ইছলাম আৰু শিখ ধৰ্মাৱলম্বী

লোকৰ আগমন

এইখিনিতে উল্লেখ কৰিব লাগিব যে পোন্ধৰ শতিকাপর্যন্ত দিল্লী আৰু বংগৰ শাসনকতাই অসমক দহহ্বাৰ আক্ৰমণ কৰিছিল। ইয়াৰ উপৰি আহোম-মোগলৰ দীঘলীয়া সংঘাতৰ কথাও আমিও পূর্বতে কিছু সংক্ষেপে ব্যক্ত কৰিছোঁ। পূৰ্বতে কামৰূপৰ শাসনকৰ্তাৰ লগত আৰু পাছত আহোম ৰজাৰ লগত হোৱা মুছলনাম সকলৰ দীৰ্ঘদিনীয়া সংঘাতৰ সময়ছোৱাত যুদ্ধক্ষেত্ৰৰ বাহিৰেও আন কেইটামান গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে। অসমীয়াৰ বৰ্তমানৰ সামূহিক পৰিচয়ৰ ক্ষেত্ৰত সেই ঘটনা কেইটাৰ অৱদানো কম নহয়।

প্ৰথমটো ঘটনা পোন্ধৰ শতিকাৰ শেষৰ ফালৰ। এবাৰ বংগৰ চুলতানে কামৰূপৰ হাজোপর্যন্ত অধিকাৰ কৰিছিল। চুলতানে পাছত তেওঁৰ দুজন সেনাপতিক এই সমতলৰ শাসনকর্তা নিয়োগ কৰে। গিয়াছুদ্দিন আউলিয়া নামৰ সেনাপতিজন দৰাচলতে আছিল এজন সন্ত। তেওঁ হাজোৰ এটা টিলাৰ ওপৰত এটা মছজিদ স্থাপন কৰে। সেইটো অঞ্চলেই বর্তমান পোৱামক্কা বুলি জনাজাত। তেওঁৰ সমাধিস্থল হিন্দু আৰু মুছলমান দুয়োটা সম্প্রদায়ৰে বাবে পবিত্র স্থান ৰূপে পৰিগণিত হৈছে। অসমীয়া স্বাভিমানৰ মাজত যে বীৰত্ব আৰু পৰাক্ৰমৰ লগতে অবিস্মৰণীয় উদাৰতায়ো অন্তর্লীন হৈ থাকি ইয়াক এটা অনন্য মাত্রা প্রদান কৰিছে, তাৰ প্ৰমাণ পোৱামক্কাৰ দৰে তীৰ্থস্থানৰ প্ৰতি সকলো ধৰ্মৰ খিলঞ্জীয়া মানুহে প্ৰকাশ কৰা সন্মানৰ ভাবত প্রতিফলিত হয়। পৰৱৰ্তী সময়ত ধর্মীয় কাৰণত ইৰাকৰ বাগদাদৰ পৰা আহি আহোম ৰাজ্যত প্রবেশ কৰা শ্বাহ মিৰান বা আজান পীৰৰ উদাৰ বাণীয়েও অসমৰ মুছলমান সকলৰ দৃষ্টিভংগী অধিক উদাৰ আৰু পূৰঠ কৰি তুলিছে। ধৰ্মৰ বাহ্যিক আৱৰণতকৈ মূল শাহটোৰ দ্বাৰা বেছিকৈ প্ৰভাৱান্বিত হোৱা আজানপীৰৰ দৰে মহান চুফী সন্তজনৰ মনোজগত আৰু সৃষ্টিকৰ্মৰ মাজত শংকৰ-মাধৱ প্ৰচাৰিত এক শৰণ নামধৰ্মৰ উদাৰ প্ৰভাৱো সুষ্পষ্ট ৰূপত প্রতিফলিত হৈছে। অসমত বহুল ভাবে প্রচলিত নাম-প্রসংগ আৰু দেহ বিচাৰৰ গীতৰ আর্হিত আজান পীৰে অসমীয়া ভাষাত জিকিৰ ৰচনা কৰিছিল। আজানপীৰে তেওঁৰ অসামান্য প্রতিভাবে সৃষ্টি কৰা বিভিন্ন শৈল্পিক কৰ্মত যি উদাৰতাৰ বাণী সঞ্চাৰ কৰিছিল, তাৰ শীতল বতাহ ছাটিয়ে অসমত হিন্দু-মুছলমানৰ মাজত ক্ৰমাৎ শক্তিশালী হৈ অহা একতাৰ ভাবকো প্রভান্বিত কৰিছিল। সেয়েহে স্বাভিমানী অসমীয়াই বিনাসংকোচে অসমক শংকৰ-আজানৰ দেশ বুলি কৈ এতিয়াও তৃপ্ত হয়।

দ্বিতীয়তে অসমত জন্ম গ্রহণ কৰা মুছলমানসকলে প্ৰথম পুৰুষৰ পৰাই অসমীয়া তেজ লৈ জন্ম ল’লে। কিয়নো যুদ্ধ কৰিবলৈ অহা যিবোৰ সৈন্য-সামন্ত ইয়াত ৰৈ গ’ল, তেওঁলোকে স্থানীয় ছোৱালীৰ পাণি গ্রহণ কৰি ইয়াতে ঘৰ-বাৰী পাতিলে। অসমীয়া মাতৃৰ প্ৰভাৱত অসমীয়া ভাষা, সাজপাৰ, আচাৰ-ব্যৱহাৰ, লোকবিশ্বাস আদিৰো প্ৰভাৱ সুষ্পষ্ট ভাবে সতি সন্ততিৰ ওপৰত থাকি গ’ল। লাহে লাহে জাতিভেদ প্ৰথাৰ কঠোৰতা নথকা ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ বহু তথাকথিতভাৱে নিম্ন বৰ্ণৰ হিন্দুলোকো ধৰ্মান্তৰিত হ’ল। কিন্তু তাৎপর্যপূর্ণ কথা -ধর্ম যিয়েই নহওক কিয় তেওঁলোকৰ প্ৰাথমিক পৰিচয় অসমীয়া হৈয়েই থাকিল। অসমীয়াৰ স্বাভিমানক আৰু অধিক পোহৰাই তুলিব পৰা এই অসমীয়াত্বৰ প্ৰভাৱে আধুনিক কালতো সংকীর্ণ ধর্মীয় চিন্তা-চেতনাক সৰহসংখ্যক মানুহৰ মনৰ পৰা নিলগাই ৰাখিবলৈ সক্ষম হৈছে। মিৰজুমলাৰ লগত অহা ছাহাবুদ্দিন তালিচ নামৰ ইতিহাসবিদগৰাকীয়ে অসমৰ মুছলমানসকলক দেখি স্তম্ভিত হৈছিল। নামটোৰ বাহিৰে জীৱন যাপনৰ সকলো পদ্ধতিত ইছলাম ধর্মীয় প্রভাৱতকৈ অসমীয়া প্ৰভাৱৰ গভীৰতাৰ কথা ছাহাবুদ্দিনে স্পষ্ট ভাষাত লিখি থৈ গৈছে। সংখ্যাৰ পিনৰ পৰা বেছি লেখত ল’বলগীয়া নহ’লেও শিখ ধর্মাবলম্বী লোকসকলৰ কিছু কৰ্ময়ো অসমীয়া মানুহৰ স্বাভিমান বৃদ্ধি কৰিছে। অসমীয়া শিখসকলৰ উপৰিপুৰুষ সৈনিক হিচাপেই ইয়ালৈ আহিছিল। বিশেষকৈ মোগল সেনাপতি ৰামসিংহৰ সৈন্যবাহিনীৰ লগত অহা অনেক শিখ যোদ্ধাই পাছলৈ স্থানীয় যুৱতীৰ লগত বৈবাহিক সম্পর্ক স্থাপন কৰি অসমতে স্থায়ীভাবে থাকি গ’ল। ৰামসিংহৰ লগত অহা শিখগুৰু টেগবাহাদুৰে ১৬৭১ খ্ৰীষ্টাব্দত বঙামাটিত অসমৰ প্ৰথম গুৰদ্বাৰটো স্থাপন কৰে। অসমীয়া মুছলমানসকলৰ দৰে অসমীয়া শিখসকলৰো ধৰ্মটোৰ বাদে ভাষা-সংস্কৃতি, জীৱন যাপনৰ পদ্ধতি সকলোবোৰহে অসমীয়া। মুছলমানসকলৰ দৰে অসমীয়া শিখসকলৰ মাজৰ বহু লোকেও অসমৰ বিভিন্ন আন্দোলনত প্রাণআহুতি দি নিজৰ বিৰল অসমপ্ৰেমৰ দৃষ্টান্ত দাঙি ধৰিছে। ভাৰতৰ অন্যান্য ৰাজ্যত সততে দেখিবলৈ নোপোৱা অসমীয়া মুছলমান আৰু অসমীয়া শিখসকলে যিধৰণে অসমীয়াত্বৰ উদাৰ গৰ্ভত লীন গৈ জাতিটোৰ ধৰ্মনিৰপেক্ষ চেতনা আৰু অদ্বিতীয় উদাৰতাৰ মাজত বৰ্ণনাতীত প্রাণচঞ্চলতা প্রদান কৰিলে, সেয়া প্ৰকৃতাৰ্থত আমাৰ জাতিটোৰ এক প্রচণ্ড শক্তি। এই শক্তিয়ে আমাৰ স্বাভিমানৰ ভেটি মজবুত কৰি তুলিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top