বেতনিত হাবি ভাঙি গাঁও পতাৰ কেইবছৰমানৰ পিছতে অকন্তিৰ বিয়া হৈছিল। পিছে ককাৰ প্ৰথমখন বিয়া নিটিকিল। কাবণ অকন্তিৰ ঘৈণীয়েকৰ প্ৰথমটো সন্তান জন্ম দিয়াৰ সময়ত প্রসবজনিত ব্যাধিত মৃত্যু হৈছিল, মৃত্যু হৈছিল সন্তানটিৰো। প্রথমা পত্নীৰ মৃত্যুৰ পাছত গাঁৱৰ মানুহে অকন্তিক আকৌ বিয়া পাতিবলৈ উপদেশ দিছিল। গাঁৱৰ ধনীৰামেই ছোৱালী চাই দিছিল। ধনীৰামৰ সম্বন্ধীয় ভনীয়েক এজনী- নাহৰকটীয়াৰ চাচনিত ঘৰ। ফলত অকন্তিৰ দ্বিতীয় বিবাহ হৈছিল পদ্মেশ্বৰীৰ লগত। পদ্মেশ্বৰীৰো আগেয়ে এবাৰ বিবাহ হৈছিল। কিন্তু সেই বিবাহ এবছৰো টিকা নাছিল। পদ্মেশ্বৰীৰ প্ৰথমটো গিৰীয়েকে হেনো তাইক অন্য পুৰুষৰে সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল- সেয়েহে সেই বিয়া বেছিদিন টিকা নাছিল। পদ্মেশ্বৰী অকন্তিলৈ বিয়া হৈ অহাৰপাছতে আমাৰ দেউতা তিলেশ্বৰৰ জন্ম হৈছিল। তিলেশ্বৰৰ পাছতে আৰু এটি ল’ৰা আৰু তিনিজনী ছোৱালীৰ জন্ম হৈছিল। গতিকে দেউতাহঁতৰ মুঠ ককাই-ভাই, ভাই-ভনী আছিল পাঁচটি।
বালক তিলেশ্বৰক সেই সময়ত নতুনকৈ স্থাপন হোৱা কৈলাসপুৰৰ স্কুলত নাম লগাই দিয়া হৈছিল। তিলেশ্বৰৰ বয়স যেতিয়া দহ-বাৰ বছৰমান হৈছিল, তেতিয়াই দেউতাক অকন্তিৰ যক্ষ্মা ৰোগত মৃত্যু হৈছিল। অকন্তিৰ মৃত্যু হৈছিল ডিব্ৰুগড়ৰ হাস্পতালত। সেয়েহে অকন্তিৰ শৱটো ঘৰলৈ অনাটো সম্ভৱপৰ নাছিল। অকন্তিৰ মৃত্যুত পদ্মেশ্বৰী ভাগি পৰিছিল- এই এমাডিমা পাঁচোটি সন্তানক লৈ কেনেকৈ জীৱন আগুৱাব? কিন্তু পদ্মেশ্বৰীৰ দুখ ইয়াতে অন্ত পৰা নাছিল। অকন্তিৰ মৃত্যুৰ তিনিমাহৰ পাছত, তিলেশ্বৰৰ ভায়েক, দ্বিতীয়টি পুত্র সন্তানৰো বিয়োগ হৈছিল। মানুহে কোৱা-কুই কৰিছিল- অকন্তিৰ আত্মাই নিজৰ লগৰীয়া কৰিবলৈকে পুতেকক ইপুৰীলৈ লৈ গৈছিল। তিলেশ্বৰৰ আৰু পঢ়া নহ’ল। পদ্মেশ্বৰীয়ে গিৰীয়েকৰ অকাল মৃত্যুত জীৱনৰ সমস্ত দায়িত্ব অকলে ল’ব লগা হ’ল। জীৱন নামৰ পদযাত্ৰাৰ সন্মুখত এক দীঘল প্রত্যাহ্বান চাৰিটা ল’ৰা-ছোৱালীক পোহপাল দিয়াৰ দায়িত্ব, নিজৰ বিধৱা দেহৰ দায়িত্ব এই দুর্গম জংঘলহেন অঞ্চলত কেনেকৈ পালন কৰিব? এনে কণ-কণ ল’ৰা-ছোৱালীকেইটাক লৈ পদ্মেশ্বৰীয়ে নিজে খেতি-খোলা কৰি জীৱন নিৰ্বাহ কৰিব পাৰিব জানো? অসম্ভব- অসম্ভৱ। অসম্ভৱ হ’লেও উপায় নাই। জীয়াই থাকিবতো লাগিব। শুনা মতে, সেই অঞ্চলত বন্য জীৱ-জন্তুৰ উপদ্ৰৱো আছিল অত্যধিক। সহজেই অনুমান কৰিব পৰা যায় যে অৰণ্য কাটি শেষ কৰি অনাত অতদিনে বাস কৰি অহা জীৱ জন্তুবোৰৰ থাকিবলৈ ঠাই নাইকিয়া হ’ল। ফলত অকণমান হাবি পালেই, মানুহৰ ওচৰে পাঁজৰেই সহাবস্থান কৰিবলৈ ল’লে। মানুহৰ নিষ্ঠুৰতাৰ বলি হৈ বহুতো পশু-পক্ষী ধ্বংস
হ’ল, যিবোৰ থাকিল, সিহঁত হৈ পৰিল হিংসুক। ছল চাই মানুহক ওলোটাই আক্রমণ কৰিবলৈ ধৰিলে। বাতি-ৰাতি মানুহৰ ঘৰৰ আশে-পাশেই বিচৰণ কৰিবলৈ ধৰিলে।
বাঘৰ উপদ্ৰৱত মানুহবোৰৰ বৰ বিলৈ হৈছিল। বাঘে গোহালিৰ পৰাই গৰু-ছাগলী লৈ গৈছিল। খেতিয়ক মানুহৰ বাবে গৰুৱেই আছিল একমাত্র সম্পদ। কিন্তু গঞাৰ ভয় হৈছিল- কেতিয়াবা বাঘে মানুহকে যদি উঠাই লৈ যায়? সেই ভয়তে পদ্মেশ্বৰীয়ে হেনো আটাইকেইটা সন্তানক বুকুত সাবটি বাঁহৰ চাং এখনত উজাগৰী নিশা পাৰ কৰি দিছিল। ভালুক আহি পিছফালৰ চোতাল পাইছিলহি। হাতী আহি ঘৰৰ কাষত থকা নামঘৰত সেৱা লৈছিলহি। দূৰত হুদু চৰাইৰ গহীন মাত, বাৰীৰ ঢাপত শিয়ালৰ হোৱা, ৰাতিবোৰ জয়াল। আমাৰ ঘৰৰ বাৰীৰ পিছফালে সেই তাহানি দিনৰে জয়াল হাবি এখনৰ একাংশ এতিয়াও সংৰক্ষিত কৰি থোৱা আছে। কোন কাহানিৰ অৰণ্যৰ মাজৰ এছোৱা যে দুটা প্রজন্মৰ পিছলৈকে সংৰক্ষিত হৈ থাকিব, সেই কথা হয়তো অকন্তি-পদ্মেশ্বৰীয়ে কল্পনাও কৰিব পৰা নাছিল।
এই খণ্ডৰ পৃথিৱীলৈ যাতায়াতৰ ব্যৱস্থা তেনেকৈ নাছিলেই। দূৰণিবটীয়া আলহী আহিলে ডুমডুমাৰ পৰা বেতনিলৈ কমেও আধা দিন খোজ কাঢ়িব লাগিছিল। সেই সময়ত ডুমডুমালৈকৈ ৰে’লৰ সুবিধা আছিল। কিন্তু নাহৰকটীয়াৰ পৰা অকন্তি অথবা পদ্মেশ্বৰীৰ ঘৰৰ ফালৰ আলহী আহিলে কেতিয়াবা তিনিচুকীয়াৰ পৰাই খোজ কাঢ়িব লাগিছিল (ৰে’ল নচলিলে)। এনেকুৱা অৱস্থাত প্রায় দুদিন খোজ কাঢ়ি গৈ মানুহবোৰ আমাৰ গাঁৱত উপস্থিত হৈছিলগৈ। ইফালে ৰাস্তা-ঘাটৰ আকাৰ-আকৃতি আছিল অতি শোচনীয়, বাৰিষাৰ দিনত ফেনে-ফোটোকাৰে বৈ থকা নৈ-জান পাৰ হৈ দূৰণিবটীয়া মানুহবোৰ আমাৰ গাঁৱলৈ অহাটো আছিল কল্পনাৰো অগোচৰ। এই আলি-পদূলিবোৰ কেইবাদশক ধৰি ইমানেই শোচনীয় আছিল যে অকন্তিহঁতে নতুন ঠাইত ঘৰ পতাৰ প্ৰায় ছয় দশকৰপাছত মই মেট্ৰিক পাছ কৰি তিনিচুকীয়াত নাম লগাওঁতে ময়ো দৈনিক পাঁচঘণ্টা বাট অহা-যোৱাৰ নামত খোজ কাঢ়িব লগা হৈছিল। এবাৰ হেনো নাহৰকটীয়াৰ পৰা আমাৰ দেউতাৰ সম্বন্ধীয় বায়েক তথা আপায়েকৰ জীয়েক আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। ৰে’লৰ পৰা নামি ডুমডুমাৰ পৰা খোজেৰে আহোঁতে কলাফুল শুকাই গৈছিল। ভাগৰুৱা শৰীৰৰ পৰা সকলো শক্তি বাষ্প হৈ উৰি গৈছিল। শক্তি ওভতাই পাবলৈ কেইবাদিনো খাব লগা হৈছিল। শৰীৰত শক্তি ঘূৰাই পোৱাৰ পিছত গাভৰুহঁত আকৌ চঞ্চল হৈ পৰিছিল, কাৰণ ইয়াত মাক-দেউতাকৰ হকা-বাধা নাছিল। বেছ মুকলিভারে চাল-চলন কৰিবলৈ পাইছিল। তেতিয়ালৈ আমাৰ পেহীকেইজনীও গাভৰু হৈছিল। আটাইকেইজনী গাভৰুৰ হাঁহি-খিকিন্দালিত ঘৰ ৰজনজনাই আছিল। তেতিয়া দেউতাৰ হেনো ভীষণ অভিযোগ। গাভৰুহঁতক অতিপাত ৰং-ৰহইচ নকৰিবলৈ বাৰে বাৰে সতর্ক কৰি দিছিল। গোটেই ঘৰখনত দেউতাই আছিল একমাত্ৰ পুৰুষ। গাভৰুহঁতৰ চঞ্চলতা
ইমানেই বাঢ়ি গৈছিল যে এদিন হেনো দেউতাই শুই উঠিয়েই গাভৰুহঁতক একেলগে শাৰীপাতি প্ৰস্ৰাৱ কৰি থকা দেখিবলৈ পাইছিল। দেউতা খঙত অগ্নিশর্মা হৈ ‘এনে অমংগলীয়া কাম কিয় কৰ’ বুলি হালোৱা এচাৰিৰে গাভৰুহঁতৰ টিকাত কোব শোধাইছিল। আইতাই তেতিয়াই সিদ্ধান্ত লৈ কৈছিল- ‘তিলেশ্বৰক বিয়া পাতি দিলেহে ইয়াৰ উপদ্ৰৱ কমিব।’ পিছে ছোৱালী ক’ত?
নিৰ্মালিৰ ঘৰ শিৱসাগৰত। নিৰ্মালিৰ দেউতাকক পথাৰত হাল বাবলৈ যাওঁতে বজ্রপাতত মৃত্যু হোৱাত সিহঁতৰ পৰিয়ালটো দুটা ভাগত বিভক্ত হৈছিল। নির্মালি আৰু ডাঙৰটো ভায়েক শিৱসাগৰতে বৰতাকহঁতৰ লগত থাকিবলৈ লৈছিল। আনফালে মাক, ভনীয়েক আৰু সৰু ভায়েকে টালি-টোপোলা লৈ নিৰ্মালিৰ খুৰাকহঁতৰ সৈতে নতুন মাটি ভাঙিবলৈ গৈছিল ডুমডুমাৰ দ-পথাৰ গাঁৱলৈ। শিৱসাগৰৰ ফুলেশ্বৰী হাইস্কুলত অষ্টম শ্রেণীলৈকে পঢ়ি নির্মালিয়ে পড়া বাদ দিছিল। পঢ়া শুনা বাদ দিলত এবাৰ হেনো নিৰ্মালি দ-পথাৰ গাঁৱলৈ আহিছিল, মাকহঁতৰ লগত দীঘলীয়াকৈ থকাকৈ। নির্মালিৰ মনলৈ মাকহঁতৰ সান্নিধ্যই আনি দিছিল সুখ-শান্তি, আনফালে দ-পথাৰৰ যাতায়াতবিহীন কেঁচাময় বাট পথে আনি দিছিল বিৰক্তি। মনৰ এনে এক দোদুল্যমান অৱস্থাত অৱস্থান কৰোঁতেই এটা খবৰ আহিছিল- বেতনিৰ এটা দৰাই নির্মালিক চাবলৈ অহাৰ কথা। দুয়োঘৰৰ সন্মতিত ক্ষিপ্ৰতাৰে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে তিলেশ্বৰ আৰু নিৰ্মালিৰ বিয়া হৈ গৈছিল। বিয়াৰ সময়ত তিলেশ্বৰ-নিৰ্মালিৰ বয়স হয়তো ওঠৰ-উনৈশমান হৈছিল। এই বিয়াৰ ফলশ্রুতিতে প্রথমে এটি কন্যা সন্তান, দ্বিতীয়তে এটি পুত্র সন্তান আৰু তৃতীয়তে মোৰ জন্ম হৈছিল। মোৰ পিছতো আৰু দুটি পুত্ৰ সন্তানৰ জন্ম হৈছিল।