ইতিমধ্যে আমি ডাঙৰ হৈ অহাৰ লগে লগে আমাৰ ঘৰত খাৱৰীয়াৰ সংখ্যা বৃদ্ধি হ’ল। আমি পাঁচটি ল’ৰা-ছোৱালীৰে ঘৰত মুঠ প্ৰাণীৰ সংখ্যা নটি। মা-দেউতা, আইতা আৰু সৰু পেহী। ককা অকন্তিয়ে হাবি ভাঙি খুলি থৈ যোৱা আটাইখিনি মাটিতে দেউতাই খেতি কৰিব নোৱাৰিছিল। কেইবিঘামান মাটি আছিল অতি দ, য’ত পর্যাপ্ত পৰিমাণে দল ঘাঁহ ওপজাৰ বাবে এইখিনিত দেউতাই অকলে খেতি কৰিব নোৱাৰিছিল। অন্যহাতে তিনিআলি নগাঁৱৰ সীমাত থকা মাটিখিনি আছিল অতি বাম চানেকীয়া, সেই হেতুকে ইয়াতো ধান খেতি ভাল নহৈছিল। এই মাটিখিনি ঘৰৰ পৰা কিছু নিলগত থকাৰ বাবে অন্য খেতি কৰিবৰ বাবেও অসুবিধা হৈছিল। দুই-এবছৰমান খেতিৰ বাবে ঘৰত হালোৱা ৰখা হৈছিল, কিন্তু হালোৱাৰ বাবদ বছৰেকত দুবিঘা মাটিৰ ধান দিব লাগিছিল। ঘৰৰ মাটিৰ খেতিৰে বছৰটোৱেই খাবলৈ নহয়গৈ, তাতে যদি দুবিঘা মাটিৰ ধান হালোৱালৈ যায়, তেন্তে আমি ন-টি প্রাণীয়ে কেনেকৈ বর্তি থাকিম? ফলত হালোৱা ৰখাটো দুৰুহ হৈ আহিছিল। ঘৰৰ আর্থিক অৱস্থা দিনক দিনে বেয়াৰ ফাললৈ যোৱাত ককাই আৰু মোৰ ওপৰত দায়িত্ব আহি পৰিছিল। কণ আৰু মুন তেতিয়াও পথাৰত খেতি কৰিব পৰা হোৱা নাই। পৰিস্থিতিয়ে বাধ্য কৰাত কান্ধত তুলি ল’ব লগা হৈছিল ঘৰ চলোৱাৰ আংশিক দায়িত্ব। এই যাত্রাত সহযোগী আছিল দেউতা আৰু ককাই। যাত্ৰা আৰম্ভ হৈছিল মই চতুর্থ-পঞ্চম শ্রেণীত থাকোঁতেই। এতিয়া সেই দিনবোৰলৈ ঘূৰি চালে অবিশ্বাস্য যেন লাগে-ন-দহ বছৰীয়া ল’ৰা দুটাই পথাৰত হাল-কোৰ বাই কেনেকৈ ঘৰ চলোৱাৰ দায়িত্ব ল’ব পাৰে? আজিকালি কেতিয়াবা ঘৰলৈ গ’লে পথাৰত ঘূৰি ফুৰা কণ কণ ল’ৰা-ছোৱালীবোৰ দেখিলে মোৰ শৈশৱলৈ মনত পৰে। মনত পৰে- এবাৰ চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে স্কুলৰ দ্বিতীয়জন শিক্ষক ইন্দ্ৰ ছাৰে শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কৈছিল- ‘বুলে, বুবুলে পথাৰত খেতি কৰি দেউতাকক সহায় কৰি দিয়ে, সেয়েহে পঢ়িব পাৰে, ঘৰৰ দায়িত্বৰ লগতে পঢ়াৰ দায়িত্বও বজাই ৰাখে। আৰু তহঁতে একোকে নকৰ, সেয়েহে পঢ়িব নোৱাৰ।’ কোৱা শুনিছিলোঁ আমাৰ গাঁৱৰ মোৰ সমনীয়া ল’ৰাবোৰক হেনো মাক-দেউতাকহঁতে গালি দিছিল- ‘তহঁতে জীৱনত উন্নতি কৰিবলৈ সৰুদৌ-ডাঙৰদৌৰ ভৰিৰ তলেৰে পাৰ হৈ আহিব লাগিব।’ মই এইটো ক’ব খোজা নাই যে আমাৰ শিশু মনত দায়িত্ববোধৰ জ্ঞান উদিত হৈছিল। আচলতে আমাক পৰিস্থিতিয়েহে ঘৰৰ দায়িত্ব ল’বলৈ বাধ্য কৰাইছিল। আমি কাম নকৰিলেই নহয়, ঘৰৰ ধানেৰে বছৰটো নোজোৰে। আচলতে কাম কৰিও কেতিয়াবা বছেৰেকৰ এক-দুই মাহ খাবলৈ নুজুৰিছিল। গাঁৱৰ মানুহৰ সম্পদ-ভঁবাল বুলিবলৈ কেৱল ধানমুঠিয়েই। তেনে ক্ষেত্রত ধানমুঠি নোহোৱা মানেই আতংক। পেটত গামোচা বান্ধি থকা মানুহেহে হৃদয়ংগম কৰিব পাৰিব সেই আতংকৰ গম্ভীৰতা। সেয়া যি কি নহওক, সেই যে কিশোৰ বয়সতে কান্ধত নাঙল লৈ পথাৰলৈ ওলাই গৈছিলোঁ- সেই কথাটোৱে মোক জীবনৰ এক অপৰিহাৰ্য কৰ্তব্যক শিকাই থৈ গৈছিল। দায়িত্ব অর্থাৎ বেচপনচিবিলিটী। যি ল’বা-ছোৱালীয়ে হাজাৰ প্রতিকূলতাকো নেওচি দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য কৰি গৈছে, তেওঁলোকেই মানৱ সমাজৰ আচল সম্পদ। তেওঁলোকৰ উন্নতি নোহোৱাৰ মানে নাই। জীৱনৰ দুৰ্যোগৰ মুহূৰ্ত এই গভীৰ সত্যফাঁকিকে মই বাৰে বাৰে আওৰাবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম বুলি স্থিৰ কৰিছোঁ। প্রতিনিয়ত আমাৰ জীৱন আৰম্ভ হৈছিল ব্রহ্মহ্মপুরাতে। চাৰি বজাৰ আগতেই পথাৰলৈ হাল নিব লাগে। বাহিৰত তেতিয়াও আন্ধাৰ। খেতিৰ সময় আৰম্ভ হয় ঠিক বহাগ বিহুৰ আগে-পিছে। অৱশ্যে আৰম্ভণিৰ দিনকেইটাত পথাৰলৈ ব্রহ্মপুৱাতে হাল নিব নালাগে, জেঠ-আহাৰৰ পাছত যেতিয়া খেতি ভৰপক হয়, তেতিয়াহে ইমান পুৱাতে হাল নিব লাগে। মাটি একেখিনিয়েই, কিন্তু খেতি কৰিছিলোঁ দুবাৰ। প্ৰথমবাৰ ঠিক বহাগৰ আগে-পিছে। এনে আগতীয়া খেতিৰ ধান আহাৰ-শাওণত দাবৰ হয়। তাৰ পিছত আৰম্ভ হয় দ্বিতীয়টো খেতি- শালি খেতি। দুবাৰ খেতি কৰিলেও ধানে বছৰটো নাযায়, এবাৰ কৰিলেতো কথাই নাই। বহাগ-জেঠত আই আৰ, বিহাৰীৰ দৰে আগতীয়া ধান খেতি আমাৰ গোটেই গাঁওখনেই কৰিছিল। কঠীয়া ৰোৱাৰ পাছতেই ধান ৰখাৰ দিনবোৰ আহিছিল। জেঠ মাহত গৰু উদং হৈয়ে থাকে, সেয়েহে ৰোৱা মাটিবোৰত ৰখীয়া থাকিব লাগে। নহ’লে গৰুৱে আৰু খেতি কৰি নথয়। আমি পথাৰত সৰু এটা চালি দিয়া ঘৰ সাজি লৈছিলোঁ- গৰু ৰখাৰ উদ্দেশ্যে। জেঠ মাহৰ প্ৰখৰ ৰ’দ অথবা বৰষুণৰ পৰা বাচিবলৈ চালি ঘৰৰ বিকল্প নাই। আমি চালি ঘৰতে বাঁহৰ এখন চাং সাজি লৈছিলোঁ, যাতে ৰোৱা ৰখোঁতে অলপ জিৰাই ল’ব পাৰি। আমি পাল পাতি পাতি চালিঘৰলৈ গৈছিলোঁ পুরা আঠ-ন মান বজালৈকে মই বা ককাই, ন বজাৰ পৰা সৰুপেহী, তাৰ পাছত আইতা বা দেউতা বা মা। ঘৰৰ কামত ব্যস্ত থকাৰ বাবে মা বৰকৈ চালি ঘৰলৈ নগৈছিল। পাছত স্কুলৰ পৰা আহি ভাতমুঠি খায়েই আমি আকৌ চালি ঘৰলৈ দৌৰিছিলোঁ। সন্ধিয়া যেতিয়া চৰণীয়া গৰুবোৰ ঘৰা-ঘৰি গৈছিলগৈ তেতিয়াহে আমাৰ দিনটোৰ বোৱা ৰখাৰ পৰ্ব শেষ হৈছিল। কষ্ট তেনেকৈ নাছিল- কেবল গৰুৱে যাতে ৰোৱা খাব নোৱাৰে তাব দায়িত্ব ল’ব লাগিছিল। আমাক চালি ঘৰতে পঢ়ি থাকিবলৈ উপদেশ দিয়া হৈছিল। মায়ে কৈছিল- ‘কিতাপ-বহী লৈ যা, পথাৰতে পঢ়িবি।’ গৰু ৰখাৰ পাছত পথাৰৰ মাজত কিতাপ পঢ়াটো প্রায় অভ্যাসত পৰিণত হৈছিল, বিশেষকৈ পাঠ্যপুথিৰ কিতাপ নহয়, বাহিৰা কিতাপ, যিবোৰ কিতাপ লুকাই-চুৰকৈ পঢ়িবলগীয়া হৈছিল। মই অষ্টম-নৱম শ্ৰেণীত থাকোঁতে চালি ঘৰতে “মহাভাৰত”, “ৰামায়ণ”, “সূৰুযমূখীৰ স্বপ্ন”, “ডাৱৰ আৰু নাই” আদি গ্ৰন্থবোৰ পঢ়ি আঁতাইছিলোঁ। নবম-দশম শ্রেণীত থাকোঁতে আহাৰ-শাওণ মাহত পথাৰত গৰু চৰাবলৈ যাওঁতে বিস্ময়-তৃষ্ণাতুৰ জাতীয় লঘু আলোচনীবোৰৰ প্ৰেম-ৰহস্যৰ গল্প-কাহিনীবোৰ বৰ মনোযোগেৰে পঢ়িছিলোঁ। পথাৰৰ মাজত পঢ়াৰ কিছুমান সুবিধা আছিল। প্রথম- নির্জন ঠাই হোৱাৰ হেতুকে কোনেও আমনি নিদিছিল। বতাহৰ ‘হো হোৱনি’ আৰু গৰুৰ হেম্বেলনিৰ বাদে কাৰোৰে মাত শুনা নগৈছিল। পুৱাৰ সময়খিনিত অৱশ্যে হাল বাই থকা হালোৱাৰ মাত বতাহত ভাহি আহিছিল- ঠিক কেঁকাই থকা মানুহৰ দৰে ‘ঘূৰ-বাহিৰ’ জাতীয় শব্দবোৰ। দ্বিতীয়-নিজৰ ইচ্ছানুসৰি পঢ়িব পৰা গৈছিল। অৱশ্যে পথাৰত পঢ়াৰ বেয়া দিশো আছিল। যেনে-কোমল মলয়া বতাহে টোপনি আনি দিছিল। দেউতাই পথাৰৰ মাজত পঢ়াৰ উপকাৰৰ কথা সোঁৱৰাই দিছিল, কৈছিল- ‘আমাৰ গাঁৱৰ ৰোহিণীক দিলীপে পথাৰৰ চালি ঘৰত পটুৱাই পঢ়ুৱায়েই মেট্রিক পাছ কৰোৱালে।’ মই অনুপ্রাণিত হৈ উঠিছিলোঁ- এদিন ময়ো মেট্ৰিক পাছ কৰাৰ স্বপ্নত বিভোৰ হৈ পৰিছিলোঁ। আমাৰ শিশু শৰীৰৰ বাবে আটাইতকৈ কঠিন দিনকেইটা আছিল আহাৰ-শাওণ-ভাদ মাহ। ইতিমধ্যে, প্রথমটো আগতীয়া ধানখেতি শেষ হোৱাৰ পাছত দ্বিতীয় শালি-লাহী খেতিত নামিবৰ হৈছিল। খেতিৰ ভৰপকৰ সময়ত আমি, ককাই আৰু মই পুৱা চাৰি বজাতে হাল লৈ যাওঁ। পিছে পিছে দেউতা যায়। দেউতাই পুৱাই উঠি তামোল দুখনমান হাঁচতিত বান্ধি মুখত এখন সুমুৱাই লয় মানে আমি পথাৰ পাওঁগৈ। আমাৰ গৰু আছিল দুহাল। এহাল দেউতাই বায়, আনহাল মই আৰু ককাই সলনা-সলনিকৈ বাইছিলোঁ। হাল নোবোৱাটোৱে পথাৰত কোৰ মাৰিব লাগে- আঁচ কোৰ, আলিৰ পাৰ, পথাৰৰ মাটিৰ চুক-কোণবোৰ কুৰি দিব লাগে। মাটিত চাৰি চহ পৰাৰ পাছত আলিবোৰ বোকা মাটিৰে লিপি দিব লাগে, যাতে বন গজিব নোৱাৰে। পাঁচ চাহত ৰুবলৈ দিয়া হয়। ৰুবলৈ দিয়াৰ দিনত দেউতাই কঠীয়া আনে, আমি বিলাই দিওঁ। আমাৰ বয়স ন-দহ বছৰ হৈ থাকোঁতে আমি কঠীয়া ভাৰ বৈ অনাটো আমাৰ দায়িত্বত পৰিছিল। ন বজাৰ আগে আগে হাল সামৰি স্কুললৈ দৌৰোঁ। যোৱাৰ আগে আগে মায়ে গৰম পানীৰ সৈতে কল-গুৰ-কঁঠাল গুটি খাবলৈ দিয়ে। মোৰ বাবে আটাইতকৈ প্রত্যাহ্বানৰ দিনবোৰ আছিল দ-মাটিত হাল বোৱা দিনবোৰ। আমাৰ কেইবাবিঘাও দ মাটি আছিল। তাত দল ঘাঁহ গজাৰ বাবে হাল বোৱাটো অতি দুঃসাধ্যৰ কাম আছিল। মাটিবোৰত প্রায় একঁকাল পর্যন্ত পানী আছিল। মাটিৰ তলিত দল ঘাঁহবোৰ প্রোথিত হৈ আছিল। অতি ঘনকৈ ঘাঁহবোৰ গজাৰ বাবে মাটিত নাঙলৰ চাব নবহিছিল। তদুপৰি দলঘাঁহবোৰ নাঙলত লাগি ধৰিছিল আৰু প্রতি মিনিটে মিনিটে ঘাঁহবোৰ নাঙলৰ পৰা আঁতৰাব লাগিছিল। হাল জোৰাৰ কেইমিনিটমানৰ পিছতে মই অৱশ হৈ পৰিছিলোঁ। নাঙল দাঙি জাবৰ আঁতৰোৱাটো মোৰ বাবে দুঃসাধ্য হৈ পৰিছিল। কিন্তু দেউতাৰ ৰঙা চকুলৈ ভয় কৰি একো ক’বও নোৱাৰিছিলোঁ আৰু বাধ্য হৈ দেউতাৰ পিছে পিছে হাল বাই থাকিছিলোঁ। দেউতাই হাল বাই থাকোঁতে হাতত এখন মেচি দা লৈ ফুৰিছিল, নাঙলত লাগি ধৰা দল ঘাঁহবোৰ কাটিবলৈ। মাজে মাজে দেউতাই হাল বখাই মোকো সহায় কৰি দিছিল নাঙলত লাগি ধৰা জাবৰবোৰ কাটি কাটি। এইদৰে তিনি চাহমান বোৱাৰ পিছত হাতেৰেই দলবোৰ টানি পাৰলৈ উঠোৱা হৈছিল। তেহে এই মাটিত কঠীয়া ৰব পৰা হৈছিল। বন্ধ পানী থকাৰ কাৰণে এই ঠাইত জোক প্ৰচুৰ পৰিমাণে আছিল। মায়ে জোকলৈ ভয় কৰিছিল। বৃহৎ বৃহৎ ম’হ-জোকবোৰ পানীত আহি থকা দেখিলে মায়ে ভয়ত দৌৰি পাৰত উঠিছিলগৈ। ইমান কষ্ট কৰি ৰোৱাৰ পাছতো এই মাটিডোখৰত অতি কম পৰিমাণেহে ধান পোৱা গৈছিল। কাৰণ আঁকি শালি ধানগছবোৰ লহপহকৈ বাঢ়ি পানীতে পৰি নষ্ট হৈ গৈছিল।
শাওণ-ভাদ মাহত গৰম বন্ধৰ দিন আহিছিল। এই মাহটোত আমি স্কুললৈ যোৱাৰ পৰিৱৰ্তে পথাৰত গৰু চৰাবলৈ যাব লাগে। ইতিমধ্যে খেতিয়কে পথাৰত ৰুবলৈ আৰম্ভকৰাৰ বাবে গৰুৰ চৰণীয়া পথাৰ সংকুচিত হৈ আহিছিল। এই দিনকেইটাত গৰুবোৰ মেলি দিব নোৱাৰি, কাৰণ মেলি দিলে আনৰ ৰোৱা মাটিত ৰোৱা খাবগৈ। সেয়েহে হাল খুলিয়েই আমি দুবাৰকৈ গৰু চৰাবলৈ গৈছিলোঁ। এবাৰ পুৱা দহৰ পৰা বাৰমান বজালৈকে। বাৰ বজাত আহি আমি জিৰণি লৈছিলোঁ। পিছবেলা ঠিক তিনিমান বজাতে পুনৰ গৰু চৰাবলৈ গৈছিলোঁ। শাওণ মাহৰ প্ৰখৰ ৰ’দক প্রতিহত কৰিবলৈ মূৰত এটা জাপি নতুবা কান্ধত এটা ছাতি, এখন হাতত এডাল এছাৰি, অন্য হাতত এখন কিতাপ। এই দিনবোৰত বাহিৰা কিতাপ পঢ়াটো নিচা হৈ গৈছিল। আমাৰ কাষৰ বৰতাহঁতৰ ল’ৰা দুটা দীপ-মাকণে বিস্ময়-তৃষ্ণাতুৰ জাতীয় কিতাপ যোগান ধৰিছিল। নৱম শ্ৰেণীত থকা বছৰটোৰ গৰমৰ বন্ধত এইদৰে গৰু চৰাবলৈ যাওঁতে সাহিত্যৰ কেইবাখনো মূল্যৱান কিতাপ যেনে- “ককাদেউতাৰ হাড়”, “নৈ বৈ যায়” আদি পঢ়া মনত আছে। এই কিতাপবোৰ আনৰ ঘৰৰ পৰা খুজি আনিছিলোঁ, নিজে কিনি কিতাপ পঢ়াৰ মনত নাই, সামর্থ্যও নাছিল। ভাদ মাহ সোমাওঁতেই খেতি শেষ হয়। ইফালে গৰমৰ বন্ধও শেষ। আকৌ স্কুললৈ যাব লাগে। জীৱনৰ একেটাই চক্র বছৰি-বছৰি আহি থাকে। তেতিয়াৰে পৰা গ্ৰীষ্মকাল মোৰ একেবাৰে প্রিয় নাছিল। অত্যধিক গৰম বা বৰষুণ হোৱাৰ বাবে ঠিক নহয়, মোৰ শৰীৰ-মনত অত্যধিক কষ্ট হোৱাৰ বাবেহে। দিনত ইমান শ্রম কৰি, ৰাতিলৈ স্কুলৰ পাঠ পঢ়িব লাগিছিল।