আমাৰ ঘৰলৈ অহা মাকুমৰজনৰ আচল ঘৰ মাকুমত নাছিল, তেওঁ লখিমপুৰৰ ফালৰ আছিল। তেওঁ আমাৰ ঘৰলৈ আহোঁতে খাকী ৰঙৰ দীঘল পেন্ট এটা পিন্ধি আহিছিল। আমাৰ ঘৰত থকা দুদিনতে পেহীৰ সৈতে অলেখ কথা পাতিছিল। কি পাতিছিল নাজানো; কিন্তু দুয়ো জীৱনৰ মনোবম সময়খিনি উপভোগ কৰিছিল। দ্বিতীয় দিনা মানুহজনে খাকী পেন্টটো আৰু এটা বগা হাফ গেঞ্জী পিন্ধি পিছফালৰ চোতালৰ দাঁতিতে লাগি থকা মিৰিকা টেঙাজোপাৰ কাষত বহিছিল। মেলা চুলিৰে পেহীয়ে তেওঁৰ ওচৰে-পাঁজৰে অৱস্থান কৰিছিল। দুয়ো দুয়োৰে সৈতে জীৱনৰ অনির্বচনীয় ৰংবোৰ ভগাই লৈছিল।
এই পীৰিতি-বিনোদন অৱশ্যে বেছি সময় নিটিকিল। দুদিনৰপাছতে দুয়োৰে মাজত কিবা মতান্তৰ ঘটিছিল। ফলত তিনিদিনৰ দিনা মানুহজন গ’লগৈ- পেহীৰ হৃদয় জোকাৰি থৈ। বোধকৰোঁ পেহীৰ আৰু মানুহজনৰ মাজত সেয়াই শেষ দেখা। বিমর্ষিতা পেহীয়ে এই কথাটো সহজে ল’ব পৰা নাছিল। মানুহজন গুচি যোৱাৰ পাছত পেহীয়ে হেনো কেইবাখনো চিঠি লিখিছিল তেওঁলৈ- চিঠিত আঙুলি কাটি তেজ সানি দিছিল। (অৱশ্যে পেহী বিয়া হৈ যোৱা দুবছৰমানৰ পিছত এদিন কথা ওলোৱাত মায়ে কৈছিল- তহঁতি ভাবিছ তাই আঙুলি কাটি চিঠিত তেজ লগাইছিল? তাৰ পিছত মায়ে এপৰ হাঁহি কৈছিল- ‘মই ভাজিবলৈ লোৱা কুকুৰা মাংস এডোখৰ নি তাই চিঠিত ঘঁহি দিছিল। এতিয়া বুজিলি চিঠিত কাৰ তেজ?’) পেহীয়ে চিঠিবোৰ কি কৰিছিল, সঁচাই মানুহজনলৈ পঠাইছিল নে নাই, আমি নাজানো। বিষণ্ণতাত নিমজ্জিত পেহীয়ে আহি এদিন মোক ধৰিছিলহি- ‘সৰুদৌ তই মোৰ লগত টাউনলৈ যাবি? কাকপথাৰলৈ?’ -যাম পেহী। -তই এদিনলৈ স্কুল যাব নালাগে, মোৰ লগত ওলাবি, তোেক হোটেলত মিঠাই খুৱাম। মোৰ মন উৎফুল্লিত। কাৰণ সেই সময়ত টাউনলৈ যোৱা, গাড়ীত উঠা, আৰু তাতোকৈ ডাঙৰ কথা হোটেলত সোমাই মিঠাই খোৱাৰ সমান আনন্দৰ কথা একোৱেই নাছিল। আমি হয়তো এবছৰত এদিন গাড়ী দেখিছিলোঁ। হোটেলত সোমাই মানুহে চাহ-মিঠাই খোৱাৰ কথা শুনিছিলোঁহে, নিজে কোনোদিন সোমাই পোৱা নাছিলোঁ। এদিন আমি খুব ৰাতিপুৱাই কাকপথাৰলৈ ওলাইছিলোঁ। পেহীয়ে পুরাতে গা-পা ধুই মেখেলা-চাদৰ পিন্ধি সাজি-কাচি ওলাইছিল। মোৰনো সাজিবলৈ কি- হাফপেন্ট এটা, চোলা এটা পিন্ধিলেই হ’ল। ভৰিত চেণ্ডেল পিন্ধিলোনে নাই মনত নাই, কিন্তু মোৰ শৈশৱত মই ভৰিত জোতা কেতিয়াও পিন্ধি পোৱা নাছিলোঁ। আমি এপৰ খোজ কাঢ়ি টঙনাত গৈ মিলন নামৰ বাছখনত উঠিছিলোঁগৈ। বাটত যাওঁতে মোৰ ভৰি বোকাত লুতুবি পুতুৰি হৈছিল। ঠায়ে ঠায়ে পেহীয়ে মোক দাঙি লৈছিল। তেতিয়া হয়তো আহিন-কাতি মাহেই চলি আছিল। আমি কাকপথাৰ গৈ পাওঁতে বেলি ওলাই বহুখিনি পাইছিলহি। পেহীয়ে মোক কাকপথাৰত থকা শিৱমন্দিৰলৈ লৈ গৈছিল। মন্দিৰলৈ যোৱাৰ আগতে বাটত ধূপ এপেকেট কিনি লৈছিল। মন্দিৰৰ ভিতৰত বিৰাজ কৰা শান্ত-সৌম্য পৰিৱেশৰ দৃশ্য মোৰ মনত এতিয়াও স্পষ্টকৈ ভাহি উঠে। সেইদিনা পেহীয়ে ধূপ জ্বলাই, মন্দিৰৰ মজিয়াত পৰি গভীৰ আকৃতিৰে প্ৰাৰ্থনা কৰিছিল। বহুপৰলৈকে পেহী মজিয়াতে পৰি আছিল। মই চুচুক-চামাককৈ ইফালে সিফালে মন্দিৰৰ চৌহদ চাইছিলোঁ। পেহীয়ে প্রার্থনা শেষ কৰি যেতিয়া মজিয়াৰ পৰা উঠিছিল, তেতিয়া পেহীৰ অশ্রুসিক্ত চকুযুৰি দেখিছিলোঁ; দেখিছিলোঁ সেই চকুত লুকাই থকা বেদনাৰ ছাঁ। পেহীৰ চকু দুটা ৰঙা পৰি আছিল, গালত বহি আছিল চকুলো বৈ যোৱাৰ চিন। ওভতনি যাত্রা মনত নাই, কিন্তু সেইদিনা ৰাতি শোওঁতে আইতাই গোপনে সুধিছিল- -ঐ, তই আজি পেহীয়েৰৰ লগত গৈছিলি নহয়, পেহীয়েৰে কি কৰিছিল? -পেহী মন্দিৰলৈ গৈছিল। -তাৰপাছত? -মন্দিৰত প্ৰাৰ্থনা কৰিছিল। -তোেক হোটেলত মিঠাই খুৱাব বুলি কৈছিল, খুৱালেনে নাই? নাই। -দেখিলি, তোক পেহীৰে ঠগিলে। তাৰ পিছত আইতা বহুপৰ নিশ্চুপ হৈ শুই আছিল। পিছত, আইতাই মোৰ মূৰত হাত বুলাই সুধিছিল- -পেহীয়েৰে মন্দিৰত সোমাই কান্দিছিল নেকি? -অ কান্দিছিল। আপুনি কেনেকৈ জানিলে? আইতাই আৰু একো উত্তৰ দিয়া নাছিল। অলপ পাছত আইতাই কেইবাবাৰো নাক উজাইছিল। মই বুজি উঠিছিলোঁ যে ইতিমধ্যেই আইতাৰ গালতো তপত চকুলো বাগৰি গৈছিল।
কি আছিল সেই অশ্রু নিসৰণৰ কাৰণ? পেহীক এঘৰলৈ উলিয়াই দিব নোৱৰাৰ বোজাই আনি দিয়া উদ্বিগ্নতা? আইতাৰ এই উদ্বিগ্নতা অৱশ্যে বেছিদিন নাথাকিল। কাৰণ যিদিনা দেউতাই আইতাক ‘আলহীৰ লগত কথা পাতিব নাজান’ বুলি তিৰস্কাৰ কৰিছিল, সেইদিনাই ৰাতি হেনো পেহীয়ে প্রতিজ্ঞা কৰিছিল যে লাজুমৰ পৰা চাবলৈ অহাজন ক’লা হ’লেও, চাপৰ হ’লেও তেওঁৰ লগত বিয়াত বহিবই। নানান প্রতিবন্ধকতাকো নেওচি অতি শীঘ্রেই আমাৰ সৰুপেহীৰ বিয়া হৈ গৈছিল-লাজুমৰ ভুবন গগৈৰ সৈতে। আশীৰ দশকৰ শেষৰ আৰু নব্বৈ দশকৰ আৰম্ভণিৰ বছৰকেইটা অসমত আলফা আৰু মিলিটেৰীৰ সংঘাত তুংগত হৈ উঠিছিল। সংঘৰ্ষৰ এই ভৰপক সময়ছোৱাত কাকপথাৰ অঞ্চলটো হৈ পৰিছিল যুদ্ধখনৰ ভাৰকেন্দ্ৰ। সেই উত্তেজনাময় বাতাৱৰণে মোৰ দৰেই অগণন শিশুৰ শৈশৱক বাৰুকৈয়ে প্রভাৱান্বিত কৰিছিল। ইতিমধ্যে আমাৰ অঞ্চলত মিলিটেৰী প্ৰৱেশ কৰিছিল। আন্ধাৰ বৰণৰ শাৰী শাৰী মিলিটেৰীৰ গাড়ীবোৰ ডুমডুমা আৰু কাকপথাৰ হৈ ডিৰাক গেটত ৰাখিছিলহি। কেতিয়াবা ডিৰাক গেটৰ পৰা আগুৱাই চিতপানী হৈ বৰডুমচা পর্যন্ত পাইছিলগৈ। গাড়ীবোৰ চিতপানীত ৰখালে, তাতে মিলিটেৰী নামি কৈলাসপুৰ পাইছিলহি। কৈলাসপুৰৰ পৰা গাঁৱৰ ভিতৰলৈ সোমাইছিল- মদাৰখাট, নামসোলোং, শুৱনিপথাৰ ইত্যাদি ঠাইলৈকে মিলিটেৰীয়ে পিয়াপি দি ফুৰিছিল। শাৰী শাৰীকৈ অহা গাড়ীবোৰৰ মাত আমি বহুত দূৰৈৰ পৰাই শুনিছিলোঁ। মিলিটেৰীৰ গাড়ীৰ মাত শুনাৰ ঠিক এঘণ্টামানৰ পাছতে কৈলাসপুৰৰ ৰাস্তাত আমি মিলিটেৰী দেখিবলৈ পাইছিলোঁ। আমাৰ গাঁৱৰ সম্মুখত এখন বিস্তীর্ণ পথাৰ থকাৰ হেতুকে, পথাৰৰ সিটো পাৰত কৈলাসপুৰৰ পথত মিলিটেৰী আহি খোজ দিলেই আমি ঘৰৰ পদূলিৰ পৰাই সিহঁতক দেখা পাইছিলোঁ। গছৰ ছাঁৰ দৰে পোছাক পিন্ধা, শাৰী শাৰী মিলিটেৰীৰ দল যেতিয়া ভিতৰৰ গাঁওবোৰলৈ আগুৱাই গৈছিল, তেতিয়া ভয়ত আমাৰ চেতনা যোৱাৰ উপক্রম হৈছিল। মা বা আইতাই সতৰ্কৰ বাণী শুনাইছিল- আজি যাৰে ভাগ্য বেয়া তাৰে পিঠি বহল হ’ব। কেতিয়াবা মিলিটেৰীবোৰ আমাৰ গাঁৱত প্ৰৱেশ নকৰাকৈ ভিতৰৰ গাঁওবোৰলৈ গৈছিলগৈ। আৰু কেতিয়াবা আমাৰ গাঁৱলৈও সোমাই আহিছিল।
আমাৰ গাঁৱৰ ৰাস্তাত মিলিটেৰী দেখা মাত্রকে মাহঁতে চেপা মাতেৰে আমাক নির্দেশ দিছিল- ‘ল’ৰাহঁত, এতিয়াই ঘৰৰ ভিতৰ সোমা, পদূলিত মিলিটেৰী।’ ভয় আৰু উত্তেজনাত আমি দৌৰি ঘৰৰ ভিতৰ সোমাইছিলোঁ। প্রাপ্তবয়স্ক পুৰুষসকল প্রায়ে ঘৰৰ ভিতৰত নোসোমাই হাবিৰ মাজলৈ দৌৰিছিল। কেতিয়াবা মিলিটেৰী আহি ঘৰৰ চোতালত ৰৈছিলহি। গপগপকৈ ঘৰৰ চাৰিওফালে দুপাক ঘূৰিছিল, তাৰ পাছত দুৱাৰমুখত ৰৈ চিঞৰিছিল-‘ঘৰ মে কৌন হায়?’ ভিতৰৰ পৰা আইতাই চিঞৰিছিল- ‘কোনো নাই।’ তাৰ পাছত চোতালতে অলপ পৰ ৰৈ মিলিটেৰীবোৰ গুচি গৈছিল। ঘৰৰ ভিতৰত বন্ধ হৈ ৰৈছিল এক শ্বাসরুদ্ধকৰ পৰিৱেশ। এনেকৈয়ে আহে, এনেকৈয়ে যায় তেওঁলোক, চাৰিওফালে আতংক বিয়পায়। ইফালে বাতিলৈ আলফা সংগঠনৰ সদস্যসকল আহে।
প্রায়ে, গধূলিৰ সাঁজ খোৱাৰ পাছতে আমি শোৱা-পাটীত পৰিছিলোঁগৈ। গাঁৱৰ নির্জন বাতাৱৰণ। ফুট গধূলিতে মানুহবোৰ শুইছিল। যেন গোটেই গাঁওখনেই নিদ্রামগ্ন। আমি এঘুমটিমান মৰাৰ পাছত বাহিৰত, ৰাস্তাত, কুকুৰবোৰে বৰকৈ ভুকিছিল। সাৰ পাই, কুকুৰৰ ভুকভুকনি শুনিয়েই আমি গম পাইছিলোঁ যে সংগঠনৰ সদস্যসকল গাঁৱত ঘূৰি ফুৰিছে। খন্তেকতে আহি তেওঁলোক আমাৰ ঘৰ পাইছিলহি। ঘৰটোৰ চাৰিওফালে এপাক ঘূৰি দুৱাৰমুখত থিয় দি সুধিছিলহি- ‘দদাইদেও টোপনি গ’ল নেকি?’ দুৱাৰত দুবাৰমান ঢকিয়াই, তাৰ পিছত আকৌ ‘দুৱাৰ খোলঁক, আমি আহিছোঁ।’ চকামকাকৈ সাৰ পাই দেউতাই দুৱাৰখন খুলি দিবলৈ গৈছিল। লগে লগে পাঁচজন সদস্য ঘৰৰ ভিতৰলৈ সোমাই আহিছিল। লগত কঢ়িয়াই অনা বয়বস্তু আৰু অস্ত্র-শস্ত্ৰবোৰ মজিয়াত থৈ দেউতাক কৈছিল- ‘আমাক শুবৰ বাবে যোগাৰ কৰি দিয়ক আৰু আপোনালোকো শোৱকগৈ।’ মা আহি দেউতা শোৱা চাংখন আজৰাই দিছিল। তাতেই সংগঠনৰ সদস্যসকল শুইছিল, ৰাতিটোৰ বাবে।
এইদৰেই বহু আহিছিল, বহু গৈছিল। কিন্তু এবাৰ অহা কেইজনমান সদস্যৰ কথাই আমাৰ ল’ৰালি মনত ভালকৈ সাঁচ বহুৱাই থৈ গৈছিল। তেওঁলোক আহিছিল মাজনিশা। গাঁওখন নিহপালী দি শুই থকাৰ পৰত। কাতি মাহৰ হিমচেঁচা শীতকো নেওচি তেওঁলোক ওলাইছিলহি। কুকুৰে ৰাউচি পাৰোঁতেই দেউতাই সাৰ পাই গৈছিল- ‘ইমান ৰাতি ক’ৰ পৰানো ওলালহি অ’, গধূলিতে আহিব নোৱাৰে জানো ইহঁত?’ পিছে দুৱাৰ খুলি দেউতাই দেখিলে এজন এজনকৈ সংগঠনৰ দহজন সদস্য। দেউতাই চিন্তিত হৈ ক’লে- ‘আমাৰ ঘৰত দহজন নধৰিব নহয় বোপাহঁত।’ দেউতাই আমাৰ ঘৰত আটাইকেইজন নধৰিব বোলাত তেওঁলোকৰ দলপতিজনে পাঁচজনক কাষৰ বৰতাহঁতৰ ঘৰলৈ পঠাই দিলে। পিছদিনা পুৱা তেওঁলোক আমাৰ ঘৰৰ মানুহতকৈ আগেয়ে শোৱাৰ পৰা উঠিল। খেনোৱে কেঁচা তামোলৰ বাকলিৰে আৰু খেনোৱে এঙাৰেৰে দাঁত ঘঁহিলে। মুখ ধুবলৈ মায়ে পিতলৰ ঘটিত পানী আনি দিলে। ঘটিৰ পৰা পানী বাকী বাকী চোতালৰ ববাবটেঙাজোপাৰ কাষতে আটায়ে মুখ ধুলে। মুখ ধুই হোৱাৰ পিছত মায়ে আটাইকে পানী খাবলৈ মাতিল- গিলাচত চেনি নিদিয়া গৰম পানী, লগত এডোখৰকৈ গুৰ। পানী দিবৰ সময়ত মায়ে সুধিলে- ‘আপোনালোকৰ ঘৰ ক’ত ক’ত?’ শকত, চাপৰ জনেই মাত মাতিছিল- ‘মই শিৱসাগৰৰ।’ তাৰ পাছত তেওঁ এজন এজনকৈ চিনাকি কৰাই দিছিল- ‘এওঁ ধলাৰ, এওঁ বৰালীৰ।’ অনুমান কৰা হৈছিল যে সেই শকতজনৰ নেতৃত্বত বাকীকেইজন আমাৰ ঘৰলৈ আহিছিল। তেওঁ সময়ে সময়ে, কর্তৃত্বসুলভেবে বাকীকেইজনক ইটো সিটো কৰিবলৈ আদেশ দিছিল।
দুপৰীয়ালৈ আটাইকেইজনে তেওঁলোকে কোঠাটোৰ মজিয়াত বহি লগত অনা অস্ত্র-শস্ত্ৰবোৰ পৰীক্ষা কৰি আছিল। আমি ল’ৰাহঁতে দুৱাৰৰ কাষত বৈ জুমি জুমি চাইছিলোঁ। তেওঁলোকে যুদ্ধত ব্যৱহাৰ কৰা অশেষ বস্তু আনিছিল। প্রত্যেকৰে হাতত আছিল একোটাকৈ এ. কে. ৪৭। কঁকালত মেৰিয়াই থ’ব পৰা এপাত বেল্টত অলেখ হেও গ্রেণেড ওলোমাই থোৱা আছিল। এটা প্রকাণ্ড পিঠিত লোৱা বেগ- য’ত সোমাই আছিল কাপোৰ, জৰুৰীকালীন প্রাথমিক চিকিৎসা-সামগ্রী, মেপ, গুলী-বাৰুদ ইত্যাদি। ৰবাবটেঙাটোৰ সমান ধাতুৰ পাত্ৰ এটাত হেনো পানী কঢ়িয়াই লৈ ফুৰিছিল। এই পাত্ৰটো ককাঁলত ওলোমাই থ’ব পাৰি। এজনে এনে এটা পাত্ৰ আমাৰ ওচৰলৈ দলিয়াই দি চিঞৰি উঠিছিল- ‘ব’ম ফুটিল, ব’ম ফুটিল।’ আমি ভয়ত ব্রাসিত হৈ উঠিছিলোঁ। এজনে আমাৰ অৱস্থা দেখি বৰ ৰং পাইছিল। ৰঙতে হাঁহি হাঁহি কৈছিল- ‘ভয় নকৰিবি আহ’। শকতজনে আমাক উদ্দেশ্যি কৈছিল- ‘আহচোন আহ, আমি কি কি আনিছোঁ চাবি আহ।’ আমি তেওঁলোকৰ কাষতে মজিয়াত বহি লৈছিলোঁ। লক্ষ্য কৰিছিলোঁ, তেওঁলোকে কঢ়িয়াই লৈ ফুৰা বস্তুবোৰৰ অ’ত ত’ত তেজৰ চেকুৰা। আনকি পিন্ধি থকা কাপোৰতো তেজৰ দাগ। দাগ লাগি আছিল অস্ত্র-শস্ত্ৰবোৰতো। শকতজনে কৈছিল- ‘ল এইখন তিতা কপোৰ ল আৰু এই এ. কে. ৪৭ টোত লাগি থকা তেজবোৰ মোহাৰি চাফা কৰ।’ এজনৰ ভৰিত এডোখৰ কটা ঘা। অন্য এজনে ঘাডোখৰ ফটা কাপোৰ এখনেৰে বান্ধি দিছিল। বান্ধি বান্ধি তেওঁ ধেমালিৰে কৈছিল- ‘গুলী আহি ভাগ্যে ভৰিত লাগিল, মূৰত লগা হ’লে ইমানপৰে ইপুৰী পালিগৈহেঁতেন।’ এনেতে দেউতাই আহি সুধিছিলহি- ‘পিছে ইমানবোৰ তেজৰ চেকা ক’ত লাগিল?’ শকতজনে কৈছিল- ‘সিদিনা টেঙাপানীত মিলিটেৰীৰে সৈতে আমাৰ যুদ্ধ হ’ল, তাতেই লাগি আহিল।’ তাৰ পাছত তেওঁ যুদ্ধত প্রতিপক্ষক হৰুৱাই তেওঁলোক এইখিনি কেনেকৈ পালেহি তাৰে এটি বিৱৰণ দিবলৈ ধৰিলে- ‘টেঙাপানীলৈ মিলিটেৰী আহিব বুলি আমি আগতীয়াকৈ খবৰ পোৱাত আমি সেই ঠাইত দুদিনমানৰ আগৰ পৰাই আছিলোঁগৈ। পথৰ এডোখৰ নিৰ্জন ঠাইত আমি বোমা পাতিছিলোঁ। বোমা পাতি থোৱা ঠাইত ওচৰতে দুঘৰমান মানুহ আছিল, আমি তাৰ পৰাই সকলো নিয়ন্ত্রণ কৰি আছিলোঁ। বোমা বিস্ফোৰণৰ আগে আগে আমি পথৰ দাঁতিৰ দ খাৱৈত লুকাই আছিলোঁ। মিলিটেৰী গাড়ী বোমা পাতি থোৱা ঠাই পোৱাৰ লগে লগে