এলার্ম ঘড়ীৰ দৰে বাজি উঠা দেউতাৰ কৰ্কশ মাতত সাৰ পাওঁ। -‘সৰুদৌ উঠ। ডাঙৰ দৌ উঠ।’ দেউতাই চিঞৰিছে। এবাৰ, দুবাৰ… মায়ে কৈছে- ‘ইমান মৰ টোপনি নে তহঁতৰ?’ অনিচ্ছা সত্ত্বেও চাং এৰোঁ আমি। মধুময় টোপনিৰ কোলাৰ পৰা নামি আহি মাটিত ভৰি থওঁ। জাৰৰ দিনত মজিয়াৰ মাটি ইমান চেঁচা। মা-আইতাই বৈ দিয়া ডাঙৰী সূতাৰ চাদৰ এখন গায়ে-মূৰে মেৰিয়াই আধা টোপনিৰেই চাঙৰ পৰা নামি আহোঁ। আন্ধাৰতে খেপিয়াই চাকিটো জ্বলাব খোজোঁ। জুইশলা কাঠী ঘহনি খোৱাৰ মাত শুনি, আকস্মিক পোহৰৰ ৰেশ দেখি দেউতাই পুনৰ চিঞৰি উঠে- ‘বাহিৰত পোহৰ হৈছে, বাৰাণ্ডাত পঢ়গৈ যা, চাকি জ্বলাই চাকিৰ তেল শেষ কৰিব নালাগে।’ উপায়ন্তৰত আমি কিতাপ ফলি লৈ ঘৰৰ বাহিৰলৈ ওলাওঁ। বাহিবত দেখ-নেদেখকৈ পোহৰ হৈছে। পিৰালিত ঢাবি এখন পাৰি বহোঁ। সন্মুখত পীৰা এখন পাৰি কিতাপ থওঁ। গাত চাদৰখন ভালকৈ মেৰিয়াই লৈ (যাতে ঠাণ্ডাই আমনি নকৰে) কিতাপৰ পাত লুটিয়াওঁ। চিঞৰি চিঞৰি পঢ়োঁ। গোটেই পৃথিৱীখন যেতিয়া ‘চিকুণ-পুৱাৰ’ আৰামি আচ্ছন্নতাত শুই থাকে, আমি কেইটিমান শিশুবে-কিতাপৰ বাক্য আওৰাওঁ। তেনেকৈয়ে আৰম্ভ হৈছিল আমাৰ শৈশৱৰ দিনবোৰ। আহিন সোমালেই বাম খেতিৰ দিন আহে। দেউতাই শুই উঠি এঙাৰ মাৰি দাঁত চাফা কৰে। তাৰ পাছত মুখত তামোল এখন সোমোৱাই হাললৈ যায়। যোৱাৰ সময়ত কৈ যায়- ‘তহঁতে এতিয়া এখন্তেক পঢ়ি ল। আজি খেতি তলীত কচু বাচিব লাগিব।’ খেতিৰ মাটিত বনৰীয়া কচুৱে ছানি ধৰে, সেয়ে হাল বাওঁতে ওলোৱা কচুবোৰ বুটলি দূৰৈত পেলাই দিব লাগে। এই কামটো কৰিবলৈ দেউতাৰ সময় নহয়গৈ, সেয়েহে আমি সময়ে সময়ে কচু পেলাবগৈ লাগে। কেতিয়াবা দেউতাই কৈ থৈ যায়- ‘আজি মৈ দিম, তই সৰুদৌ বা ডাঙৰ দৌ কোনোবা এটা আহিবি মৈত উঠিবলৈ।’ কেইচাহমান হাল বোৱাৰ পাছত মাটিৰ লডাবোৰ গুড়ি কৰিবলৈ মৈ দিয়া হয়। দেউতাই হালোৱা তলীৰ পৰাই মাজে মাজে আমাৰ ফালে চকু কাণ দি থাকে-আমি পঢ়িছোঁ নে নাই তাৰ সম্ভেদ ল’বলৈ। দেউতাই কয়- জোৰেৰে পঢ়িবি, যাতে হাল বাই থাকোঁতে মুই শুনিবলৈ পাওঁ। পাছত, বেলিটোৱে যেতিয়া দুই নং বেতনি গাঁৱৰ ওপৰত ভুমুকি মাৰেহি, তেতিয়া মায়ে দেউতালৈ পানী লৈ যায়। চেনি দিয়া গৰম পানী, লগত চেনিকল দুটামান। পানী দি যেতিয়া মা ঘৰলৈ উভতি আহে, তেতিয়া খবৰ আহে আজি কোন মৈত উঠিবলৈ যাব, নতুবা কচু পেলাবলৈ আজি যাব লাগিব নে নাই। ‘সৰুদৌ তোক দেউতাৰে মৈত উঠিবলৈ মাতিছে’- এইবুলি কৈ মা ভিতৰলৈ যায়গৈ। মই কিতাপ-পত্র সামৰি ভিতৰৰ নিৰ্দিষ্ট স্থানত থৈ আহোঁগৈ, ঢৰাখন থৈ আহোঁগৈ জুহাল ঘৰত। থৈয়েই খেতিৰ তলীলৈ দৌৰোঁ। মই যোৱাৰ পৰত ককাই আৰু বাইদেউ কিতাপৰ পাতহে বহি থাকে।
দেউতাই ইতিমধ্যে নাঙলটো সোলোকাই আঁতৰাই থয়, নাঙলৰ ঠাইত মৈখন লগাই দিয়ে। মাটিবোৰত চাৰিচাহ পৰিছেহে, মাটিৰ লডাবোৰ তেতিয়া ডাঙৰ ডাঙৰ হৈয়েই আছে। দেউতাই কয়- ‘বহ, মাজত বহিবি, ভালকৈ ধৰি ল’বি।’ গৰুহালক যাবলৈ নির্দেশ দি দেউতাই মৈয়াবলৈ আৰম্ভ কৰে। অসমান তলীত মৈত উঠি মোৰ যাত্ৰা আৰম্ভ হয়। কোমল হ’লেও মাটিবোৰ ভগা নাই, সেয়েহে মৈত ভাৰ বেছি কৰিবলৈ কেতিয়াবা দেউতাও জাঁপ মাৰি মৈত উঠি দিয়ে। গৰুহালে টানিব নোৱৰা যেন পালে আকৌ নামি দিয়ে। আহিন, কাতি আনকি আঘোণ পর্যন্ত বর্তি থাকে আমাৰ এই বাম খেতিৰ পৰ্ব। আঘোণৰ শেষৰফালে বেলিৰ কিৰণত যেতিয়া তাপ নোহোৱা হৈ আহে, যেতিয়া নিয়ৰৰ কণিকাত ভৰি লাগিলেই গা শিয়ৰি উঠে, তেতিয়া স্বতঃস্ফূর্তভাবে বন্ধ হয় আমাৰ খেতিব পর্ব। তেতিয়ালৈ পথাৰত ধান দোৱাৰ দিন আহেই। আঠমান বাজোঁতেই দেউতাই হাল খুলি দিয়ে। গৰুহালক আগফালৰ পুখুৰীত পানী খুৱাই পিছফালৰ বাঁহনিত এৰাল দি থয়। দেউতাই আহি হাত-ভৰি ধোরে মানে মায়ে বৰঘৰত ভাতৰ যোগাৰ কৰে। ভাত খাবৰ হয়, মায়ে চিঞৰে, আমি হুৰমূৰকৈ দৌৰোঁ জুহালৰ ঘৰলৈ। জুইৰ কাষত আইতাই হাত সেকি-সেকি বহি থাকে, মায়ে পানী ছটিয়াই মজিয়াখন মচে, এভাগ-এভাগকৈ ভাত বিলায়…। খোৱাৰ পৰত আইতাই আব্দাৰ কৰে- ‘চাচোন ইমান শুদা শুদা ভাত, কেৱল আলু আৰু ৰঙালাউ জোলেৰে ভাত কেনেকৈ খাওঁ? মাছ-পুঠি এটাও নাই।’ তাৰ পাছত মৰমসনা মাতেৰে মোৰ ফালে চাই আইতাই কয়- ‘সৰুদৌ, তই আজি স্কুলৰ পৰা আহোঁতে বাটৰ খাল, নলাবোৰত মেটেকা ফুল পাৱ যদি আনিবিচোন দেই, সোণটো।’ খাই থকা ঠাইৰ পৰা মূৰ দাঙি দেউতাই চায় এবাৰ মোৰ ফালে, এবাৰ আইতাৰ ফালে। দেউতাৰ তীক্ষ্ণ দৃষ্টিত মই তল মূৰ কৰি ভাত খাওঁ। মোৰ জন্মৰ কেইবছৰমান আগতেই ডাঙৰ পেহীৰ বিয়া হৈ গৈছিল। মাজু পেহীক বিয়া দিওঁতে মোৰ বয়স তিনি-চাৰি বছৰমান। সেয়েহে মাজু পেহীৰ বিয়াৰ কথা মোৰ স্পষ্টকৈ মনত নাই। মাজুপেহীৰ বিয়াৰ মাত্ৰ এটা দৃশ্য মোৰ মনত আছে- ‘মই বৰঘৰৰ কোঠা এটাত ৰৈ আছোঁ- পেহীয়ে কান্দিছে- খুউব কান্দিছে ৰাতি কিমান হৈছে নাজানো। পেহীক বিয়া দিয়া হ’ল দ-পথাৰলৈ। পেহী বিয়া হৈ যোৱাৰ পাছত আইতাৰ লগত সেই গাঁৱলৈ কেইবাবাৰো যোৱা মনত পৰে। কিন্তু বাৰিষাৰ দিনত তালৈ যোৱা নাছিলোঁ। খেতি চপোৱাৰ পাছত পেহীৰ ঘৰলৈ গ’লে পথাৰৰ মাজৰ চমু বাটেৰে যাব পাৰি। চমু বাটেৰে খোজ কাঢ়ি গ’লে পেহীৰ ঘৰলৈ আমাৰ ঘৰৰ পৰা প্ৰায় এক-ডেৰ ঘণ্টা লাগে। আলি-পদূলি প্রায় বন্ধ হৈ আহিছিল। বাটটোৰ কথা মনত পৰিলে যাওঁ বুলিলেও যাব নোৱাৰিছিলোঁ। পেহীয়ে আহি আব্দাৰ কৰিছিল- ‘তহঁতেতো মোৰ ঘৰৰ বাট পাহৰিলিয়েই, মই মৰিলোঁ বুলিয়েই ধৰিলি।’ পেহীৰ সৈতে বাঢ়ি অহা এই বিচ্ছিন্নতাব আলমত মই কেইবছৰমানৰ আগতে এটা গল্প লিখিছিলোঁ- ‘নির্মলা পেহীৰ মৃত্যু’ নামৰ গল্পটোত যেনিবা কল্পনাকো প্রশ্রয় দিছিলোঁ।
কিন্তু সৰু পেহীৰ কথা নক’লে, আমাৰ শৈশৱত পেহীৰ উপস্থিতিৰ বিষয়ে ব্যক্ত নকৰিলে, বোধহয় শৈশৱৰ কাহিনীয়েই আধৰুৱা হৈ ৰ’ব। সেয়েহে সৰু পেহীৰ বিয়াৰ কথাকেই কওঁ-
এদিন পদূলি মূৰৰ শুকাবলে ধৰা পুখুৰীটোৰ পাৰত বৈ পেহীয়ে চাই ৰৈছিল সন্মুখৰ বিস্তীর্ণ পথাৰখন। আহিন মাহৰ পথাৰত দূৰ-দূৰণিলৈকে কেৱল সেউজীয়া ধান। পথাৰৰ সেউজীয়াখিনি যেন আকাশত প্রতিফলিত হৈছে। তাৰ মাজতে বিশাল আকাশখনৰ অ’ত-ত’ত ধূপি খুপি ডাৱৰ। আগদিনা বৰষুণ হৈছিল, সেয়েহে আকাশ স্পষ্ট, স্পষ্ট দূৰ দিগন্ত। এনেকুৱা ফৰকাল দিনত আমাৰ ঘৰৰ পদূলিৰ পৰাই উত্তৰ দিশত থকা হিমালয় পর্বতমালা দেখা পায়। কৈলাসপুৰ গাঁৱৰ ওপৰেদি চাই পঠিয়ালেই দিগন্তত আকাশচুম্বী পর্বতমালা দৃশ্যমান। দূৰৰ এই গিৰিমালাৰ পিনে দৃষ্টি প্ৰসাৰিত কৰিয়েই পেহীয়ে বহু সময় এইদৰে থিয় দি আছিল। কিমান সময় পেহী এইদৰে থিয় দি আছিল নাজানো, কিন্তু মনত আছে-পেহীয়ে মোক বৰ উল্লাসেৰে সুধিছিল- ‘আজি আমাৰ ঘৰলৈ কোন আহিব ক?’ মই কৈছিলোঁ- ‘নাজানো সৰু পেহীদেউ।’ পেহীয়ে কৈছিল- ‘আজি তহঁতৰ পেহা আহিব আমাৰ ঘৰলৈ।’ -কোন পেহা নো? -তহঁতৰ হ’ব লগা পেহা। তেনেতে দেউতা ওলাইছিলহি, গৰুহাল আৰু গাইজনীক পদূলিৰ পুখুৰীত পানী খুৱাবলৈ। দেউতাই পথাৰৰ মাজত থকা গো-বাটৰ আলিটোত গৰু চৰাবলৈ গৈছিল, গো-বাটটোত নতুন ঘাঁহ-বন ওলাইছিল। আহিন-কাতি মাহত চৌদিশে ঘাঁহ-বন নাইকিয়া হৈ আহিলে এইদৰে দেউতাই বা আমি গৰু চৰাবলৈ লৈ গৈছিলোঁ। দেউতাৰ উপস্থিতি অনুভৱ কৰি পেহী খৰখোজেৰে ঘৰলৈ গৈছিলগৈ। মই পদূলিতে থিয় দি ৰৈছিলোঁ। গৰুৱে পানী খাই হোৱাত দেউতাই বাৰীৰ পিছফালে গৰুকেইটাক বান্ধি থ’বলৈ খেদি লৈ গৈছিল। গৰৰ ডিঙিত লগাই থোৱা ৰছীবোৰ চুঁচৰি চুঁচৰি গৈ আছিল; দেখাত সাপ বগাই যোৱাৰ দৰে লাগিছিল। মই পুখুৰীৰ পাৰৰ বালিত বহি পুখুৰীৰ গভীৰলৈ চাই আছিলোঁ। পুখুৰীত গৰৈ-চেঙেলী মাছে ভৰি আছিল। মই বৰশী বোৱাৰ কথা ভাবিছিলোঁ। তেনেতে, সেইদিনা আমাৰ ঘৰত পেহীক চাবলৈ মানুহ আহিছিল। এজন নহয়, দুজন নহয়, পাঁচজন আহিছিল। আইতাই ধেমালিতে কৈছিল- ‘গোটেই গাঁওখনেই আহিছে নেকি অ’?’ আলহী হেনো কাকপথাৰৰ পৰা আহিছিল। চাইকেলেবে আহিছিল। মূৰত চুলি কম থকা আৰু চকুৰে কেঁঞাকৈ চোৱা মানুহ এজনো আহিছিল, যাৰ বয়স হয়তো দেউতাতকৈও বেছি আছিল। তেওঁ বৰকৈ কথা কৈছিল। মটীয়া বঙৰ লংপেন্ট এটা পিন্ধিছিল আৰু ভৰিত পিন্ধিছিল এযোৰ চেণ্ডেল। তেওঁ অনর্গল কথা কৈছিল- ‘আমাৰ কিন্তু ছোৱালী পছন্দ হৈছে দেই। সোনকালে কামফেৰা কৰিব লাগে, এই মাহতে ল’ৰাৰ ঘৰত বোৱাৰী এজনীৰ দৰকাৰ।’ ‘আমাৰ ছোৱালী কিবা বজাৰৰ গৰু-ছাগলী নেকি, দৰাৰ ঘৰ নোচোৱা-নেমেলাকৈ দিম?’ আইতাই কৈছিল। পিছত শুনিছিলোঁ- বৰকৈ কথা কোৱাজন হেনো ছোৱালী চাবলৈ অহাজনৰ মোমায়েক। আলহীবোৰ বহিছিল আমাৰ ঘৰৰ মাজৰ কোঠাটোত থকা চাংখনত। আইতা দুৱাৰৰ ওচৰতে পীৰা পাৰি বহিছিল। মই আইতাৰ গাতে আঁউজি আটাইৰে কথা শুনি আছিলোঁ। এজনে মুখত তামোল এখন চোবাই চোবাই কোনো কথাৰ ৰগৰ উলিয়াই বৰকৈ হাঁহিছিল। এবাৰত তেনেকৈ জোৰেৰে হাঁহোঁতে মুখৰ পৰা পিক ওলাই কাষৰ কেইজনৰ গা বোলাই দিছিল। আইতাৰ মুখৰ পৰা ছিঃছিঃ জাতীয় শব্দ এটা ওলাই আহিব খুজিছিল। পেহীক চাবলৈ অহাজন ক’লা বৰণৰ, খীণ আছিল। ডাঠ চেলাউবী, উজ্জ্বল মুখ আৰু মূৰত লিপিট খাই থকা চুলিৰে অৱশ্যে তেওঁ সাজি-কাচিয়েই আহিছিল। মানুহজনে হয়তো নিজকে শকত-ডাঙৰ কৰি তুলিবলৈ কেইবা তৰপৰ কাপোৰ পিন্ধিছিল। বৰকৈ কথা পতা নাছিল- এক সৌম্য-গাম্ভীর্যত বুৰ গৈ আছিল তেওঁ। পিৰিক-পাৰাককৈ ইফালে-সিফালে চাইছিল তেওঁ। (হয়তো পেহীক চাবৰ বাবে মন ব্যাকুল হৈ উঠিছিল।) মানুহজনৰ ফালে মই বহু সময় চাই আছিলোঁ আৰু ভাবিছিলোঁ- পেহীৰ সৈতে জানো মিলিব? আলহীৰ সৈতে কথা পাতিবলৈ দেউতা বহু দেৰিকৈহে ওলাই আহিছিল। (সেই কথাটোত আইতা বিতুষ্ট হৈ পৰিছিল আৰু আলহী যোৱাৰ পাছত দেউতাক ককর্থনা কৰিছিল।) দেউতাক দেখি পেহীক চাবলৈ অহাজনে এটা সুদীর্ঘ নমস্কাৰ দিছিল। দেউতাই ইটো-সিটো সোধাত তেওঁ সেমেনা-সেমেনিকৈ উত্তৰ দিছিল। বেছি কথা কোৱাজনে পেহীক চাবলৈ অহাজনক ঘোপাকৈ চাইছিল। আলহীৰে সৈতে কথা পাতিবলৈ মা আৰু পেহী একেলগে ওলাই আহিছিল। আলহীক চাহ-জলপান-তামোল খাবলৈ দিছিল পেহী আৰু মায়ে।
পেহীৰ ৰূপ লাবণ্য হেনো আলহীয়ে বৰ পছন্দ কৰিছিল। বেছিকৈ কথা কোৱাজনে বাৰে বাৰে কৈছিল- ‘আমাৰ ফালৰ পৰা আমি সিদ্ধান্ত ল’লোঁৱেই, আমাক ছোৱালী লাগে, যিমান পাৰি সোনকালে।’ আইতাই কৈছিল- ‘লাগে বুলিলেই হ’ল নে? আপোনালোক গৰু চোৰেই নে ছাগলী চোৰ কেনেকৈ জানিম আমি, আমিও দৰাৰ ঘৰ চাব লাগিব, তাৰপাছতহে সিদ্ধান্ত ল’ব পাৰিম।’ -হ’ব, দিন-বাৰ চাই আপোনালোকো আহিব আমাৰ ঘৰলৈ, বেছি কথা কোৱাজনে কৈছিল। পথাৰৰ সেউজীয়া ধাননিব একা-বেঁকা পথেৰে তেওঁলোক উভতি যাওঁতে বেলি পৰিবৰ হৈছিল। সেইদিনা ৰাতিলৈ দেউতাই ঘৰত কন্দলৰ সূত্রপাত কৰিছিল। গধূলিতে গৰু-গাই বান্ধি দেউতা ক’ৰবালৈ ওলাই গৈছিল। কিন্তু আন্ধাৰ হোৱাৰ পিছতে দেউতা ঘৰ সোমাইছিলহি। দদপ্কৈ খোজ দি দেউতা পোনছাটে জুহাল ঘৰ পাইছিলগৈ। জুহালত মায়ে শাক কুটি আছিল, আইতা আছিল জুইৰ কাষত। দেউতাই আইতাক উদ্দেশ্যি কর্কশ মাতেৰে কৈছিল- ‘মানুহক কথা ক’ব নাজান।’ আইতাই প্রত্যুত্তৰত কৈছিল- -অ আই, মইনো কি ক’লোঁ? দেউতাই কোনো উত্তৰ নিদি দপদপাই ওলাই গৈছিল। আচলতে আইতাই যে কৈছিল- আলহী গৰু চোৰেই নে ছাগলী চোৰ আদি বুলি, সেই কথাতে দেউতা বিতুষ্ট হৈছিল। আলহী থকা অৱস্থাতে দেউতাই একো নক’লেও, ‘আলহী যাওক ৰ, গধূলিকে তহঁতক এমজা দিম’ বুলি পাঙি আছিল। অলপ সময়ৰ পাছত দমকলত হাত-ভৰি ধুই দেউতাই গুজবি-গুমৰি পুনৰ ঘৰ সোমাইছিলহি। এইবাৰ আইতাই ফেপেৰি পাতি ধৰিলে- -তই ক’ত মৰি আছিলিগৈ, নিজে কথা পাতিব নোৱাৰিলি? – ‘মই য’তেই নাথাকিলোঁ, তহঁতে আলহীক সন্মানেৰে সুধিব নোৱাৰ?’ -কিহৰ সন্মান? আহিয়েই সিহঁতক ছোৱালী লাগে, আমাৰ ছোৱালী কি দেওবৰীয়া বজাৰৰ বস্তু নেকি? এইবাৰ দেউতাই চিঞৰি চিঞৰি কৈছিল- ‘তহঁতে মোৰ নাক-কাণ কাটিছ, ওলাই যাবি সব মোৰ ঘৰৰ পৰা।’ দেউতাই উদ্ভ্ৰান্তৰ দৰে আইতাৰ ফালে চাইছিল, তাৰ পাছত হাতত লৈ থকা পীৰা এখন জুইৰ ওচৰলৈ দলিয়াই আকৌ গল্পকৈ কোঠাটোৰ পৰা ওলাই গৈছিল। পীৰাখন ভাগ্যে আইতাৰ গাত লগা নাছিল। আইতাৰ কথাও সঁচা- লাগ বুলিলেই বাৰু ঘৰৰ জীয়ৰী এজনীক অজান মানুহক গতাই দিব পাৰি? দৰাৰ ঘৰখন চাব লাগিব, কেনেকুৱা বা মানুহ তেওঁলোক? সচাঁকৈয়ে যদি গুণ্ডা-চোৰৰ ঘৰৰ মানুহ হয়। আইতাৰ সংশয় হয়। সৰুপেহী সাত-আঠ মহীয়ামান হওঁতেই ককা ঢুকাইছিল, আইতাই কম কষ্টৰে পেহীহঁতক ডাঙৰ-দীঘল কৰিলে। আৰু এতিয়া পেহীক এঘৰলৈ উলিয়াই দিবৰ সময়ত যদি নোচোৱা-নিচিন্তাকৈ দিয়া হয়, পেহীয়ে ওৰেটো জীবন দুখত ভুঞ্জিব নালাগিব? আইতাৰ ভয় হয়।
বাতি শোওঁতে আইতাই কান্দিছিল, মুখৰ ভিতৰতে বিবিৰাই আছিল- ‘তোৰ ভনী বুলিবলৈ মাত্র এজনী আছেগৈ, তাইকো খুৱাবলৈ-পিন্ধাবলৈ টান পাই নোচোৱা-নিচিন্তাকৈ এঘৰলৈ উলিয়াই পঠাব খুজিছ।’
আমাৰ পেহী আছিল রূপ-গুণেবে অতুলনীয়া গাভৰু। পেহীৰ সৌন্দর্যক মানুহে মুক্ত কণ্ঠে গুণানুকীর্তন কৰিছিল। আমাৰ গাঁৱত পেহীৰ নিচিনা ধুনীয়া দ্বিতীয় এগৰাকী গাভৰু নাছিল। পেহীৰ লাবণ্যময়ী ৰূপটো দেখি মোৰ অনুভৱ হয়, আমাৰ আইতাও চাগৈ জীয়ৰী কালত ৰূপৱতী আছিল। কেতিয়াবা ভাব হয়, ককা অকন্তিৰ মৃত্যুৰ পাছত আইতাই নিজৰ যৌৱনক বান্ধি চাবিটি ল’ৰা-ছোৱালীক চাগৈ কম কষ্টৰে ডাঙৰ দীঘল কৰিলে? আইতাৰ ত্যাগৰ আধাৰত আজি আমি থিয় দি আছোঁ, সেই ত্যাগৰ মহত্ত্ব আমাৰ বাবে অপৰিসীম। মানুহৰ বিৱর্তন চাগৈ এনেকৈয়ে হয়- আমি জীৱনত যিখিনি পাইছোঁ, আমাৰ প্রাপ্তি আচলতে পূর্বপুৰুষে কৰি থৈ যোৱা নিৰন্তৰ শ্রম-সাধনাৰ ফল। ইচ্ছা কৰা হ’লে আইতাই বাঘ-ভালুক তথা অলেখ হিংস্র জানোৱাৰেৰে ভৰপূৰ সেই দুর্গম ঠাই এৰি নিজৰ ককাই-ভাইৰ ওচৰলৈ যাবগৈ পাৰিলহেঁতেন, কিন্তু ল’ৰা-ছোৱালীকেইটিক ভালকৈ তুলি-তালি ডাঙৰ-দীঘল কৰাৰ স্বাৰ্থতে আইতাই প্রত্যাহ্বানক বুকুত সাবটি ল’লে। তেনেহ’লে গৰু-ছাগলী হাটলৈ উলিয়াই দিয়াৰ দৰে, কোনোবাই লাগে বুলিলেই নিজৰ জীয়েকক উলিয়াই দিব পাৰে? অসম্ভর।
যৌৱনে দগ্গ্নগাই থকা পেহীৰ গাভৰু দেহক চাবলৈ সেই দিনবোৰত আমাৰ ঘৰলৈ ডেকাৰ সোঁত বৈছিল। মোৰ মনত থকাৰ ভিতৰত মাইথঙৰ পৰা বৰ ওফাইদাং মৰা এজন আহিছিল। ফিল’বাৰীৰ পৰা এজন আহিছিল যাৰ ‘শৰীৰত মাংসই নাই চোন’ বুলি পেহীয়ে মুখৰ আগতে প্রত্যাখ্যান কৰিছিল। প্রত্যাখিত এই ডেকাবোৰ যেতিয়া ঘৰলৈ উভতি গৈছিল, সিহঁতৰ হৃদয়ত বাৰু কেনেকুৱা অনুভৱ হৈছিল? মোৰ জানিবলৈ বৰ মন যায় এতিয়া। বিষাদৰ অশ্ৰুৰে চাগে বেচেৰাহঁতৰ বাট ভেটি ধৰিছিল। প্রত্যাখ্যানৰ অসহনীয় বোজা কান্ধত লৈ যাওঁতে তেওঁলোকে চাগৈ ৰূপ-গৰিমাৰে দর্পিতা পেহীক শাওপাত দি গৈছিল। নাজানো। পিছে মাকুমৰ পৰা এজন আহিছিল, যাক পেহীৰ অন্তৰে বিচাৰিছিল। এই কথা কিন্তু আমাৰ ঘৰৰ কোনেও নাজানিছিল, জানিছিলোঁ কেৱল মই, মোৰ চকুত পেহী ধৰা পৰি গৈছিল। মাকুমৰজন কাৰ সৈতে, কেনেকৈ আমাৰ ঘৰলৈ আহিছিল মনত নাই, কিন্তু মনত আছে তেওঁ আমাৰ ঘৰত দুই নে তিনি নিশা থাকি গৈছিল। তেওঁ হেনো মাকুমৰ কোনোবা এটা প্লাইউড ফেক্টৰীত ছিকিউৰিটী গাৰ্ডৰ কাম কৰিছিল। সেই সময়ত উজনি অসম আৰু অৰুণাচলৰ বহু ঠাইত কাঠৰ মিল আছিল। এই মিলবোৰত কাম কৰিবলৈ অসমৰ নানা