মোৰো এটা সপোন আছে

বহল চাংখনৰ কাষতে দীঘল টেবুলখন। চাৰিটা খুঁটা পুতি বাঁহেৰে বনোৱা টেবুলখন আচলতে এখন চাঙেই। টেবুলৰ ওপৰত নির্দিষ্ট স্থানত থাকে মোৰ, বাইদেউ আৰু ককাইদেউৰ কিতাপ-পত্র, বহী। কণ আৰু মুন তেতিয়াও স্কুল যাবৰ হোৱাই নাই। সন্ধিয়া হ’লেই টেবুলৰ সন্মুখত ৰৈ আমি আটায়ে প্রার্থনা জুৰোঁ। কেতিয়াবা কণ-মুনেও উলাহতে যোগ দিয়ে। কিন্তু সিহঁতে প্রার্থনাৰ গাম্ভীর্য তেতিয়াও বুজা হোৱা নাই। সিহঁতৰ বাবে প্ৰাৰ্থনাত যোগ দিয়াটো এক আমোদৰ কাৰ্য। আমি কিমান মনঃপুত প্রার্থনা গাইছোঁ, সেয়া পর্যবেক্ষণ কৰি থাকে দেউতাই; কেতিয়াবা কেতিয়াবা মায়ো। কণ-মুনৰ উপদ্ৰৱ বাঢ়িলে সিহঁতক চুপ-চাপ উলিয়াই নিয়া হয় কোঠাটোৰ পৰা। ঘৰলৈ সেই সময়ত কোনোবা মানুহৰ আগমন ঘটিলে চোতালতে বহে মানুহ। আমাৰ প্ৰাৰ্থনা শেষ হোৱাৰ পিছত বাহিৰৰ পৰাই বেণুধৰ বৰতাই কয়- ‘বুজিছ, এই প্রার্থনাটো সন্ধিয়া নাগায়, পুৱাহে গাব লাগে।’ কোন সময়ত কি প্রার্থনা গাব লাগে সেই সন্দৰ্ভত সাধাৰণতে দেউতাই সিদ্ধান্ত লয়, কাৰণ দেউতা গাঁৱৰ পাঠেকী, গাঁৱৰ সমাজত দেউতাই কীর্তন পড়ে। গতিকে দেউতাৰ প্ৰাৰ্থনা সন্দর্ভত জ্ঞান বহুত। কীর্তন-নামঘোষাৰ আদি-অন্ত দেউতাই কৈ যাব পাৰে, তাক লৈ দেউতাই অহংকাৰো কৰে- ‘মোৰ দৰে কীৰ্তন পঢ়িব পৰা মানুহ গাঁওখনত দ্বিতীয় এটা ক’ত?’ বেণুধৰ বৰতাই আকৌ কয়- ‘বাপেৰে কীর্তন পঢ়ি ইফাল-সিফাল কৰে, কোনফাঁকি প্রার্থনা কেতিয়া ধৰিব লাগে তাকেহে তহতক শিকাব নোৱাৰে।’

সঁচা ক’বলৈ দ্বিধা নাই- মই হ’লে অন্তঃকৰণেৰে, একাগ্ৰতাৰে কেতিয়াও প্রার্থনা নাগাইছিলোঁ। মোৰ বাবে প্রার্থনা আছিল কেৱল এক পুৱা-গধূলিৰ গীত। পুৱা হ’লে যিদৰে বেলি ওলায়, গধূলি মাৰ যায় নতুবা পুৱা গোহালিৰ গৰু মেলি দিয়া হয়, গধূলি আকৌ বান্ধি থোৱা হয়, ঠিক প্রার্থনাও গাওঁতে মোৰ মনলৈ বাৰে ৰকমৰ ভাব আহি থাকে। দিনটোত হৈ যোৱা ঘটনাবোৰ-আইতাই মোক মেটেকা আনিবলৈ কৈছিল মই পাহৰিলোঁ, এতিয়া আইতাই গালি দিক নেকি বাৰু মোক? বাইদেৱে মোক কালি চুলি জোঁকোৰা দিছিল মই হেনো প্রার্থনা গাওঁতে চকু মেলি আছিলোঁ, কাৰণ তাই মোক দেখিছিল। তাই কেনেকৈ দেখিলে? তাৰ মানে তায়ো চকু মেলি আছিল? আজিও তাই চকু মেলি আছে নেকি? মই প্রার্থনা গাই থাকোঁতেই এবাৰ চকু মেলি তাইৰ ফালে চাওঁ, নাই তাই এতিয়া চকু মেলা নাই। দেউতা ঘৰত নাছিল, এতিয়া আহিছে চাগে, বাহিৰত মাত শুনিছোঁ। বেণুধৰ বৰতা এতিয়াও বহি আছে, দেউতা আহিছে, দেউতাৰ লগত কথা পাতিছে… আমাৰ প্ৰাৰ্থনা শেষ হ’ল, শ্লোকো শেষ হ’ল- ‘ওঁম শান্তি ওঁম।’

বেণুধৰ বৰতাক দেউতাই কৈছে- ‘ককাই মই জানো দে কোনফাঁকি প্রার্থনা কেতিয়া গাব লাগে, মোক শিকাব নালাগে।’ দেউতাৰ ফিতাহি মৰা কথা। বৰতাই কথাটো ভাল নাপালে, সেয়েহে উঠি গুচি গ’ল। আমাৰ সন্ধিয়াবোৰ এনেকৈয়ে আৰম্ভ হয়।

দীঘল বাঁহৰ টেবুলখনৰ এটা মূৰত মই বহি লওঁ আমি শোৱা চাংখনত। মোৰ কাষতে বহে ককাইদেউ। মই আৰু ককায়ে একেটা চাকিৰ পোহৰতে পড়ো। বাইদেউ নিলগাই বহে। তাই নিজাববীয়াকৈ এটা চাকি লয়। আমি যিমান জোৰেৰে পাৰি সিমান জোৰেৰে চিঞৰি পঢ়ো। কেতিয়াবা দেউতাই ভুমুকি মাৰি চায়, কেতিয়াবা মায়ো। আইতা সাধাৰণতে এইটো কোঠালৈ নাহে। আহিলেও আইতাই কিতাপৰ ভূ-ভা নাপায়। মায়ে বৰঘৰত ভাতৰ চৰুত ধৰেগৈ, আইতাই জুহালত বহে, দেউতাই ইফাল সিফাল কৰি থাকে। আমি যে মনপুতি পঢ়ো সেয়াও নহয়। বাইদেৱে হেনো লগৰ এজনীৰ পৰা বহী এখন আনিছে আৰু বহীখন চাই চাই নিজৰ বহীত কিবা লিখি আছে। এসময়ত তাই নিজৰ কিতাপ-বহীৰ মাজত কিবা এটা খুঁচৰিছে। এনেদৰে খুঁচৰি থাকোঁতে কিতাপ এখন বাগৰি আহি চাকিত পৰিলহি। চাকি নুমাল। ভাগ্যে তেল নপৰিল। তাই আমাৰ কাষলৈ আহি চাকিটো আকৌ জ্বলালে। জ্বলাবলৈ আহোঁতে তাই দেখিলে যে ককাইদেরে কাঠপেঞ্চিলেৰে বহীত লিখি আছে। বাইদেউরে সুধিলে- ‘কলম কি কৰিলি?’ কলম নাই, কলম হেৰাল। ‘হেৰাল? যোৱা সপ্তাহতহে কিনিছিলি? কেনেকৈ হেৰুৱালি?’- ‘নাজানো, স্কুলৰ পৰা আহোঁতেই বাটত ক’ৰবাত পৰিল’-‘তোৰ উৎপাত বাঢ়িছে, ব মাক ক’ম।’ আচলতে আজি ককাইদেউ স্কুলৰ পৰা আহোঁতে বাটত তাক ল’ৰাকেইটামানে জোকাইছিল- ‘তোৰ বায়েৰাক দিবি মোলৈ?’ তাৰ ভীষণ খং উঠিছিল, সি পিছে পিছে খেদি গৈছিল। এইদৰে দৌৰি যাওঁতেই ক’ত কলম পৰি থাকি আহিল সি গমকে নাপায়। হ’লেও সিতো নিজৰ খাতিৰত কলম হেৰুওৱা মোৰ বাবে পুৱা-গধূলি পালন কৰা নিয়ম। প্রার্থনা  নাই, সি বাইদেউৰ খাতিৰতে কলম হেৰুৱালে, অথচ এতিয়া তাই কৈছে- ‘মাক ক’ম।’ কেতিয়াবা দেউতাই আহি ভুমুকি মাৰি চায়, কেতিয়াবা মায়ো চায়, মায়ে কাঢ়া মাতেৰে কয়- ‘তহঁতে পঢ়িছনে? নে নিহপালী দি শুইছ?’ মা আকৌ বৰঘৰলৈ গুচি যায়। অলপ পাছত ভাত খাবৰ হয়। মায়ে আহি মাতেহি- ‘ল’ৰাহঁত ভাত খাবি আহ, টোপনিয়াই থাকিব নালাগে।’ আমি কিতাপ বহী জপাই, হাতত চাকি লৈ হুৰৰকৈ ভাত খোৱা ঘৰলৈ দৌৰোঁ। ভাতখোৱা কোঠাত (আমি জুহালৰ কোঠা বুলিছিলোঁ) জুহালৰ একাষে দেউতা বহি থাকে, পীৰা এখনত। অন্য কাষত আইতা বহি থাকে ঢৰা এখনত। মা বা সৰুপেহীয়ে খেৰৰ সোপা এটাৰে জুহালৰ মজিয়াখন সাবে। পিতলৰ ঘটিত পানী এচলুৰে আইতা-দেউতাই ভাত খাবলগা ঠাইখিনি মচি দিয়ে। তাৰ পাছত চাৰিওফালে পীৰা পাৰি দিয়ে। মায়ে কাঁহীত বঢ়া ভাত আগবঢ়াই দিয়ে। আমি আটায়ে খাওঁ। খাবৰ পৰত দেউতাই নীতি শিক্ষা দিয়ে- ‘খোৱাৰো নিয়ম থাকে, খোৱাৰ সময়ত কথা ক’ব নাপায়। ইমান খৰকৈ খোৱাটো বেয়া অভ্যাস।’ আইতাই কয়- ‘ধীৰে সুস্থিৰে খাচোন, গোটেই ৰাতিটো আছে।’ ৰাতিটো? ক’ত ৰাতিটো আছে? আমাৰ টোপনি ধৰা নাই? কেতিয়াবা মোৰ খোৱাৰ তলিতে টোপনি ধৰে। দেউতাই জোৰেৰে ‘ঐ’ বুলি চিঞৰি দিলে মোৰ টোপনি ভাগে। দেউতাই টেলেকাকৈ চায়। মায়ে পৰিস্থিতিটো পাতলাবলৈ কয়- ‘দিনটো দৌৰি ফুৰ, সেয়েহে টোপনি ধৰিছে।’ তাৰ পাছত আমাৰ ফালে লক্ষ্য কৰি কয়- ‘বেগাই খা আৰু শোগৈ যা।’ -শুমগৈ? ক’ত শুম আজি?

তেতিয়া আমাৰ ককাই-ভাইৰ মাজত হোৱা যুঁজসমূহৰ ভিতৰত শোৱাৰ যুদ্ধখনেই আছিল আটাইতকৈ স্মৰণীয়। কোনখন চাঙত কাৰ লগত কোন শুব সেইটো আছিল আমাৰ বাবে সর্বাধিক চিন্তনীয় বিষয়। কোনে আধিপত্য বিস্তাৰ কৰিব মাৰ চাঙত? কোন শুব আইতাৰ লগত? আৰু দেউতা আৰু মা যিদিনা একেলগে নোশোরে (মা নোৱৰা হ’লে) তেতিয়া দেউতাৰ লগত কোন শুব? মায়ে যদি কয়- ‘তই সৰুটোৱে বাপেৰৰ লগত শোগৈ যা’, তেন্তে সেইদিনা মোৰ মৰণ। আৰু যদি কয়- ‘তই ডাঙৰটোৱে বাপেৰৰ লগত শোগৈ যা’, তেন্তে মোৰ আনন্দ। আচলতে আমি আটায়ে দেউতাক ভয় কৰিছিলোঁ। সাংঘাতিক ভয়। ৰাতি ভূতৰ ভয় আৰু দেউতাৰ লগত শোৱাৰ ভয় সমান। সেই ভয়, সেই বিচ্ছিন্নতা আমাৰ সত্তাত আজীবন থাকি গৈছিল। দেউতাৰ কঠোৰ মাতত আমাৰ বুকু দুৰু দুৰু কঁপিছিল। দেউতাৰ তীক্ষ্ণ চাৱনিত আমাৰ অস্তিত্ব জ্বলি ছাই হোৱাৰ উপক্ৰম হৈছিল। দেউতাৰ মাত, দেউতাৰ সিদ্ধান্তই আছিল অন্তিম কথা- তাত আমি মাত মতাৰ সাহ নাছিল।

সেয়েহে, শুবৰ পৰত আমাৰ দৃষ্টি হয় আইতাৰ চাঙত নহয় মাৰ চাঙত। এই চাংকেইখন যি আগেয়ে দখল কৰিব সিয়েই জয়ী। মাৰ চাঙত শুব পৰাটো আছিল এক অনন্য সোৱাদ। বহল চাংখনত, বেৰৰ ফালে মূৰ গুঁজি, গাত কথা এখন লৈ শোৱাৰ পিছ মুহূর্ততে টোপনিয়ে হেঁচা মাৰি ধৰিছিল। ৰাতিৰ গভীৰতাত গম্ভীৰ হৈছিল টোপনি, যেন মনৰ কোঠালিয়ে কোঠালিয়ে জিবাইছিল টোপনি। মই যি ঠাইত, যি পৰিয়ালত জন্ম লৈছিলোঁ, সেই ঠাইত আধুনিক জ্ঞান-বিজ্ঞান-সভ্যতাৰ শিক্ষা লোৱাৰ সপোন দেখাটো প্রায় অবাস্তৱৰ দৰে আছিল। মোৰ জন্ম হৈছিল অসম-অৰুণাচল সীমান্তৰ কৈলাসপুৰৰ টঙনা ন-গাঁও নামব গাঁৱত। মানুহে আমাৰ গাঁওখন বেতনি গাঁও বুলিছিল। মোৰ জন্মৰো আগতে আমাৰ ককা-আইতাই সেই গাঁৱত কেনেকৈ খোপনি পুতিছিলগৈ সেয়া কৈ নল’লৈ মোৰ অথবা আমাৰ পৰিয়ালৰ সামগ্রিক কাহিনী আধৰুৱা হৈ ৰ’ব। আমাৰ পূৰ্বপুৰুষসকল আহোম ৰজাৰ দিনত হাতীৰখীয়া হোৱাৰ বাবেই আমাৰ উপাধি প্রথমতে হাতীচুঙ্গী আৰু ক্রমান্বয়ে মাউত হৈছিলগৈ। কিন্তু দূৰ অতীতত এই পূর্বপুৰুষসকলে ক’ত কেনেকৈ বাস কৰিছিল জনা নাযায়। শুনামতে আমাৰ আজোককা অর্থাৎ ককাৰ দেউতাকহঁত যোৰহাটৰ কোনোবা ঠাইৰ পৰা ডিব্ৰুগড়ৰ নাহৰকটীয়া অঞ্চললৈ উঠি আহিছিল। নাহৰকটীয়াৰ চাচনি অঞ্চলৰ শান্তিপুৰত আজোককাই মাটি ভাঙিছিলহি। আজোককাৰ পুতেক আছিল তিনিজন- আমাৰ ককা অকন্তি আৰু ককাৰ দুজন ককায়েক। কালৰ সোঁতত অকন্তিয়ে ডাঙৰ ককায়েক ফলঙৰ সৈতে নতুন ঠাই নতুন মাটি বিচাৰি পুনৰ প্ৰব্ৰজন কৰিছিল। ফলত ফলং আৰু অকন্তি আহি তিনিচুকীয়া জিলাত অৰ্থাৎ মোৰ ওপজা ঠাই কৈলাসপুৰ পাইছিলহি। অটব্য অৰণ্য ভাঙি গাঁও পাতিবলৈ লগত আৰু বহুলোক আহিছিল। তেতিয়া এই গোটেই অঞ্চলটো আছিল গভীৰ অৰণ্য, দুর্গম ঠাই। কিন্তু ক্রমাৎ মানুহৰ প্ৰব্ৰজনৰ ফলত এই ঠাই থকাৰ উপযোগী হৈ উঠিছিল। অকন্তিৰ মাটিৰ দাগটো আছিল গাঁওখনৰ একেবাৰে সোঁমাজত। মানুহবোৰে কৈছিল, আমাৰ ককা অকন্তি হেনো বৰ উদাৰ মনোভাবৰ মানুহ আছিল, সেয়েহে নিজৰ মাটি আনক দান কৰিছিল তেওঁ। সেয়েহে অকন্তিৰ ভাগত থাকিলগৈ গাঁওখনৰ ভিতৰতে আটাইতকৈ কম মাটি। তদুপৰি, মাটি থাকিলেও খেতিৰ বাবে সকলো মাটি উপযোগী নাছিল। আচলতে অটব্য অৰণ্য ভাঙি লৈছিলহে, ইমান সতকাই এই গোটেই মাটিবোৰ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top