লগে লগে প্রচণ্ড শব্দ কৰি মিলিটেৰীৰ গাড়ী ওপৰলৈ উৰি গৈছিল। একুৰা বৃহৎ জুয়ে গাড়ী ছানি ধৰিছিল। গাড়ীৰ পৰা কেইটামান মিলিটেৰীৰ ক্ষত-বিক্ষত শৰীৰ উফৰি আহি আমি ৰৈ থকা খাৱৈত পৰিছিলহি, আমাৰ ঠিক কাষতে। আমি ভাবিছিলোঁ আমাৰ ওপৰতে মিলিটেৰীৰ আক্ৰমণ। তৎক্ষণাৎ অস্ত্র-শস্ত্র উলিয়াই আমি আক্রমণ কৰিবলৈ ধৰিলোঁ মিলিটেৰীকেইজনক। এনেদৰে আক্ৰমণ কৰোঁতেই তেওঁলোকৰ শৰীৰৰ পৰা তেজ ছিটিকি আহি আমাৰ গাত পৰিলহি। আমি তৎক্ষণাৎ সেই ঠাই ত্যাগ কৰিলোঁ।’
আইতাই কৈছিল- ‘ছিঃ ছিঃ বোপাহঁতে বাৰু ক’ৰ অজাতি মানুহৰ তেজ আনি ঘৰ সোমাইছহি।’
শকতজনে কৈছিল- ‘অজাতিয়ে আমাৰ তেজ শুহি শেষ কৰিলে, আইতা।’ সেইদিনা গধূলি সংগঠনৰ সদস্যকেইজনৰ হাতত কিছুমান নতুন যন্ত্র-পাতি দেখা গৈছিল। যন্ত্ৰসমূহৰ প্রতি আমাৰ উৎসুক্য বাঢ়িছিল। আমি কিতাপৰ টেবুললৈ নগৈ তেওঁলোকৰ আশে-পাশেই অৱস্থান কৰিছিলোঁ। নতুন যন্ত্রবিধ অর্থাৎ ৱাৰলেছৰ যোগেদি তেওঁলোকে দূৰৈত থকা সতীৰ্থৰ সৈতে কথা পতা চাই আমি তবধ মানিছিলোঁ। তেনেতে ৱাৰলেছৰ যোগেদিয়েই কোনোবা অজান ঠাইৰ পৰা বাৰ্তা আহিছিল যে এই অঞ্চলটো তেওঁলোকৰ বাবে সুৰক্ষিত নহয়। ইতিমধ্যে মিলিটেৰী আহি অঞ্চলটোত উপস্থিত হৈছেহি। ৰাতিটোৰ ভিতৰতে তেওঁলোকে এই অঞ্চল ত্যাগ কৰিব লাগে। শীঘ্রেই। সদস্যসকলক চিন্তিত হোৱা দেখা গৈছিল। হঠাৎ তেওঁলোকৰ তৎপৰতা বাঢ়িছিল। আৰু অকণো পলম নকৰি তেওঁলোকে আন্ধাৰৰ মাজত হেৰাই গৈছিল।
ইয়াৰ পৰৱৰ্তী দিনকেইটাত আমাৰ অঞ্চলটো কিছু শান্ত হৈ থাকিলেও সেই বছৰৰ শেষৰৰ ফালে মিলিটেৰীৰ অত্যাচাৰ ব্যাপকভাবে বৃদ্ধি পাইছিল। আঘোণ মাহৰ শেষৰ ফালে পথাৰত ধান দোৱাৰ ভৰপক হওঁতেই লানি নিছিগা শাৰীৰ মিলিটেৰী উপস্থিত হৈছিলহি। দিনে-নিশাই মিলিটেৰীৰ গুৰুপ-গাৰাপ ভৰিৰ শব্দ, জনতাৰ হা-হুতাশ, চিঞৰ-যন্ত্রণা।
চৌপাশ আতংকময়।
মই তেতিয়া তৃতীয় নে চতুর্থ শ্রেণীত পঢ়িছিলোঁ। আমাৰ গাঁৱৰ পশ্চিম দিশত আছিল মই পঢ়া প্রাথমিক বিদ্যালয়খন। আমাৰ বিদ্যালয়ত দুজন শিক্ষক আছিল। প্রধান শিক্ষকজন আহিছিল টঙনাৰ পৰা। ছাৰে বহুদূৰ বাট খোজেৰেই আহিছিল, ফলত তেওঁ স্কুলত উপস্থিত হওঁতে প্রায়ে পলম হৈছিল। এদিন ছাৰ তেনেদৰে পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাৰ মুহূৰ্তত ইতিমধ্যে আমাৰ বিদ্যালয়ত মিলিটেৰীয়ে অৱস্থান কৰিছিল। মিলিটেৰী দেখি আমি ভয়ত পেপুৱা লাগি শ্রেণীকোঠাতে বহি আছিলোঁ। ছাৰ বিদ্যালয়ত উপস্থিত হোৱাত দুজনমান মিলিটেৰীয়ে তেওঁক একাষলৈ মাতি নিছিল। অলপ পাছত ছাৰ আহি আমাক, ছাত্র-ছাত্রীসকলক আদেশ দিছিল- আমি আটায়ে বিদ্যালয়ৰ বাহিৰলৈ ওলাব লাগে। আটায়ে শৃঙ্খলাবদ্ধভাবে।’ আমি শাৰীপাতি পাতি বাহিৰলৈ ওলাইছিলোঁ। বাহিৰত পথৰ কাষত আমাক মিলিটেৰীয়ে আদেশ দিছিল- আমি আটায়ে কাণত ধৰি আঁঠু কাঢ়িব লাগে। আনকি আমাৰ ছাৰকো আদেশ দিছিল, যাতে ছাবেও তেনে কবে। মোৰ মনত আছে- ছাৰে অতি দ্বিধাগ্রস্ততাৰে, অথচ বাধ্য ছাত্ৰৰ দৰে মোৰ কাষতে কাণত হাত ধৰি আঁঠু কাঢ়ি বৈছিল। আমাক আদেশ দিয়া হৈছিল- আমি যাতে লৰচৰ নকৰোঁ, ক’লৈকো যোৱাৰ চেষ্টা নকৰোঁ। কাৰণ সেইদিনা মিলিটেৰীয়ে গাঁৱৰ ঘৰে ঘৰে সোমাই তালাচী চলোৱাৰ দিন। এনে তালাচী চলোৱাৰ মুহূৰ্তত যদি কোনোবাই হকা-বাধা কৰে, তেন্তে তেওঁ চৰম শাস্তিৰ সন্মুখীন হ’ব লাগিব। ইতিমধ্যে গাঁৱৰ সকলো মানুহকে অন্য এখন খেলপথাৰলৈ লৈ যোৱা হ’ল। মিলিটেৰীৰ আদেশত গাঁওখন এফালৰ পৰা খালী কৰি দিয়া হ’ল। তালাচী শেষ হ’লেই মানুহবোৰক ঘৰলৈ যাবলৈ দিয়া হ’ব, কিন্তু তেতিয়ালৈ সকলোৱে খেলপথাৰত থাকিব লাগিব- আঁঠু কাঢ়ি, কাণত ধৰি। সুঠাম শৰীৰৰ ডেকাবোৰক অন্য এঠাইলৈ লৈ যোৱা হ’ল। বিনাদোষে সিহঁতৰ শৰীৰত চলিল অত্যাচাৰ। বাধা দিব খোজাজনৰ ওপৰত দুগুণ অত্যাচাৰ চলিল। এনে অমানুষিক অত্যাচাৰৰ কোবত খেনো হৈ পৰিল পংগু। আকৌ কিছুমান সাহসী ডেকাই পলাই গৈ ধাননিৰ মাজত সোমাল। কিন্তু কেতিয়াবা ধাননি পথাৰৰ পৰা দুই এক ডেকাক মিলিটেৰীয়ে উদ্ধাৰ কৰি আনিছিল। পাছত পলৰীয়া ডেকাই পোৱা শাস্তিৰ কথা শুনিলে মানুহে চকুপানী টুকিছিল। সেইদিনাই আমাৰ বিদ্যালয়ৰ দ্বিতীয়জন শিক্ষককো মিলিটেৰীয়ে ধৰি লৈ গৈ অমানুষিক শাস্তি দিছিল। বেলি লহিওৱাৰ পৰত মানুহবোৰক ঘৰা-ঘৰি যাবলৈ দিয়া হৈছিল। ভোক-পিয়াহ আৰু নানান শাস্তিত ক্ষত-বিক্ষত মানুহবোৰে বেগাই ঘৰলৈ ঢাপলি মেলিছিল। দিনটোব অন্তত মিলিটেৰীবোৰো উভতি যাবলৈ ওলাইছিল। আমাৰ অঞ্চলৰ আকাশ-বতাহ কঁপাই শাৰী-শাৰীকৈ তেওঁলোক উভতি গৈছিলগৈ। আন্ধাৰ হোৱাৰ পাছত ক’ৰ পৰা জানো আলফাৰ সদ্যসকল আমাৰ গাঁৱৰ অলিয়ে-গলিয়ে আকৌ ওলাইছিলহি। তেনেকৈয়ে চলিছিল উৎপীড়নৰ এই শৃংখল। মোৰ কিশোৰ মনত দাগ পেলোৱা ঘটনাবোৰৰ ভিতৰত সেনাবাহিনীয়ে সৃষ্টি কৰা সন্ত্রাস অন্যতম। এই ঘটনাবোৰে মোৰ মস্তিষ্কত এনেদৰে চিন বহুৱাইছিল যে এতিয়াও মোৰ দুঃস্বপ্নত এনে ঘটনাবোৰৰেই পুনৰাবৃত্তি ঘটে। মই প্রায়ে সপোনত দেখোঁ যে মিলিটেৰীয়ে মোৰ পিছলৈ আহিছে, মই পার্যমানে পলাবলৈ চেষ্টা কৰিছোঁ। মই পলাব পৰা নাই, মিলিটেৰী মোৰ ওপৰত জঁপিয়াই পৰিছে। মই বাচিবলৈ যুঁজ দিছোঁ কিন্তু পৰা নাই। মোক আক্ৰমণ কৰিছে, গুলী আহি মোৰ শৰীৰ পাৰ হৈ গৈছে। দি অথচ সাৰ পাই দেখিছোঁ মই জীবিত। এই দুঃস্বপ্নটো মোৰ জীৱনত এতিয়ালৈকে কিমান বাৰ দেখিছোঁ তাৰ কোনো লেখ- জোখ নাই। মই চতুৰ্থ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ উত্তীর্ণ হ’লোঁ। মোৰ বয়স ন বছৰ। চাৰি বছৰ আমাৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ অন্তত মই কৈলাসপুৰৰ মধ্য ইংৰাজী বিদ্যালয়ত পঢ়িবলৈ যাব লাগিব। এদিন দেউতাই পথাৰৰ পৰা ধান কঢ়িয়াই থাকোঁতেই কৈলাসপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকজন দেউতাৰ কাষেৰেই পাৰ হৈ গৈছিল। তেখেতক দেখি দেউতাই সুধিছিল- ‘ককাইদেউ, মোৰো ল’ৰা এটা আপোনালোকৰ স্কুললৈ পঠিয়াম বুলি ভাবিছোঁ, পৰা হ’বনে?’ শিক্ষকজনে কৈছিল- ‘পাৰিবি পাৰিবি। ল’ৰাটো পঢ়াত ভাল নে?’ দেউতাই কৈছিল- ‘বেয়া নহয়।’ মই পঢ়াত বৰ ভালো নাছিলো, বেয়াও নাছিলোঁ। অৱশ্যে ভাল-বেয়া নির্ধাৰণৰ মান ক’ত? আমাৰ শ্ৰেণীত (চতুর্থ) মুঠ ছাত্র-ছাত্রী আছিল বাৰটি। তাৰে দুটামান পৰীক্ষাত উত্তীর্ণ হোৱা নাছিল। মই দ্বিতীয় স্থানত উত্তীর্ণ হৈছিলোঁ। অতি পিছপৰা আৰু স্পৰ্শকাতৰ এখন গাঁৱৰ স্কুলৰ বাৰটি ছাত্ৰ-ছাত্ৰীৰ মাজত মই দ্বিতীয় স্থান পাইছিলোঁ- মই পঢ়াত ভাল আছিলোঁ নে বেয়া আছিলোঁ, সেয়া থিৰাং কৰাটো টান। তদুপৰি আমাৰ গাঁৱৰ বিদ্যালয়ত পঢ়ি পাছত মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ উদাহৰণো তেনেই কম আছিল। এইফালৰ পৰা চাবলৈ গ’লে পঢ়ি-শুনি মোৰো যে কিবা ভৱিষ্যৎ হ’ব সেয়া একেবাৰে শূন্য আছিল। আমাৰ গাঁওখনত মেট্রিক পাছ কৰা লোকৰ সংখ্যা মাত্ৰ এজন দুজনহে আছিল। আমাৰ ঘৰত মাজু আৰু সৰু পেহীয়ে মেট্রিকলৈকে পঢ়িছিল, কিন্তু মেট্রিক পৰীক্ষাত উত্তীর্ণ হ’ব নোৱাৰি পঢ়া সামৰিছিল। ইয়াৰ বহুবছৰৰ পাছত আমাৰ পাঁচোটি ককাই-ভাই-বাইদেবে মেট্রিক পৰীক্ষাত অৱতীৰ্ণ হ’লেও কেৱল মই আৰু সৰু ভাইটিহে এই পৰীক্ষাত কৃতকার্য হৈছিলোঁ। গতিকে প্রধান শিক্ষকে দেউতাক পথাৰত ধান কঢ়িয়াই থাকোঁতে যেতিয়া সুধিছিল যে ল’ৰাটো পঢ়াত কেনেকুৱা, দেউতাই উত্তৰত নিশ্চয় ক’ব নোৱাৰিলেহেঁতেন যে ল’ৰাটো পঢ়াত ভাল নে বেয়া। এদিন দেউতাই কৈলাসপুৰ এম. ই. স্কুলত মোৰ নাম লগাই থৈ আহিলগৈ। মাঘ বিহু যোৱাৰ পাছতে মই স্কুল যাবলৈ আৰম্ভ কৰিলোঁ। স্কুললৈ যোৱাত মোৰ সংগী আছিল ককাই আৰু আমাৰ ঘৰৰ ওচৰৰ দুটামান ল’ৰা। খৰালিৰ দিনত স্কুললৈ যোৱাৰ সমস্যা নাই- আমাৰ গাঁৱৰ সন্মুখৰ পথাৰখন পাব হ’লেই স্কুল পাওঁ। পথাৰৰ মাজেৰে পোনাই গ’লে আধা ঘণ্টাতে স্কুল পাওঁগৈ। কিন্তু বাৰিষাৰ দিনত ফেনে-ফোটোকাৰে ভৰি থকা পথাৰখন পাৰ হৈ যাব নোৱাৰি। সেয়েহে গাঁৱৰ মাজৰ একা-বেঁকা মূল পথেৰে যাব লাগে। এনেকৈ গ’লে প্রায় এঘণ্টামান লাগিছিল। আমাৰ শ্ৰেণীৰ প্ৰায় সকলো ল’ৰা-ছোৱালীয়ে খোজ কাঢ়ি স্কুললৈ গৈছিল, এক বা দুয়েহে চাইকেলেৰে গৈছিল। নীলা হাফপেন্ট, বগা ছার্ট, উদং ভৰি, হাতত পাঁচটা শ্ৰেণীৰ কিতাপ আৰু বহী লৈ পুৱা ন-বজাৰ পৰা শাৰী শাৰীকৈ ল’ৰা-ছোৱালীবোৰ স্কুললৈ গৈছিল। স্কুল আৰম্ভ হৈছিল দহ বজাৰ পৰা। আমাৰ শ্রেণীত মাত্র এটি ছাত্রইহে ভৰিত জোতা পিন্ধিছিল, কিতাপ-বহীবোৰ কঢ়িয়াইছিল এটা পিঠি বেগত। এই ছাত্ৰটিৰ দেউতাকে হেনো চাকৰি কৰিছিল, তেহে সিহঁতৰ জোতা-বেগ কিনাৰ সামৰ্থ আছিল।
আমাৰ শ্ৰেণীত (পঞ্চম) পঞ্চাশটিমান ছাত্র-ছাত্রী আছিল। সৰহসংখ্যক ছাত্র-ছাত্রীয়েই আহিছিল কৈলাসপুৰৰ পৰা। আমাৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰী বেছিনাছিল। (আমাৰ গাঁৱৰ অধিকাংশ ল’ৰা-ছোৱালীয়েই স্কুললৈ যোৱা নাছিল।) শ্রেণীকোঠাটোৰ এফালে ল’ৰাবোৰ, আনফালে ছোৱালী বহিছিল। দীঘল দীঘল বেঞ্চবোৰত এখনতে পাঁচটিকৈ বহিব পৰা। স্কুল ঘৰৰ বেৰবোৰ সম্পূৰ্ণকৈ সজা নাছিল, আধালৈকেহে আছিল। তদুপৰি খিৰিকীবোৰ সদায়ে খোলা থাকিছিল। বাৰিষাৰ দিনত স্কুলৰ দুৱাৰ ভাঙি শ্ৰেণীকোঠাত গৰু সোমাই ৰাতি ৰাতি থাকিছিল। আমি পুৱা শ্ৰেণীকোঠা চাফা কৰাৰ পাছতহে পাঠদান আৰম্ভ হৈছিল।
প্রত্যেকদিনাই পুৱা ন বাজি পঞ্চল্লিশ মিনিটত প্রার্থনা আৰম্ভ হৈছিল, দহ বজাত আৰম্ভহৈছিল পাঠদান, দুপৰীয়া বাৰৰ পৰা চাৰে বাৰ বজালৈকে জিৰণিৰ সময় আছিল, তাৰ পাছত তিনি বজাত স্কুল ছুটী হৈছিল। পঞ্চমৰ পৰা দশম শ্রেণীলৈকে প্রত্যেক বছৰেই মই শ্ৰেণীটোত প্রথম হৈ উত্তীর্ণ হৈছিলোঁ। সেই হেতুকে শিক্ষকসকলে মোক বৰ মৰম কৰিছিল। আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া হোৱাৰ বাবে সপ্তম শ্ৰেণীৰ জিলা ভিত্তিক বৃত্তি পৰীক্ষাত মোৰ পৰীক্ষাৰ মাচুল ৰেহাই দিয়া হৈছিল। আচৰিত ধৰণেৰে এই সময়ছোৱাত মোৰ পঢ়াৰ প্ৰতি ধাউতি ইমানেইবাঢ়িছিল যে পৰীক্ষা আহিলেই মোৰ মন ৰোমাঞ্চিত হৈ উঠিছিল। এই সময়ছোৱাত প্রতিটো বিষয়ৰ প্ৰতিটো পৰীক্ষাত লাভ কৰা নম্বৰবোৰ মোৰ এতিয়াও জলজল পটপটকৈ মনত আছে। শ্রেণীকোঠাত শিক্ষকসকলে বাকী ছাত্র-ছাত্রীসকলক পঢ়াত উদ্গনি দিবলৈ প্রায়ে কৈছিল- ‘চাছোন ৰুবুলে ইমান দুখীয়া ঘৰৰ পৰা আহিও পৰীক্ষাত ইমান নম্বৰ পায়, তহঁতে কিয় নাপাবি।’ এদিন হিন্দীৰ শিক্ষকে পৰীক্ষাৰ বহী ওভতাই দিওঁতে সপ্তম শ্রেণীত পঢ়া ককাইক জেওৰা খুঁটি ভাঙি হাতত কোব দি কৈছিল- ‘ভায়েৰে ইমান নম্বৰ পায়, তোৰ লাজ নালাগে ইমান কম নম্বৰ পাবলৈ?’মই ষষ্ঠ শ্রেণীত থাকোঁতে এদিন অংকৰ ছাৰে হঠাৎ আহি নির্দেশ দিলেহি যে মই দশম শ্ৰেণীৰ কোঠালৈ যাব লাগে। মোৰ আচৰিত হোৱাৰ পাল। মই নুবুজাৰ দৰে ছাৰৰ মুখলৈ চালোঁ- ‘কিয়?’ ছাৰে ক’লে- ‘মোৰ সৈতে আহচোন।’ উপায়ন্তৰত মই ছাৰৰ পিছল’লোঁ। ভিতৰি ভিতৰি ভয় খালোঁ- মোক শাস্তি দিব বিচৰা নাইতো? স্কুল ঘৰৰ একেবাৰে অন্যটো মূৰত দশম শ্ৰেণীৰ কোঠাটো। গৈ পাওঁমানে মোৰ বুকু দুৰু দুৰু কঁপিবলৈ ধৰিলে। ভীতি আৰু উত্তেজনাত দশম শ্ৰেণীৰ কোঠাত সোমালোঁ। ছাৰে শ্রেণীকোঠাত থকা ছাত্র-ছাত্ৰীৰ উদ্দেশ্যি ক’লে, ‘ব’ৰ্ডত থকা অংকটো ৰুবুলে কৰি দিব।’ মই শংকিত হৈ উঠিলোঁ। দশম শ্ৰেণীৰ পাঠ্যপুথিৰ এটা অংক কৰাটো ষষ্ঠ শ্ৰেণীৰ এটা ছাত্ৰৰ বাবে কেনেকৈ সম্ভব? কিন্তু নির্দেশ দি ছাৰ ওলাই গ’ল। মই বন্দী হৈ ৰ’লোঁ দশম শ্ৰেণী কোঠাত। মোৰ সন্মুখত এখন বৃহৎ ক’লা বৰ্ড। মোৰ পিঠিফালে শ্ৰেণীৰ ছাত্ৰ-ছাত্রীসকল। এই ছাত্র-ছাত্ৰীসকলৰ মাজতে কোনোবা কোণত বহি আছে মোৰ নিজা বাইদেউ। পিছফালৰ পৰা দুটামান ছাত্রই চিঞৰিছিল- ‘অই হ’ব হ’ব, নোৱাৰ যদি যাগৈ যা।’ মই ব’ৰ্ডত পাতি থৈ দিয়া অংকটোলৈ চাইছোঁ। পাৰিমনে? মোৰ মগজুত দেখোন একোকে সোমোৱা নাই। সব খেলি মেলি লাগি গৈছে। আৰু হঠাৎ মোৰ মনত পৰি গ’ল। কেইদিনমানৰ আগতে গণিতৰ পাঠত শিকোৱা অংকটোৰ ফর্মুলাটো মনত পৰি গ’ল। পূৰণৰ এইনতুন সূত্ৰটো কিছুদিনৰ আগতেহে শিকাইছিল ছাৰে। মই তৎক্ষণাৎ ব’ৰ্ডত অংকটো কৰি শ্ৰেণীকোঠাৰ পৰা ওলাই দৌৰিবলৈ ধৰিলোঁ। ষষ্ঠ শ্ৰেণীৰ কোঠাৰফালে দৌৰি যাওঁতে গোটেই স্কুলখনৰ ছাত্ৰ-ছাত্ৰীয়ে দুৱাৰ-খিৰিকীৰ মুখত জুম বান্ধি মোলৈ চাই আছিল। দুপৰীয়া পানী খোৱাৰ ছুটীৰ সময়ত মই শ্ৰেণীকোঠাৰ এচুকত বহি আছিলোঁ। ওপৰৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰে মোক চাবলৈ আমাৰ শ্ৰেণীকোঠালৈ আহিছিল। বাইদেউৰ লগৰবোৰে আহি কৈছিল- ‘মাতুৰ ভায়েক কোনটো চাওঁ।’ মই লাজত সেমেনা-সেমেনিকৈ চুক এটাত বহি আছিলোঁ। মোৰ ভয় হৈছিল- অংকৰ উত্তৰ যদি ভুল হয় তেন্তে ছাৰে আহি মোক শাস্তি দিব। কিন্তু সেইদিনা ছাৰ আমাৰ শ্ৰেণীকোঠালৈ দ্বিতীয়বাৰ অহা নাছিল। স্কুল ছুটী হোৱাত মই দৌৰা-দৌৰিকৈ পথাৰৰ মাজেৰে ঘৰলৈ গৈছিলোঁ। ৰাতি শোৱাৰ পৰত দেউতাই মাক কৈছিল- ‘আজি সৰুদৌৱে দশম শ্রেণীত গৈ অংক কৰি থৈ আহিল। এদিন ই মেট্রিক পাছ কৰিবই চাবি। আমাৰ বংশৰ প্ৰথম মেট্রিক পাছ হ’ব।’ সেইবছৰ স্কুলৰ বাৰ্ষিক ক্রীড়া সপ্তাহৰ সমাৰোহত আমাৰ অংকৰ ছাৰে মোক স্কুলখনৰ শ্রেষ্ঠ ছাত্র হিচাপে ঘোষণা কৰিছিল।