ইফালে আহাৰ-শাওণৰ কিছুদিন আমাৰ ঘৰত প্ৰায়ে খাবলৈ নুজুৰিছিল। পেটত ভোকৰ জুই লৈ খাবলৈ পোৱাৰ চিন্তাই দেহ-মনক হতাশ কৰি তুলিছিল। আজিকালি মই গ্রীষ্মকালত যেতিয়া শীত-তাপ নিয়ন্ত্রিত অত্যাধুনিক পৰীক্ষাগাৰত সোমাই বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষা কৰি থাকোঁ, তেতিয়া মোৰ প্ৰায়ে শৈশৱৰ দিনবোৰলৈ মনত পৰে। মনত পৰে সেইসকললৈ, যিসকলে এতিয়াও মোৰ শৈশৱৰ দৰেই পথাৰত গৈ ৰ’দ-বৰষুণ নেওচি মাত্র দুবেলা-দুমুঠি ভাতৰ বাবেই শ্রম কৰিবলগীয়া হৈছে। এই পৃথিৱীত তেওঁলোকৰ সংখ্যা কোটিৰ ঘৰত। আহিন আহিলেই বাম খেতিলৈ যাবৰ হয়। দেউতাই বাৰীত অলেখ ধৰণৰ বাম খেতি কৰিছিল। আমি সৰু হৈ থাকোঁতে দেউতাক বাম খেতি কৰাত সহায় কৰিছিলোঁ, কিন্তু পাছলৈ অর্থাৎ মই অষ্টম-নবম শ্রেণী পাওঁতে নিজেই এই বাম খেতিৰ দায়িত্ব লৈছিলোঁ। জাত জাত শাক-পাচলিৰ খেতি হৈছিল- লাই, লফা, মূলা আগতীয়াকৈ কৰা হৈছিল। কাতি মাহত আৰম্ভ হৈছিল বন্ধা কবি, ফুল কবি, ওল কবি, আলু, পিঁয়াজ, নহৰুৰ খেতি। কাতিৰ শেষৰ ফালে ৰঙালাও, কেৰেলা, মটৰ আদিৰ খেতি আৰম্ভ কৰা হৈছিল। কেৰেলা খেতি গোটেই অঞ্চলটোৰ ভিতৰত কেৱল আমাৰ গাঁৱতেই হৈছিল। তাকো কেইজনমান খেতিয়কৰ উদ্যোগতহে। আমাৰ দেউতাই আৰু পিছলৈ আমি প্রত্যেক বছৰেই কেৰেলা খেতি কৰিছিলোঁ। প্রায় আধাবিঘা-এবিঘামান মাটিত এই খেতি কৰিছিলোঁ। কেৰেলা খেতি বৰ লাভজনক আছিল। বজাৰত সতকাই বিক্ৰী গৈছিল। ইয়াৰ কাৰণটো হ’ল আন গাঁওবোৰত এই খেতি কৰা নহৈছিল। দেউতাই হাল বাই, মৈয়াই মাটি উলিয়াই দিছিল, আমি, ককাই আৰু মই খুলি খান্দি গৰু গোবৰ দি গৈছিলোঁ। কোৰেৰে এই গোবৰ মাটিৰ সৈতে মিহলাই এটা খুলিত চাৰি-পাঁচটাকৈ গুটি দি গৈছিলোঁ। পুলি ওলাবলৈ এক-দুই সপ্তাহ লাগিছিল। পুলি ওলোৱাৰ পাছত সময়ে সময়ে কেৱেলাৰ তলিখন চিকুণাই দিয়া হৈছিল। এইদৰে দুই তিনিবাৰ চিকুণোৱাৰ পাছত পুহ-মাঘ মাহত কেৰেলাৰ তলিত ধানখেৰ পাৰি দিয়া হৈছিল, যাতে তাত বনৰীয়া বন গজিব নোৱাৰে। তাৰ পাছত ফাগুনত কেৰেলা লাগিবলৈ আৰম্ভ কৰিছিল আৰু আমি বহাগ পর্যন্ত বজাৰত কেৰেলা বিক্ৰী কৰিছিলোঁ। উল্লেখযোগ্য, আমাৰ ঘৰত কেৰেলাৰ খেতি ককা অকন্তিৰ দিনৰ পৰা চলি আহিছে। আৰু এই খেতিৰ উত্তৰাধিকাৰী কণ আৰু মুনে এতিয়াও কৰি আহিছে। হয়তো ভবিষ্যতেও আমাৰ পৰিয়ালত কেৰেলাৰ খেতি চলি থাকিব- কোনে জানে? কেৱল খেতি কৰিলেই নহ’ব, উৎপাদিত সামগ্রী বিক্ৰীও কৰিব লাগিব। বিক্রী কৰাৰ পাল পৰিছিল মোৰ আৰু ককাইৰ ওপৰত। পাছলৈ আমি ঘৰৰ পৰা আঁতৰি অহাত কণ-মুনে এই দায়িত্ব লৈছিল। বিক্ৰী কৰিবলৈ বজাৰ আছিল মাত্র তিনিখন- দেওবাৰে টঙনাৰ বজাৰ, মঙলবাৰে কৈলাসপুৰ আৰু শনিবাৰে মহাদেৱপুৰত। মঙলবাৰত স্কুল থকাৰ বাবে আমি এই বাৰটোত সাধাৰণতে বজাৰ এৰাই চলিছিলোঁ। দেওবাৰৰ দিনটো আছিল আমাৰ বাবে নির্দিষ্ট দিন, এই দিনটোত আমি কেতিয়াও বজাৰ খতি নকৰিছিলোঁ। বজাৰত শাক-পাচলি বিক্ৰী কৰি পোৱা সামান্য ধনেৰে ঘৰৰ তেল-নিমখ আনিছিলোঁ, কেতিয়াবা খাবলৈ নোজোৰা দিনকেইটাত চাউল-আটাও কিনি আনিব লগা হৈছিল। এই বজাৰবোৰত হোৱা ৰোমাঞ্চকৰ অথবা হতাশাজড়িত অভিজ্ঞতাৰ টুকুৰা কিছুমান তলত দাঙি ধৰিলোঁ-
দৃশ্য একঃ পুৱাই শুই উঠি টঙনাৰ দেওবৰীয়া বজাৰলৈ যাবলৈ ওলালোঁ। শাক-পাচলিবোৰ আগদিনা গধূলিয়েই ছিঙি থৈ দিয়া আছিল। বন্ধা কবি আধা বস্তা, কেৰেলা আধা বস্তা, বেঙেনা কেইকেজিমান…। পুৰণি ৰয়েল চাইকেল এখনত পাচলিবোৰ ভাৰ কৰি চাইকেল ঠেলি টঙনা পালোঁগৈ। লগত চিৰন্তন লগৰীয়া ককাই। টঙনা বজাৰৰ উত্তৰ-পূব দিশত আমাৰ বেহা মেলাৰ নিৰ্দিষ্ট স্থান। আমি বজাৰৰ একমাত্ৰ বাঁহৰ হোটেলখনৰ সন্মুখতে থৈলা পাৰি বহিলোঁ, পাচলিবোৰ ভাগ ভাগ কৰিলোঁ। বজাৰত পাচলি বিক্ৰী কৰাৰ আৰম্ভ হ’ল।
দ-পথাৰ গাঁৱৰ মানুহবোৰ বজাৰলৈ আহি আমাৰ বাবে ৰৈ আছিল। দ পথাৰৰ গাঁৱত বাম খেতি নহয়, সেয়ে আমাৰ গাঁৱৰ শাক-পাচলিলৈ তেওঁলোক ৰৈ থাকে। আমি শাকৰ বজাৰখন মেলাৰ লগে লগে তেওঁলোক উবুৰি খাই পৰিলহি।
-কবিৰ দাম কেনেকুৱা?
-এক টকা কিলো।
-কেৰেলা?
-দুই টকা।
-মূলা?
-আঠ অনা। দ-পথাৰৰ মানুহে পালে নিমিষতে আমাৰ বজাৰ শেষ। অন্যথা, দুপৰীয়ালৈকে বহি থাকিলেও আমাৰ পাচলি বিক্রী নাযায়। পাচলি বিক্রী যোৱাৰ দিনা আমি আনন্দ মনেৰে বজাৰ সামৰি বাঁহৰ হোটেলত সোমাও। দুই প্লেট মটৰ ঘগুনী, অথবা দুখন কটী খাই তৃপ্তিত মন আহ্লাদিত কৰোঁ। তাৰ
পাছত সপ্তাহটোৰ কাৰণে ঘৰুৱা বজাৰ কৰোঁ ধূপ এক পেকেট, মিঠাতেল এক পোৱা, নিমখ এক পেকেট, খাৰ চাবোন এটা, চাধা পঞ্চাশ গ্রাম আৰু কেতিয়াবা মচুৰ দাইল এক পোৱা। তাৰ পাছত কেতিয়াবা আমাৰ স্কুলৰ সামগ্ৰী কাগজ এক দিস্তা, ফাউনটেইন পেন এটা, চিয়াঁহী দোৱাত, কাঠপেঞ্চিল, ববৰ…। বেলি লহিয়াবলৈ হোৱাৰ পৰত আনন্দ অথবা বিষাদ মনেৰে ঘৰলৈ উভতোঁ। এইবাৰ চাইকেল ঠেলি ঠেলি যাব নালাগে- ককায়ে চলায়, মই উঠো। এই যে দৃশ্যটো বৰ্ণনা কৰিলোঁ- এইটো দৃশ্য চলিছিল মই পঞ্চম শ্রেণীত থকাৰ পৰা মেট্ৰিক পাছ কৰালৈকে প্রায় ছয় বছৰ। প্রত্যেক সপ্তাহতেই। দৃশ্য দুইঃ এদিন মঙলবৰীয়া বজাৰলৈ মূলা লৈ গ’লোঁ। সেইবছৰ মই অকলে মূলা লগাইছিলোঁ। বজাৰত মূলা ঢেৰ। দাম ৰাখিলোঁ আঠ অনা। তিনি-চাৰি ঘণ্টা বজাৰত বহাৰ পাছতো এটিও মূলা বিক্ৰী নহ’ল। ফলত মূলা যিদৰে বজাৰলৈ নিছিলোঁ, ঠিক সেইদৰেই ওভতাই আনিলোঁ। বাটত হঠাৎ কথা এটালৈ মনত পৰিল- আমাৰ গাঁৱৰ ৰঙাই বুঢ়াই হেনো বজাৰত শাক-পাচলি বিক্রী নহ’লে, সেইবোৰ ৰাস্তাত পেলাই মুতি থৈ আহিছিল। মুহূর্ততে মই মূলাৰ ভাৰখন পথৰ দাঁতিত পেলাই তাৰ ওপৰত মূত্ৰ বিসৰ্জন কৰিবলৈ ধৰিলোঁ। দৃশ্য তিনিঃ এবাৰ আবতৰীয়া বতৰত কোমোৰা ৰুইছিলোঁ। ভঁৰালৰ চালত বগাবলৈ দিছিলোঁ। কোমোৰাও লাগিল ঢেৰ। ইয়াৰে কেইটামান এদিন মঙলবৰীয়া বজাৰলৈ লৈ গ’লোঁ। কোমোৰাবোৰ তৎক্ষণাৎ বিক্রী হ’ল। আৰ্জিত ধনেৰে মই স্কুলৰ ইউনিফৰ্মৰ হাফ পেন্ট এটা কিনিলোঁ। মোৰ স্কুল যাবলৈ পেন্ট নাছিল। ততাতৈয়াকৈ ঘৰলৈ আহি কিনি অনা পেন্টটো পিন্ধি স্কুললৈ দৌৰিলোঁ। তেতিয়া মই সপ্তম শ্রেণীত। দৃশ্য চাৰিঃ ককাই সপ্তম-অষ্টম শ্রেণীত থাকোঁতে এদিন ডাঙৰ কুকুৰা এটা লৈ বৰডুমচা বজাৰলৈ গ’ল। আমাৰ ঘৰৰ পৰা বৰডুমচা বহুদূৰ। চাইকেলেৰে এক-ডেৰঘণ্টাৰ বাট। ককাই গৈছিল চুবুৰিৰ আন প্রাপ্তবয়স্ক মানুহৰ লগত। বজাৰত হেনো দুজন মানুহে কুকুৰাটো কিনিম বুলি ককাইক একাষৰীয়াকৈ মাতি নিলে। নির্জন ঠাই পোৱাৰ পাছত তাক মানুহ দুটাই ভাবুকি দিলে- ‘তই কুকুৰা এৰি এতিয়াই পলা, নহ’লে তোক ইয়াতে খতম কৰি দিম।’ সি পলাল। সেইদিনা ৰাতি ঘৰত দুৰ্ঘোৰ কাজিয়া। মায়ে দেউতাক গালি দিছিল- ‘আপুনি এই পেন্দুকণা ল’ৰাটোক অকলে বজাৰলৈ কিয় পঠাইছিল?’ দেউতাই চুবুৰীয়াক গালি দি আছিল- ‘ল’ৰাটো বজাৰলৈ নি সিহঁতে তাক অকলে কিয় এৰি দিছিল?’
দৃশ্য পাঁচঃ মই নবম শ্রেণীত থাকোঁতে এদিন কুকুৰা দুজনী লৈ মহাদেৱপুৰ বজাৰলৈ গ’লোঁ। সেই সময়ত কুকুৰাৰ মহামাৰী চলিছিল। মোৰ কুকুৰা দুজনী মৰেই আৰু যেনে তেনে বজাৰ পালেই বক্ষা। দুজনী কুকুৰাৰ দাম মই পঁয়সত্তৰ টকা বাখিলোঁ। বিহাৰী সম্প্ৰদায়ৰ হোটেলৰ মালিক এজনে আহি দাম সুধিলে, মই ক’লোঁ। তেওঁ ক’লে যে দামটো অতিৰিক্ত হৈছে। তেৱেঁই পৰামৰ্শ দিলে যে ওজন কৰি দাম নির্ধাৰণ কৰা হওক। মই তৎক্ষণাৎ মাস্তি হ’লোঁ। ওজন কৰাত কুকুৰা দুজনীৰ দাম ওলাল এশ বিশ টকা। মানুহজন মাস্তি হ’ল। মই টকা লৈ তৎক্ষণাৎ উধাও হ’লোঁ। মোৰ বিশ্বাস যে মই আঁতৰি অহাৰ পিছমুহূৰ্ততে কুকুৰা দুজনী মৰিছিল। দৃশ্য ছয়ঃ এই দৃশ্যটো মোৰ বাবে অলপ সংবেদনশীল। শৈশৱত ঘৰুৱা খেতি-পথাৰত শ্রমদান কৰিব লগা হ’লেও আনৰ ঘৰত গৈ মজদুৰী কৰিব লগা হোৱা নাছিল। কিন্তু দুবাৰমান হৈছিল। এবাৰ আমাৰ গাঁৱৰ ৰাস্তাটো বন্ধাবলৈ পঞ্চায়তৰ ফালৰ পাৰ সাহায্য আহিল। লগে লগে ৰাস্তাত গৈ বনুৱাৰ ভিৰ লাগিল। দেউতাৰ সৈতে ময়ো গ’লোঁ কান্ধত কোৰ লৈ। দেউতা আৰু মই দুয়ো সফলভাবেই মজদুৰীৰ তালিকাত অন্তর্ভুক্ত হ’লোঁ। কিন্তু পিছতীয়াকৈ অহাবোৰৰ নাম তালিকাত নোসোমাল। তেওঁলোকে তৎক্ষণাৎ প্রতিবাদ কৰিবলৈ ধৰিলে- ‘একেঘৰ মানুহৰ দুটাকৈ নাম লিষ্টত আছে, অথচ আমাৰ এটাও নাই। ই কেনেকৈ সম্ভব? এয়া অন্যায়।’ কথাটোৱে দেউতাৰ গাত বিন্ধিল, দেউতায়ো প্রতিবাদ কৰিলে- ‘যি আগেয়ে আহে সিয়েই কাম পাব। শুই থকা শিয়ালক এতিয়া হাঁহ খাবলৈ লাগে বুলিলেই হ’ব নেকি?’ সেইদিনা দেউতাই মোৰ নামটো মজদুৰৰ তালিকাখনত ৰাখিবলৈ বহু চেষ্টা কৰিও বিফল হৈছিল। দেউতাৰ সেমেনা-সেমেনি, ব্যর্থ চকু দুটা মোৰ স্মৃতিত এতিয়াও জলজল পটপটকৈ জিলিকি উঠে। যিমানে কৈ যাওঁ, সিমানেই ওলাই আহে অতীতৰ বুকুত পোত খাই থকা কথাবোৰ। শৈশৱৰ আৰু বহুত ঘটনাই মনত জুমুৰি দি থাকিলেও সেইবোৰ ইয়াত যুগুত নহয় যেন পাওঁ। সেয়েহে জীৱনৰ সোঁতত অলপ মোৰ কৈশোৰ, কৈশোৰ উত্তীৰ্ণ কালৰ কথাকেই ক’বলৈ লৈছোঁ। মই দশম শ্রেণী পালোঁগৈ। মেট্রিক দিবৰ হ’ল। পৰিয়ালৰ সেই মুহূৰ্তটো আহিল-যি মুহূৰ্তৰ ফলাফল কেৱল ব্যর্থতা। প্রথম, মাজু পেহীয়ে মেট্রিক দিছিল, দ্বিতীয়তে সৰুপেহী, তাৰ পাছত বাইদেউ আৰু মোৰ আগৰ বছৰ ককায়ে। পৰিয়ালত মোৰ আটাইবোৰ অগ্রজই ইতিমধ্যেই এই পৰীক্ষাত বিফল হৈছে। মাজু পেহী আৰু সৰু পেহীয়ে কেইবাৰকৈ
এই পৰীক্ষা দিছিল নাজানো, কিন্তু বাইদেবে একেৰাহে চাবি বছৰ পৰীক্ষা দিও উত্তীর্ণ হ’ব পৰা নাছিল। সৰুপেহীয়ে এবাৰ পৰীক্ষাত উত্তীর্ণ হোৱা বুলি মিছাকৈয়ে ঘোষণা কৰিছিল। পিছে, মার্কশিট দেখুৱাব নোৱাৰি কেইদিনমানৰ পাছত দেউতাৰ ৰোষত পৰিছিল। দেউতাই তিৰস্কাৰ কৰিছিল- ‘তই যদি পৰীক্ষাত পাছ কৰিছিলিয়েই, মার্কশীট দেখুৱা।’ দেউতা বৰ নিৰাশ হৈ পৰিছিল, কেতিয়াবা গধূলি দেউতাই ঘৰত কন্দলৰ সৃষ্টি কৰিলে প্রায়ে কৈছিল- ‘ইমানবোৰ ল’ৰা-ছোৱালীক পঢ়িবলৈ সুবিধা কৰি দিলোঁ, মোক কোনেও মেট্রিক পাছৰ চাৰ্টিফিকেট আনি দিব নোৱাৰিলি।’ মায়ে কথাত থাপ মাৰি ধৰিছিল- -সকদৌ পঢ়াত ভাল, সি পাৰিব। -গোবৰুৱাই যিমান চেষ্টা কৰিলেও বেছি ওপৰলৈ উৰিব নোৱাৰে। ইফালে আমাৰ স্কুলৰ ৰিজাল্টো তৎস্বরূপ। স্কুলখনৰ পৰা প্ৰত্যেক বছৰেই এক বা দুই ছাত্র-ছাত্রীয়েহে মেট্রিকত পাছ কৰে। পৰীক্ষা দিয়ে ত্রিশ-চল্লিশজনে, উত্তীর্ণ হয় এক বা দুগৰাকী। মই পৰীক্ষা দিয়াৰ আগৰ বছৰ কোনো ছাত্ৰ-ছাত্ৰীয়েই পৰীক্ষাত পাছ কৰা নাছিল। অর্থাৎ ফলাফল শূন্য। এনে নিৰাশাজনক ফলাফলে আমাক বেচ শংকিত কৰি তুলিছিল। তদুপৰি স্কুলখনৰ ওঠৰ বছৰীয়া ইতিহাসত (মই পৰীক্ষা দিয়াৰ আগলৈকে) কোনেও প্রথম বিভাগত পৰীক্ষা পাছ কৰা নাছিল। দ্বিতীয় বিভাগ পাইছিল দুই-এজনে। অর্থাৎ, আমাৰ ঘৰ আৰু স্কুলৰ বুৰঞ্জী চালে অনুমান কৰিব পাৰি যে মই পৰীক্ষাত ফেইল কৰাৰ অৱকাশ বহুত। কিন্তু স্বস্তিৰ কথা আছিল যে মই আমাৰ শ্ৰেণীত সদায়ে প্রথম হৈ উত্তীর্ণ হৈছিলোঁ। তাকো মোৰ আৰু দ্বিতীয় হোৱা ছাত্ৰ-ছাত্ৰীৰ মাজত বিস্তব নম্বৰৰ পাৰ্থক্য আছিল। সেই হিচাপে প্রত্যেকে ধৰি লৈছিল যে মই পৰীক্ষাত পাছ কৰাটো ধুৰূপ। কোনো কোনোরে কৈছিল- ‘কবুলে ফার্স্ট ডিভিজন পাব।’ আনবোৰে হাঁহিছিল (বিদ্রূপৰ হাঁহি।), কৈছিল- ‘ফার্স্ট ডিভিজন? কৈলাসপুৰৰ পৰা ফার্স্ট ডিভিজন পোৱাটো অলিম্পিকত ভাৰতে সোণৰ পদক পোৱাৰ দৰে।’ কথাটো সঁচা- কৈলাসপুৰেই আছিল আমাৰ দেশ, আমাৰ মাতৃভূমি। আমি বাস কৰিছিলোঁ ঠেক পৰিবৃত্তৰ মাজত। সেই হেতুকে ভাৰতে অলিম্পিকত স্বর্ণ পদক পোৱাটো যেনেদৰে কঠিন হিচাপে বিবেচিত হৈছিল, ঠিক তেনেকৈয়ে কৈলাসপুৰৰ পৰা মেট্ৰিকত প্রথম বিভাগ পোৱাটো এক আগেয়ে নোহোৱা-নোপজা কথা আছিল। (অৱশ্যে আজিৰ যুগত মেট্রিকত প্রথম বিভাগ পোৱাটো কেনে এক সাধাৰণ কথা, কিন্তু আমি বাস কৰা প্ৰত্যাহ্বানৰ পৃথিৱীখনত সেয়াই আছিল কৃতকার্যতাৰ শ্রেষ্ঠতম কথা। মই ভিতৰি ভিতৰি ভয় খালেও, নিজকে প্রবোধ দিলোঁ- পৰীক্ষালৈ প্রস্তুত হ’ব লাগিব। সেয়েহে, ঘৰুৱা দৈনন্দিন কাম হালবোৱা, খেতি কৰা, বজাৰ কৰা তথা ঘৰ চলোৱাৰ মাজতো অলপ সময় উলিয়াই পঢ়াত মনোনিৱেশ কৰিলোঁ। আমাৰ স্কুলত
বিজ্ঞানৰ শিক্ষক নাছিল। ফলত দশম শ্ৰেণীৰ বছৰটোত আমাৰ শ্ৰেণীত বিজ্ঞানৰ পাঠদান একেবাৰে হোৱা নাছিল। মই বিজ্ঞান ঘৰতেই পঢ়িছিলোঁ। বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাছিলোঁ, কাৰণ পাঠ্যপুথিত (বিজ্ঞানৰ) পাঠবোৰ বুজি পোৱাকৈয়ে লিখা আছিল। সেই সময়তেই বিজ্ঞানৰ দৰে গভীৰ বিষয় এটা স্ব-পঠনৰ যোগেদি আয়ত্ত কৰাৰ বাবে মোৰ দূৰ-ভৱিষ্যতত বেচ সহায় হৈছিল। কাৰণ মই আমেৰিকাত গৱেষণা কৰিবলৈ অহাৰ পাছত মোৰ আণৱিক জীৱবিজ্ঞানৰ বেছি জ্ঞান নথকাত, ঠিক একেদৰেই, স্ব-পঠনব যোগেদিয়েই নজনা কথাবোৰ আয়ত্ত কৰিব লগাত পৰিছিলোঁ। স্ব-পঠনৰ মহিমাক মই এনেদৰে গুৰুত্ব দিওঁ- আনে পঢ়ালে, আনে দেখুওৱা বাটেৰে গ’লে কেরল আনে দেখা ঠাইহে চাব পাৰি, নতুন ঠাই, নতুন উদ্ঘাটন-আৱিষ্কাৰ কৰিব নোৱাৰি। কিন্তু বিজ্ঞানব উদ্দেশ্যই হ’ল নতুন আৱিষ্কাৰ, নতুন উদ্ঘাটন। মোৰ পৰীক্ষাৰ বাবে মই অথবা আমাৰ দেউতাহঁত চিন্তিত হোৱাৰ অন্য এটা কাৰণ আছিল আমাৰ জীৱনটো আছিল পথাৰৰ কোনো এডৰা মাটিত ভেটি থোৱা পানীৰ দৰে। আমাৰ জীৱনৰ হা-হুতাশ-ব্যর্থতা পথাৰডৰাত বন্দী হৈ থকা পানীখিনিৰ দৰে, ঠেক পৰিসৰৰ। প্ৰখৰ তাপত ভাপ হৈ উৰি যোৱা বা মাটিয়ে শুহি লোৱা বন্দী পানীৰ দৰে। আমাৰ জীৱনৰ মূল, শ্রম-যন্ত্রণা সকলো প্রোথিত হৈ আছিল গাঁৱৰ জীৱনতে। পৰিত্ৰাণৰ পথ নাছিল। পাৰ ভাঙি বন্দী পানীক নদীলৈ বোৱাই দিব পৰাটোৱেই যেন আমাৰ পৰিত্ৰাণৰ একমাত্র পথ।
পৰিত্ৰাণৰ পথ এটা সন্ধান কৰি থকা পৰিয়ালটোৰ বাবে মই মেট্রিক পাছ কৰাটো আছিল অতি গুৰুত্বপূর্ণ। এইটোৱেই আছিল একমাত্র পথ। পৰিয়ালৰ ঊৰ্ধত মোৰ ব্যক্তিগত জীৱনৰ বাবেও ই আছিল এক দিশ নির্ণায়ক। পৰীক্ষাত যদি কৃতকার্য নহওঁ তেন্তে ময়ো দেউতাৰ দৰে আজীৱন খেতি কৰি সীমাহীন যন্ত্রণাত বন্দী হৈ ওৰে জীৱন কটাব লাগিব। কেইডৰামান মাটিকে বুকুত খামুচি সেই একেই কণ্টকময় বাটত বাট বুলিব লাগিব। ঘৰৰ চাউলেৰে যেতিয়া বছৰটো নুজুৰিব তেতিয়া সেই একেই উদ্বিগ্নতাত ভুগিব লাগিব। জাৰৰ দিনত ঠাণ্ডা গুচাবলৈ ল’ব লাগিব আইতাই ফটাকানিৰে বৈ দিয়া কেঁথা কাপোৰ। তাতোকৈ ডাঙৰ কথা, দেউতাৰ মাটিখিনি চাৰি ভাগত ভাগ হ’ব চাৰিটা পুত্ৰৰ বাবে। দেউতাই আটাইখিনি মাটিৰেই দৰিদ্ৰতাৰ জীৱন কটায় তাতে যদি এই মাটিখিনিকে চাৰিভাগ কৰা হয় আমি কেনেকৈ জীৱন নিৰ্বাহ কৰিম? পাৰিম জানো ভোক-পিয়াহ দূৰ কৰিব? পাৰিম জানো মানুহৰ ন্যূনতম প্রয়োজনখিনি যোগান ধৰিব? মোৰ সন্মুখত দুখন ছবি ভাহি উঠিছিল। এখনত আছিল জীর্ণ উৰুখা চালৰ ঘৰত বাস কৰা শীর্ণকায় মোৰ মা-দেউতা, আনখনত নগৰীয়া সভ্যতাৰ ভাস্কৰ প্রতিবিম্ব। মই যেন বন্দী হৈ আছিলোঁ প্রথমখন পৃথিবীত। প্রথমখনৰ পৰা দ্বিতীয়খনলৈ যেন দূৰত্ব বহুযোজন। কেৱল মেট্রিক পাছৰ যোগেদি মই এই দূৰত্ব অতিক্রম কৰিব পাৰিম। মই মোৰ মগজুৰ নিভৃতত এক সপোন দেখিবলৈ লৈছিলোঁ- এখন কষ্টহীন মনোৰম পৃথিৱীৰ।
অলেখ কষ্ট স্বীকাৰ কৰিও মই পৰীক্ষাৰ বাবে প্রস্তুত হৈ উঠিলোঁ। ঘৰত থাকিলে পঢ়া নহয় বাবে পৰীক্ষাৰ তিনি মাহৰ আগতেই কাকপথাৰত গৈ বর্ডিং ঘৰত থাকিবলৈ ল’লোঁ। পৰীক্ষা আৰম্ভ হ’ল মার্চ মাহত। বহাগ বিহুৰ আগে আগে পৰীক্ষা সামৰি ঘৰলৈ উভতিলোঁ। উদ্বিগ্নতাৰে, ঘৰত সকলোৱে পৰীক্ষাৰ খবৰ ল’লে।
-‘পৰীক্ষা পাছ কৰিবিতো?’ মায়ে সুধিলে।
-‘নাজানো, হিন্দী খুউব বেয়া হৈছে, ইংৰাজীও।’ মই ক’লোঁ।
-‘তই পৰীক্ষা পাছ নকৰিলে কি যে কৰিম!’ মায়ে চাদৰৰ আঁচলেৰে চকু মচিলে।
তাৰ পাছত বহু প্রতীক্ষাৰ অন্তত গ্ৰীষ্মকালৰ এদিন সন্ধিয়া ৰেডিঅ’ত ছয় বাজি কাইলৈ মেট্রিক পৰীক্ষাৰ বিজাল্ট পঞ্চল্লিশ মিনিটৰ আঞ্চলিক বাতৰিত ঘোষণা কৰিলে দিব। জুলাই মাহৰ দহ তাৰিখৰ দিনৰ এঘাৰ বজাত।
সেই দিনটো আহিল। বুকুৰ ধন্ধপনি বাঢ়িল।
সেইদিনা ৰাতিপুৱা মই হাল বাবলৈ নগ’লোঁ। ককাই আৰু দেউতাই হাল লৈ গ’ল।
পুরা ছয়মান বজাত মায়ে পথাৰত হালোৱাৰ জলপান দিবলৈ যাওঁতে মোকো ভাত একাহী দি গ’ল। আৰৈ চাউলৰ ভাতৰ লগত কঁঠাল গুটি আৰু ভাতকেৰেলা পিটিকা। খাবৰ পৰত ক’লে- ‘তই সোনকালে ওলা, নহ’লে বাছ নাপাবিগৈ।’ বাছ ধৰিবলৈ টঙনালৈকে খোজেৰে যাব লাগে। পুৱা ছয় বজাত আৰ এছ, আঠ বজাত অমৰ আৰু ন বজাত মিলন বাছ টঙনাৰ পৰা যায়। আৰ এছত যোৱাৰ কথাই নাহে, ৰিজাল্ট এঘাৰ বজাতহে দিব। কাকপথাৰত ৰিজাল্ট দিওঁতে দুই মান বাজিব, কাৰণ তিনিচুকীয়াৰ সদৰতহে দিনৰ এঘাৰ বজাত ৰিজাল্ট ওলাব। অর্থাৎ মই ৰিজাল্ট ল’বলৈ ন বজাৰ মিলন বাছত গ’লেও হ’ব। তথাপি মই ঘৰৰ পৰা সোনকালেই ওলালোঁ। খোজেৰে যাব লাগিব এক ঘণ্টামান টঙনালৈকে। তাতে বাৰিষাৰ ৰাস্তাত ঠায়ে ঠায়ে আঁঠুলৈকে বোকা। বিশেষকৈ টঙনা বাগান পোৱাৰ আগতে পথাৰৰ মাজৰ আলিটোত কেইবাঠাইতো ছিগা আছিল। এই ছিগাবোৰত পানী কঁকালৰ ওপৰলৈকে উঠে। পেন্ট পিন্ধি পাৰ হ’ব নোৱাৰি, হাতত গামোচা এখন কঢ়িয়াই নিব লাগে, যাতে এই ছিগাবোৰ পাৰ হওঁতে পেন্ট খুলি কঁকালত গামোচাখন মেৰিয়াই ল’ব পাৰি। ভবিত চেণ্ডেল পিন্ধাৰ কথাই নাহে। টঙনা বাগানৰ মাজেৰে খোজ কাঢ়ি গৈ থাকোঁতে মোৰ মনলৈ কিছুমান অদ্ভুত চিন্তা আহিবলৈ ধৰিলে। যদি পৰীক্ষাত ফেইল কৰোঁ, তেন্তে মই কি কৰিম? অহা বছৰকৈ আকৌ দিম? নে উত্তীর্ণ হ’ব নোৱৰাৰ ভৰ সহিব নোৱাৰি ক’ৰবালৈ পলাই যাম? পলাই যদি যাওঁ ক’লৈ যাম? মইতো জীৱনত কেতিয়াও কাকপথাৰৰ বাহিৰ হৈ পোৱা নাই। তিনিচুকীয়ালৈও কেতিয়াও যোৱা নাই। পলাই গ’লোঁৱেই যেনিবা, কি কৰিম? অৱশ্যে ক’ৰবাত গৈ বাছৰ হেণ্ডিমেন হ’ব পৰা যাব। ক্ষণিকৰ বাবে মোৰ মনটো উৎফুল্লিত হৈ উঠিল। বেছ, বাছৰ হেণ্ডিমেন হোৱাটোৱেই বেছ হ’ব। তথাপি পৰীক্ষা ফেইল কৰিলে লাজমনে মই উভতি নাহোঁ। ওহোঁ। লাগিলে ক’ৰবাত গেৰেজত কাম কৰিম, হোটেলত বয় হ’ম, ইটাভাতাত বনুৱা হ’ম…। এইদৰে পৰীক্ষাত ফেইল কৰিলে কি কৰিম তাৰ নানানটা বিকল্প মোৰ মগজুৰে পাৰ হৈ গ’ল।
মই কাকপথাৰ গৈ পাওঁতে বেলি আহি মূৰৰ পোন পালেহি। সেইদিনা প্রচণ্ড গৰম পৰিছিল। ঘর্মাক্ত শৰীৰেৰে মই যেতিয়া কাকপথাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সন্মুখ পালোঁ, তেতিয়া পৰীক্ষাৰ ৰিজাল্ট ল’বলৈ অহা ল’ৰা-ছোৱালীয়ে স্কুলৰ সন্মুখত জুম বন্ধা আৰম্ভকৰিলেই। এই পৰীক্ষা কেন্দ্ৰটোত আমাৰ দৰে বহুতো স্কুলৰ শিক্ষার্থীয়ে পৰীক্ষা দিছিল। জুমটোৰ ফালে আগবাঢ়ি যাওঁতে কোনোবাই চিঞৰিলে- ‘ৰিজাল্ট অহা নাই, আহি পাওঁতে হেনো দুই-আঢ়ৈমান বাজিব।’ তৎক্ষণাৎ ৰিজাল্ট অহাৰ কোনো সম্ভাৱনা নেদেখি মই ইফালে সিফালে পায়চাৰি কৰিবলৈ ধৰিলোঁ। এপাকত মই ঝলী বাইদেউৰ ঘৰলৈ গ’লোঁ, য’ত মই মেট্রিক দিয়াৰ সময়ত বৰ্ডিং কৰি আছিলোঁ। মোৰ মগজুত স্নায়বিক ক্রিয়া-কলাপ বাঢ়িবলৈ ধৰিলে। মই অস্থিৰ হৈ পৰিছিলোঁ। কি হ’ব ৰিজাল্ট? মোৰ হিন্দীৰ পৰীক্ষা একেবাৰে বেয়া হৈছিল। মেট্ৰিকৰ আগৰ বাছনি পৰীক্ষাত মই ইতিমধ্যে হিন্দীত ফেইল কৰিছিলোঁ। মই মনে মনে প্রার্থনা কৰিলোঁ যাতে হিন্দী আৰু ইংৰাজীত কাণে কাণ মাৰি পাছ কৰিলেও আপত্তি নাই, বাকীবোৰত যে মই ভালকৈয়ে পাছ কৰিম সেয়া নিশ্চিত। ঠিক দুই বজাৰ লগে লগে স্কুলৰ যি ঠাইত নটিচ ব’ৰ্ডখন আছিল, সেই ঠাইত বিৰাট ভিৰ লাগিবলৈ ধৰিলে। ছাত্ৰ-ছাত্ৰীৰ মাজত ঠেলা-ঠেলি আৰম্ভ হ’ল। আৰু ঠিক আঢ়ৈ বজাত নটিচ ব’ৰ্ডত ৰিজাল্ট আহি লাগিল। মই উদগ্ৰীৱতাৰে ব’ৰ্ডৰ ফালে দৌৰিলোঁ। কিন্তু ইমান ভিৰত একোকে নেদেখি। যিবোৰে নিজৰ ৰিজাল্ট দেখিলে, সিহঁতে চিঞৰিবলৈ ধৰিলে- ‘মই পাছ, মই পাছ।’ যিবোৰে ফেইল কৰিলে, সিহঁতে নীৰৱে আঁতৰি গ’ল। কিছুমানে অভিভাৱকৰ সৈতে বিজাল্ট চাবলৈ আহিছিল, সিহঁতে স্কুলৰ খেলপথাৰতে হৰ্য-উল্লাসেৰে উদ্যাপন কৰিবলৈ ধৰিলে। মই ভিৰ ফালি নটিচ ব’ৰ্ডৰ কাষলৈ যাবলৈ বাৰে বাৰে চেষ্টা কৰিও ব্যর্থ হৈছিলোঁ। ইমান ঠেলা-হেঁচা। কিন্তু এপাকত মই ব’ৰ্ডখনৰ তেনেই সমীপত অৱস্থান কৰিবলৈ সক্ষম হ’লোঁ। ক্ষুধাতুৰ দুচকুৰে তৎক্ষণাৎ নটিচ ব’ৰ্ডখন পিঙ্গিতাই চাবলৈ ধৰিলোঁ। ক’ত, ক’ত মোৰ নম্বৰ? মই এফালৰ পৰা চাই গৈছোঁ- একৰ পৰা চাৰিশলৈকে- কিন্তু ক’তো মোৰ নম্বৰ নাই দেখোন? এবাৰ, দুবাৰ কেইবাবাৰো মই নটিচ বর্ড পিপিতাই চালোঁ,