যে প্ৰথমৰে পৰা অসম আৰু অসমীয়াক আপোন কৰি লৈ জাতিৰ স্বাভিমান বৃদ্ধি কৰিব পৰা কামত লিপ্ত হৈছিল, তাৰ এটা উদাহৰণ দিব বিচাৰিছোঁ। ওচমান আলি সদাগৰ নামৰ ব্যক্তিজন উনৈছ শতিকাৰ শেষভাগতে পূর্ববংগৰ পৰা আহি নগাঁৱত থিতাপি লৈছিল। অলপ দিনৰ ভিতৰতে গুৰুজনাৰ পদধূলিৰে বঞ্জিত বৰদোৱাৰ সমীপৰ আলিটাঙনিত তেওঁ এখন অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰে। চনটো আছিল বোধকৰো ১৯০১, গুৱাহাটীৰ কটন কলেজ স্থাপন হোৱাৰ সময়। সেইখন বিদ্যালয়ত অসমীয়া পঢ়ুৱাবলৈ আলী সদাগবে বৰদোৱা থানৰ পৰা মহন্ত উপাধিৰ এজন ভকতক সসম্মানে আমন্ত্রণ কবি আনে। সেইখন বিদ্যালয় আজিও আছে। সদাগৰৰ সুযোগ্য পুত্র আব্দুলহায়ে ১৯৬৫ চনৰ পৰা ১৯৮৫ চনলৈকে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অধ্যক্ষৰ দায়িত্বও পালন কৰে। উপৰুৱা দৃষ্টিত সৰু যেন লাগিলেও এনেবোৰ ঘটনাৰ তাৎপর্য্য বহু বেছি। নির্দিষ্ট এটা দিনৰ পাছত অহা সকলো ধৰ্মৰ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিব পাৰিলে যিদৰে অসমীয়া স্বাভিমান বৃদ্ধি পাব, ঠিক তেনেদৰে তাৰ আগতে অহা অসম আৰু অসমীয়াৰ প্ৰপ্রতি শ্রদ্ধাশীল মানুহখিনিক আন্তৰিকতাৰে আঁকোৱালি ল’লেও আমাৰ স্বাভিমান কিন্তু হ্রাস নাপায়।